লক্ষ্মীনাথ বেজবৰুৱাৰ গীত
১/ জাতীয় সংগীত
অ’ মোৰ আপোনাৰ দেশ!
অ’ মোৰ চিকুণি দেশ!
এনেখন শুৱলা,
এনেখন সুফলা,
এনেখন মৰমৰ দেশ !!
অ’ মোৰ সুৰীয়া মাত!
অ’ মোৰ অসমী আই!
পৃথিৱীৰ কতো
বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।।
অ’ মোৰ ওপজা ঠাই!
অ’ মোৰ অসমী আই!
চাই লওঁ তোমাৰ
মুখখনি এবাৰ
হেপাহ মোৰ পলোৱা নাই।
২/সখী হে! কি ক’ম দুখৰ কথা
সখী হে!কি ক’ম দুখৰ কথা,
অমৃত মথোতে বিষ উপজিল,
মিঠা মৌ হ’ল তিতা।
মালতীৰ চাকি খোপাত পিন্ধিলো,
তাৰো গ’ল পাহি সৰি,
সোণৰ সঁজাতেপখীটি ৰাখিলোঁ,
সিও গুচি গ’ল উৰি।
সঁজাতে ফুলিল তগৰ ফুলপাহি
সন্ধিয়াৰে বা পাই,
কোনেও নেদেখোতে কোনেও নুশুঙোতে
সিয়ো য়ে লেৰেলি য়ায়।
৩/পৰ্বতৰ ঢেঁকীয়া লিহিৰী পতীয়া
পৰ্বতৰ ঢেঁকীয়া লিহিৰী পতীয়া
বতাহতে হালে জালে।অ’ মোৰ পখিলী অ’…
ক’লা আকাশত বগে জাক পাতি
উৰা মাৰে ক’ৰবালে।।অ’ মোৰ পখিলী অ’...
পখিলী উৰিলে উৰিব ডালিমী
লগৰে লগৰী পাই। অ’ মোৰ পখিলী অ’...
মনৰে ঘোঁৰাটি ছুটি মেলি যাব,
ক’লৈনো উৱা দিহ নাই। নাই।। অ’ মোৰ পখিলী অ’...
৪/ শুনিলে সেইটোৰ মাত
শুনিলে সেইটোৰ মাত মূৰ আচন্দ্ৰাই কৰে,
আজিও সেই সুৰত মোৰ থৰ-যুগুতি হৰে।
ফুটা দিয়া বাঁহৰ চুঙা
কৰোঁ মাথোঁ উপলুঙা
তথাপি আমনি কৰি সেইডালে মাৰে।।
ধপাত ভৰাব পাৰি
পিঠা পুৰি খাব পাৰি
কুকুৰ-মৰা মাৰি সেইডাল ঠিক হ’ব পাৰে।।
গা বেয়া, মন বেয়া
কৰে, তাত কিহৰ মায়া ?
নাজানো কিয়বা লোকে তাত ফুৱাই মৰে।।
কৃষ্ণই কৈলে আৱিষ্কাৰ,
গোপীক দিলে সমাচাৰ,
(দেখোন) টেলিফোনে সেই কাম সহজতে কৰে।
৫/ সখী কোনেনো বজায়
সখী কোনেনো বজায়?
সন্ধিয়াৰ বায়ুত শুনা
সেই সুৰ উটি যায়
সখী নোনেনো বজায়?
যমুনাৰ কুলু গান
আকুল কৰিছে প্ৰাণ।
নূপুৰৰ ৰুণুজুনু
শনা তাতে মিলি যায়।।
ভোমোৰাৰ গোজৰ জানো
বাঁহীৰ মাজে ওলাইছে।
কুলিৰ পঞ্চম কু-উ
তাতে কিবা মিলিছে।
বন-মালাৰ গোন্ধ;
আকাশত হাঁহে বিধু;
আদৰিবন্ধুক আনা,
মিছাতে সময় যায।।
কোনেনো বজায়?
৬/ বাঁহী
কোনেনো বজাইছে বাঁহী সন্ধিয়া বেলিকা?
কোনেনো সুৰেৰে মাতে “ৰাধিকা” “ৰাধিকা”?
গধূলি বতাহ ধীৰে ধীৰে ৰিব্ ৰিব্ ৰিব্ বয়,
কোনে “ৰাধা” বুলি মাতে হই তন্ময়?
নোৱাৰোঁ ঘৰত ৰ’ব টানে বাঁহী মোক,
লাজ-ভয় সকলোতে নেওচা পৰোক।
কেনি যাম বাট সখী দেখুৱাই দিয়াঁ
উগুলথুগুল মন থিৰ নাই হিয়া।
মুখখনি চাই আহোঁ
মালাধাৰি পিন্ধাই আহোঁ,
হাঁহিৰে মাধুৰী পি আনন্দত ভাহোঁ।
৭/ অনন্ত আকাশে বহি
অনন্ত আকাশে বহি কোন তোমালোক
কি কাৰণে ধ্যানমগ্ন, কিবা দুখ-শোক?
কি কামে নিবিষ্ট চিত্ত, কিবা ভাবে ভোৰ?
সামান্য মানুহ মই নাই পোৱা ওৰ।
পাপ-তাপ,দুখ-ক্লেশ, দেখি পৃথিৱীৰ,
হৃদয় ব্যথিত জানো, পৰে আখি নীৰ?
শঠতা-বিদ্বেষ, হিংসা-বিষে জৰ্জৰিত
আমাৰ অন্তৰ দেখি বিদৰিছে চিত?
টিপ্ টিপ্ চকুলো নিয়ৰৰ কণা
পেলোৱা শোকত কিবা? একো নাই
অথবা আকাশী ফুল ফুস্বৰ্গ-উপবনে
ফুলি আছাঁ নুশুকাই সদানন্দ মতে।
সুবিমল শুভ্ৰ জ্যোৎস্না সৌৰভ বিলাই,
স্বৰগত প্ৰেম-হাঁহি, শোক-তাপ নাই।
নতুবা মণি মুকুতা উচ্ছ্বল,
বিশ্বপতি বিশবগৃহে কৰে জলমল?
অথবা অযুত কোটি চকু বিধাতাৰ
চতু্ৰ্দিশ অধঃ ঊৰ্ধ্ব ব্যাপ্ত চৰাচৰ।
পাপ-পুণ্য সুকৃতি-দুষ্কৃতি নিৰন্তৰ
দেখি বিধাতিছে বঁটা, দণ্ড ঘোৰতৰ।
নাজানো একোকে মই নিঃকিন মানৱ,
জ্ঞান দিয়াঁ অধমক দেৱ আদিদেৱ!
৮/ দেউতাৰ পদূলিত গোন্ধাইছে মধুৰী,
সুগ-“দেউতাৰ পদূলিত, গোন্ধাইছে মধুৰী, কেতেকী
মলেমলায়,ঐ গোবিন্দই ৰাম।
টকা, পেঁপা, ঢোল গীতৰ উঠে ৰোল,
নাচে ডাঙৰীয়া বিহু (ঐ বিহুৱা কাই!)
নতুনে বছৰটিক, নতুনে কন্যাটিক
আদৰে য়েনেকৈ শাহু।।(ঐ বিহুৱা কাই!)
কুঁহিপাত মেলি গছে আদৰিলে
আমৰ মল কুলিৰে মিলি।(ঐ বিহুৱা কাই!)
সৰগৰ বসন্ত, আঁহা হে আঁহা হে
আমাৰ পৃথিৱীলৈ বুলি।।(ঐ বিহুৱা কাই!)
শৰতক জোনে হেমন্তক ধানে,
বাৰিষাক মৰাইয়ে যেনে।
আদৰি তেনেকৈ নতুনে বছৰটিক
বিহু ডাঙৰীয়াই আনে।।
ল’ৰাই জুনুকা লুৰীয়া ভুৰুকা,
বোৱাৰী খন্দিছে চিৰা।
গামোচা, কাপোৰ , পিঠাৰ নাই ওৰ,
ঘৈণীয়ে পাৰিছে পীৰা।।
মাহ-হালধিৰে গৰু-গাই ধুৱালে,
তৰাৰ ন পঘাৰে বান্ধে।
আম-কঁঠালত ন ফল আশাৰে
ধানখেৰৰ জৰীৰে ছান্দ।।
মচে সাৰে ধৰ, পদূলি চোতাল,
বেথায়ে কণী যুঁজায়।
ম’হৰ যুঁজ এখন, গঞায়ে পাতিলে,
খুন্দাত ভুঁইয়ে লৰি যায়।।
চাৰি ডেকা বহি পঁচি খেলে কৰে,
চাৰিকো চাৰিয়ে চৰে।
দহ, পঁচি, মাৰি, গুঠি লই কড়ি,
ঢালতে চাপৰি মাৰে।।
ককাইক ভনীয়েকে ন কাপোৰ পিন্ধালে,
সেৱাত পায় “কুশলে হোক”।
দূৰণিতে থকা পুতেকক সুঁৱৰি
মাকে কৰিলে শোক।।
গধূলি গৰু-গাই ঘৰ চাপি আহিলে,
কোবে খাই মাখিয়তীৰে।
বোৱাৰী-জীয়ৰী, ল’ৰাৰ হাঁহিৰে
ভৰিল ঘৰ খিকিন্দালিৰে।।
টক্ টক্ টক্ টকাই পোঁ পোঁ পোঁ পেপাই,
ধুম ধুম ধুম ঢোলেৰে মিলে।
খম্ খম্ খম্ তালেৰে চট্ চট্ চট্ হাতেকৰে,
“বিহু খা, বিহু খা” বোলে।।
৯/ প্ৰসন্নলাল চৌধুৰী
শিকলি মুকলি হ’ল
দুৱাৰ মুকলি হ’ল বন্দীৰ
শিকলি মুকলি হ’ল
আগুৱাই ব’ল ব’ল আগুৱাই
মুক্তিৰ সেনাদল
দুৱাৰ মুকলি হ’ল বন্দীৰ
শিকলি মুকলি হ’ল।
শত বৰষৰ শংকা-ভাবনা
অৱসাদ আৰু নাই
সূ্ৰ্য উঠিল নতুন পোহৰে
দশোদিশ উজলায়।
জাগৰিত বীৰ দল
উঠিছে উচ্চ ৰোল
দৱাৰ মুকৱলি হ’ল
বন্দীৰ শিকলি মুকলি হ’ল।
১০/ মিত্ৰেদৱ মহন্ত
চিৰচেনেহী মোৰ ভাষা জননী
চিৰচেনেহী মোৰ ভাষা-জননী!
আই ধন্যে পূণ্যে হৃৎ-পাৱনী!!
প্ৰকৃতি-পৰশ-ৰসে অমল কমল,
চঞ্চল হৃদি-জলে ঢালে পৰিমল!
কোমল চঁপাৰ কলি
ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে বোলে ৰাগিণী?
চিৰচেনেহী মোৰ ভাষা-জননী
সংসাৰ-গুৰু-ভাৰে অৱশ পৰাণ;
বীণাত বিলীন হয় বীণাভৰা তান;
কাৰ নিচুকনিসনা
শুনি বাণী ব্যথপমা
চকুতে চকুৰ নীৰে লয় জিৰণি?
চিৰচেনেহী মোৰ ভাষা-জননী।
জীৱনে-মৰনে-ৰণে লঁৰো সুধাৰ,
ৰসমা শিতানে বহি সিঁচা শতধাৰ;
হে মোৰ মধুৰাননা।
মাগিছো মাধুৰীকণা
দিয়া, দিয়া, দিয়া আই! মধুৰ ভাষিণী!
চিৰচেনেহী মোৰ ভাষা-জননী।
১১/ লক্ষ্যধৰ চৌধুৰী
আমাৰ ঘৰলৈ যাওঁ
আমাৰ ঘৰলৈ যাওঁ
অকণি মৰমেৰে
অকণি পোহৰেৰে
মৰতত সৰগ সজাওঁ।
আমাৰ ঘৰলৈ যাওঁ...।
আইতা অ’ দেউতা
মৰমৰে মাত মাতি
জোনে সৈতে কথা পাতি
অকণি মৰমেৰে
অকি পোহৰেৰে
মৰতত সৰগ সজাওঁ।
আমাৰ ঘৰলৈ যাওঁ...।।
আইৰ মৰমৰে
আমাৰ চেনেহেৰে
মৰতত জেউতি চৰাওঁ
আইতা অ’ দেউতা...।
আমাৰ ঘৰলৈ যাওঁ
অকণি মৰমেৰে...।
Post ID : DABP006671