ভাৰতত ধৰ্মীয় বিৱতৰ্ন      

  ভাৰতৰ মৌৰ্য সাম্ৰাজ্য উহুানৰ আগেয়ে মানুহে পৰম্পৰাগতভাৱে বিভিন্ন গেৱ-দেৱী, জীৱ-জন্তু, গছ-লতা আদিক পুজা- অৰ্চনা কৰিছিলছ। নগৰ-চহৰৰ উহুান, ব্যৱসায় -বাণিজ্যৰ সম্প্ৰসাৰণ আৰু সাম্ৰাজ্য 

    স্থাপনৰ লগে লগে মানুহৰ মাজত সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন দেখা দিয়ে । ব্যৱসায়-বাণিজ্য

    সম্প্ৰসাৰণে মানুহৰক বৃত্তিমুখী কৰি তোলাৰ লগতে অৰ্থনৈতিকভাৱে টনকিয়াল কৰি তুলিছিল। এনেদৰে 

   ক্ৰমাগতভাৱে সলনি হ'বলৈ ধৰা সমাজত নতুন আৰু প্ৰাচিন চিন্তা-ধাৰাৰ মাজত সংঘাতে দেখা দিছিল। 

   সামাজিক ক্ষেত্ৰত উচ্চ-নীচৰ ব্যৱধান, সম্ভ্ৰান্তসকলৰ একচেটিয়া সা-সুবিধা, কঠোৰ ধৰ্মীয় নীতি-   

    নিয়মসমুহ মানুহে ক্ৰমান্বয়ে মানিবলৈ টান পাই আহিছিল। সেয়েহে মানুহৰ মনত নতুন ধৰ্মীয় আৰু সামাজিক চিন্তাধাৰাৰ ভাব আহি পৰিছিল। বিভিন্ন অঞ্চলত তপস্বী, দাৰ্শনিক আৰুচিন্তাবিদে নতুন নতুন ধৰ্মীয় ভাবধাৰাৰ সৃষ্ঠি কৰি প্ৰচাৰ কৰিছিল। ইয়াত ভিতৰত জৈন আৰু বৌদ্ধ ধৰ্মৰ ভাবধাৰাই মানুহক বিশেষভাৱে আকৰ্ষিত কৰিছিল। কাৰণ এই দুই ধৰ্মত কৈছিল যে ব্যাক্তিগত চেষ্টাৰ দ্বাৰা কঠোৰ অনুশাসন আৰু সংযমৰ জৰিয়তে মানুহে পাৰ্থিব লাভ, মোহ, স্বাৰ্থৰ উৰ্ধত থাকি মোক্ষ লাভৰ চিন্তা কৰিব লাগে । 

 'ভগৱানৰ  প্ৰতি একান্ত ভক্তিয়েই মানুহক সকলো বান্ধোন পৰা মুক্তি দিয়ে'  ভাগৱত গীতাৰ এই আদকৰ্শও সেই  সময়ত বেছি জনপ্ৰিয় হৈ উঠিছিল । পিছলৈ হিন্দু ধৰ্মৰ পুনৰ উহুানৰ লগে লগে শিৱ, বিষ্ণুৰ লগতে স্থানীয় অন্যান্য দেৱদেৱীৰো পূজা-অৰ্চনা সমান্তৰালভাৱে চলিছিল । উল্লেখযোগ্য যে পুৰাণৰ  পূজা-অৰ্চনা  সমান্তৰালভাৱে চলিছিল ।  উল্লেখযোগ্য় যে পুৰণাৰ পূজা পদ্ধতিও এই সময়ত জনপ্ৰিয় হৈ উঠিছিল । একান্ত ভক্তিৰ যোগেদি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে ভগৱানত লাভ কৰিব পাৰে- পুৰাণসমূহেও এই আপ্ত বাক্য মানি লৈছিল । ভক্তিৰ ধাৰণা ইমানেই জনপ্ৰিয় হৈ উঠিছিল যে বৌদ্ধ আৰু জৈন ধৰ্মাৱলম্বীসকলেও এই কথা স্বাকাৰ কৰি লৈছিল । 

 ভক্তিবাদনো কি ?

আভিধানক অৰ্থত ভক্তি বোলেতে ঈশ্বৰৰপ্ৰতি গভীৰ আনুগত্য আৰু শ্ৰদ্ধাক বুজায় । পুজনীয়সকলৰ শ্ৰদ্ধা দেখুৱাকো ভক্তি বুলি কোৱা হয় । ভাৰতীয় সংস্কীতিৰ গৌৰৱময় দিশবোৰৰ ভিতৰত অন্যতম হ'ল ভক্তি। ভক্তি হ'ল এক মানসিক অৱস্থা । ইয়াৰ যোগদি ভক্তই ভগবানৰ ওচৰত নিজকে সমৰ্পণ কৰি ঐশ্বৰিক  আনন্দ লাভ কৰে । বৈদিক সাহিত্যৰ উপনিষদত পোন প্ৰথমে ভক্তি শব্দৰ উল্লেখ পোৱা যায় । ভগৱানৰ লগত মানৱ আত্মাৰ মিলন ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওচৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ। 

 ভক্তিবাদৰ উহুান :

 খৃষ্টীয় সপ্তম শতিকাৰ পৰা দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰচ্ আৰু নায়নাৰ নামৰ সম্প্ৰদায় দুটাই ভক্তিবাদৰ ধাৰণাৰে সামাজিক জাগৰণ প্ৰয়াস কৰিছিল । আলভআৰট্সকল বৈষ্ণৱ পন্থী আহিল।  আনহাতে নায়নাৰসকল শৈৱপন্থী আছিল । আলভাৰচ্সকল বিষ্ণু উপাসক হোৱা বাবে তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল । অহং ভাববোৰ ত্যাগ কৰি ভগৱান ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ হয় । মানুহৰ মাজতে ভগৱানক পাব পাৰি । গতিকে জীৱ প্ৰেমেই আধাৰ । এনেদৰে আলভাৰচ্সকলে ভাৰতীয় সংস্কৃতিত ৱৈষ্ণৱ আন্দোলনৰ নতুন ধাৰা এটা সংযোজন ঘটালে । তেওঁলোকে ভক্তিবাদৰ ধাৰণাবোৰক গীত-মাতৰ জৰিয়তে প্ৰচাৰ কৰিছিল । দাক্ষিণাত্যত এই ভক্তি আন্দোলনৰ ধাৰা খ্ৰীষ্টীয় ১১ শতিকা পৰ্যন্ত বৰ্তি আছিল। সেই সময়ত ইয়াৰ মুখ্য পৃষ্ঠপোষক আছিল ৰামানুজ । আলভাৰচ্ আৰু নায়নাৰসকলক সমসাময়িকভাৱে দক্ষিণৰ কেৰালা ৰাজ্যতো ভক্তিৰ ওচৰত শস্কৰচাৰ্যৰ নেতৃত্বত এক দাৰ্শনিক ধৰ্মীয় মতবাদৰ উহুান হৈছিল। শস্কৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী । তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনে পাৰ্থক্য নাই । মানুহৰ মাজতে ভগৱান বিদ্যমান ।ৎজ্ঞান আৰু ৎকৰ্মৰ যোগেদি মানুহে মুুক্তি লাভ কৰিব পাৰে। এইটোৱেই অদ্বৈবাদৰ মূল কথা। এইদৰে ভক্তিবাদৰ নতুন নতুন ধ্যান-ধাৰণাই ভাৰতীয় সমাজ আৰু সংস্কৃতিত প্ৰভাৱ বিস্তাৰ কৰিলে । ক্ৰমান্বয়ে ভক্তিবাদৰ পৰিসৰ বহল হ'ল। ঈশ্বৰৰ প্ৰতি থকা । শ্ৰদ্বাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তিৰ উপাসনাৰ মাধ্যমেৰে সমাজ -সংস্কাৰ কৰি সৰ্ব- সাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধন কৰা কাৰ্যকো ভক্তিৰ অন্তৰ্ভুক্ত বুলি বিবেচনা কৰা হ'ল । মধ্য যুগৰ এনেধৰণৰ ভক্তিবাদী আন্দোলনে উত্তৰ আৰু উত্তৰ-পূব ভাৰতত বিস্তৰ ৰূপত প্ৰকাশ পায় । এইদৰে সমগ্ৰ ভাৰততে ভক্তিবাদ জনপ্ৰিয় হৈ উঠে।মধ্যযুগত  ভাৰতত কিছুমান নতুন নতুন প্ৰত্যাহবান আহি পৰিছিল যাৰ ফলত ভক্তি বিষয়ক অনেক মতাবাদে  সেই সময়ত আধ্যাত্মিক আৰু বৌদ্ধিক জাগৰণৰ সৃষ্টি কৰিছিল । হিন্দু ধৰ্মৰ কঠোৰ নীতি-নিয়ম, জাতি  ভেদ প্ৰথা, উচ্চ-নীচ, ধনী-দুখীয়া আদি পাৰ্থক্যই সমাজৰ নিম্ন শ্ৰেণীৰ সনসাধাৰণক বাৰুকৈয়ে  অতিষ্ঠ কৰি তুলিছিল । তেওঁলোকে সততে ইয়াৰ পৰা মুক্তি বিচাৰিছিল। শস্কৰাচাৰ্যৰ দৰে পণ্ৰিতসকলে এই ক্ষেত্ৰত পথ দেখুৱালেও তেওঁলোকৰ দাৰ্শনিক মতাবদ সৰ্বসাধাৰণ লোকৰ বিশেষ বোধগম্য হোৱা নাছিল । আন্যহাতেদি খ্ৰীষ্টীয় নৱম শতিকাৰপৰা ভাৰতত ইছালম ধৰ্মাৱলম্বী তুৰ্কী-আফগানসকলৰ আৱিৰ্ভাৱ ঘটিছিল । ক্ৰমান্বয়ে ভাৰতত এওঁলোকৰ শাসন নিগাজী হ'বলৈ ধৰে । সেই সময়তে মধ্য এছিয়াৰ কিছু সংখ্যাক ইছলামধৰ্মৰ প্ৰচাৰকৰো ভাৰতত প্ৰৱেশ ঘটিছিল।এওঁলোকে ভাৰতত ইছলাম ধৰ্ম প্ৰচাৰত মনোনিবেশ কৰিলে। চুলতানসকলে অনুগ্ৰহ তেওঁলোকে লাভ কৰিছিল ।ইছলাম ধৰ্মত আড়ম্বৰপূৰ্ণ যাগ-যজ্ঞ আৰু মূৰ্তি পূজা নাই । এই ধৰ্মত এজন ইশ্বৰক (আল্লা) উপাসনা কৰা হয় আৰু ঈশ্বৰৰ চকুত সকলো সমান । ফলত হিন্দু সমাজৰ একাংশ অৱহেলিত লোকো এক ধৰ্মৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰে। এনে এক পচভূমিতে হিন্দু ধৰ্ম আৰু সমাজ সংস্কাৰৰ প্ৰয়োজনীয়টা  আহি পৰে। ফলশ্ৰুতিত খ্ৰীষ্টীয় ১৩ শতিকাৰ পৰা ১৬ শতিকাৰ ভিতৰত বহুকেইজন দাৰ্শনিক, পণ্ৰিত আৰু সমাজ সংস্কাৰকৰ নেতৃত্বত ভাৰতৰ বিভিন্ন পান্তত ভক্তিবাদ বিষয়ক এক আন্দোলন গঢ়ি উঠে । কাষৰ মানচিত্ৰখনলৈ মন কৰিলে ক'ত কোনে এক ভক্তি আন্দোলন গঢ়ি তুলিছিল তাক জানিবলৈ পাৰিবাহক। ভক্তিবাদ আন্দোলন মূল কথা হ'ল ঈশ্বৰ বা সৃষ্টি কৰ্তা এজন তেওঁ সৰ্বশক্তিমান আৰু সৰ্বজ্ঞ মানুহে ইহ সংসাৰত দুখ যাতনাৰ পৰা পৰিত্ৰান পাবলৈ হ'লে ভক্তিভাৱে ভগৱানৰ নাম আৰাধনা কৰিলেই যথেষ্ট । ভদগৱান ওচৰত ধনী-দুখীয়া, উচ্চ-নীচ আদিৰ কোনো প্ৰভেদ নাই। হিন্দু ধৰ্মৰ নিচিনাকৈ ইছলাম ধৰ্মতো একে সময়তে এক উদাৰনৈতিক মতবাদে গঢ় লৈ উঠিছিল । ইয়াক 'চুফিবাদ'নামে জনা যায়।

Class 8 social science

Dimi Bora                                           




Post ID :DABP006592