উদ্ভিদৰ পৰিপুষ্ট


১.৪ মৃতজীৱীঃ

তোমালোকে শাক-পাচলি বজাৰত টোপোলা কৰি বা পেকেটত ভৰাই কাঠফুলা বিক্ৰী কৰা দেছিছা নিশ্চয়। তোমালোকে হয়তো বৰষুণৰ বতৰত পচা কাঠৰ ওপৰত গজা ছাতি সদৃশ সোপোকা গঠনৰ বেংছাতাবোৰ দেখিছা (চিত্ৰ ১.৭)। সিহঁতক জীৱন ধাৰণ কৰিবৰ বাবে কেনেধৰণৰ পৰিপোষক দৰকাক হয় আৰু সিহঁতে এইবোৰ কৰ পৰা পায় ভাবি লওঁ আহাচোন।

        এই জীৱসমূহক ভেঁকুৰ (fungi) বোলা হয়। সিহঁতে এক ভিন্ন প্ৰকাৰৰ পৰিপুষ্টি পদ্ধতিৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে । সিহঁতে মৃত আৰু গেলি পচি বস্তুৰ ওপৰত পোচক ৰস নিঃসৰণ কৰে আৰু এইবোৰ এটা দ্ৰৱণলৈ ৰূপান্তৰ কৰে। তাৰ পাছত সিহঁতে তাৰ পৰা পৰিপোষক শোষণ কৰি লয়। জীৱই মৃত আৰু গেলি-পচি যোৱা বস্তুৰপৰা দ্ৰৱণ হিচাপে পৰিপোষক শোষণ কৰাকে মৃতজীৱীয় পৰিপুষ্টি (saprotrophicnutrition) বোলা হয়। যিসমূহ উদ্ভিদে মৃতজীৱীয় পৰিপুষ্টি ব্য়ৱহাৰ কৰে সেইবোৰক মৃতজীৱী উদ্ভিদ (saprotroph) বোলা হয়।

        গৰম আৰু সেমেকা বতৰত দীৰ্ঘকালীন সময়ৰ বাবে ৰখা আচাৰ,চামৰা কাপোৰ আৰু অন্য়ান্য় সামগ্ৰীতো ভেকুঁৰ গজিব আৰু বৃদ্ধি হ'ব পাৰে।

        বৰষুণৰ বতৰত ভেঁকুৰে বহুতো সামগ্ৰী নষ্ট কৰে। ভেঁকুৰে ঘৰত কৰা ক্ষতিৰ বিষয়ে তোমালোকৰ মা-দেউতাক সোধাচোন।

        বৰষুণতে ভেঁকুৰ ৰেণুবোৰ বায়ুত ওপঙি থাকে। যেতিয়া সিহঁতে আৰ্দ্ৰ আৰু গৰম বস্তুৰ সংস্পৰ্শত আহে তেতিয়া সিহঁত অংকুৰিত হৈ বৃদ্ধি হয়। এতিয়া বাৰু তোমালোকে ধৰিব পাৰিছানে কেনেকৈ আমি আমাৰ সামগ্ৰীসমূহ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ?

        কিছুমান জীৱ একেলগে থাকে। খাদ্য় আৰু আশ্ৰয় একেলগে ভগাই লয়। ইয়াকে সহজীৱী সম্বন্ধ (symbiotic relationship) বোলা হয়। উদাহৰণস্বৰূপে কিছুমান ভেঁকুৰৰ পুষ্টি যোগান ধৰে আৰু তাৰ বিপৰীতে গছজোপাই মাটিৰপৰা পানী আৰু খনিজ লৱণ আহৰণ কৰাৰ ক্ষেত্ৰত ভেকুঁৰৰপৰা সহায় পায়। এনে সহযোগিতা গছজোপাৰ বাবে অতি প্ৰয়োজন।

        লাইকেন জীৱবিধ হৈছে ভেঁকুৰ আৰু পত্ৰহৰিৎ থকা শেলাইৰ এক সহজীৱিতা।

        ভেঁকুৰে শেলাইক আশ্ৰয়, পানী আৰু খনিজ পদাৰ্থ যোগান ধৰে আৰু ইয়াৰ পৰিৱৰ্তে শেলাইয়ে সালোক সংশ্লষণৰ জৰিয়তে প্ৰস্তুত হোৱা খাদ্য় ভেঁকুৰক যোগান ধৰে।


Type: Ankur Raj Deka

Class 7 Science SCERT Book




Post ID : DABP005732