Page no 43

২.১.২ দৰিদ্ৰতাৰ সীমাৰেখা (Poverty Line)   ঃ 

        দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ (Poor) আৰু অদৰিদ্ৰ (non - poor) এই দুটা ভাগত ভাগ কৰে। ভাৰতবৰ্ষৰ দৰিদ্র সীমাৰেখা

দৰিদ্ৰতাৰ সীমাৰেখাৰ বিভিন্ন ব্যাখ্যা আগবঢ়োৱা হৈছে যদিও কেলৰি (Calorie) ভিত্তিক ব্যাখ্যাটোৱে হৈছে অধিক প্রচলিত। ভাৰতৰ পৰিকল্পনা আয়ােগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞাৰ মতে গাঁও অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নােৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়। গাঁও অঞ্চলত অধিক কেলৰিৰ প্রয়ােজন। হয় কাৰণ গাঁৱলীয়া লােকৰ চহৰীয়া লােকতকৈ শাৰীৰিক পৰিশ্ৰম বেছি। নূন্যতম কেলৰি আহৰণ কৰিবলৈ চলিত দৰৰ হিচাপত গাঁও অঞ্চলত আৰু চহৰ অঞ্চলত জনমূৰি মাহিলী ব্যয়ৰ পৰিমাণ আছিল এনে ধৰণৰ一                     

 বৰ্ষ

 গ্ৰামাঞ্চল

 চহৰাঞ্চল

 ২০০০-২০০১

২০০৫-২০০৬

 ৩২৮    টকা

৩৬৮    টকা

 ৪৫৪    টকা

৫৫৮    টকা

         নকলেও হ'ব যে দ্ৰব্য়মূলক বৃদ্ধি হ'লে আৰু জনমূৰি মাহিলী ব্য়য়ৰ পৰিমাণ অপৰিৱৰ্তনীয় হৈ থাকিলে কেলৰিৰ পৰিমাণ একে হৈ নাথাকিব।




Bidyut Thakuria.





Post ID : DABP004476