Page no 4 

১.২ ভাৰতৰ ৰাজনৈতিক দল ঃ

        ভাৰতবৰ্ষতৃ ৰাজনৈতিক দলৰ ইতিহাস বিচাৰিবলৈ গ'লে আমি উভতি যাব লাগিব ১৮৮৫ চনলৈ। এই চনতে ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। এজন অৱসৰপ্ৰাপ্ত আই. চি. এছ বিষয়া এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত এই দলটোৱে জন্ম লাভ কৰিছিল। ই দেশৰ প্ৰথমটো ৰাজনৈতিক দল হিচাপে পৰাধীন ভাৰতৰ জনগণৰ আশা-আকাংক্ষাক প্ৰতিফলন কৰা এটা প্ৰধান অনুষ্ঠান হৈ পৰিছিল। বহুতে ১৮৭৬ চনত এছ. এন বেনাৰ্জীৰ লেতৃত্বত গঠিত হোৱা দি ইণ্ডিয়ানএছ'চিয়েচনক দেশৰ প্ৰথমটো ৰাজনৈতিক দল বুলি ক'ব বিচাৰে যদিও ই দল নহৈ এটা ৰাজনৈতিক সংগঠনহে আছিল। উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি

Page no 5 

আৰু তেওঁৰ সভাপতিত্বত দলৰ প্ৰথম অধিৱেশন বহিছিল বোম্বাই (বৰ্তমানৰ মুম্বাই) চহৰত। জাতীয় কংগ্ৰেছৰ পিছতে ১৯০৬ চনত মুছলিম লীগ নামৰ দলটোৰ জন্ম হয়। তৃতীয়টো ৰাজনৈতিক দ'ল আছিল হিন্দু মহাসভা (১৯১৬)। চতুৰ্থ ৰাজনৈতিক দলটো আছিল স্বৰাজ পাৰ্টী। ১৯২২ চনত চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৰ নেতৃত্বত জন্ম হোৱা এই দলটো পিছলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত চামিল হয়।

        ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওঁপন্থী দল一ভাৰতীয় সম্য়বাদী দলটোৰ জন্ম হৈছিল ১৯২৪ চনত। কাৰ্ল মাৰ্ক্সৰ সাম্য়বাদী আদৰ্শক কেন্দ্ৰ কৰি জন্ম হোৱা এই দলটো আছিল পৰাধীন ভাৰতত জন্মলাভ কৰা পঞ্চমটো ৰাজনৈতিক দল। ১৯৩৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত ছ'চিয়েলিষ্ট ফ'ৰাম নামৰ এটা সাম্য়বাদী আদৰ্শৰ গোটে গঢ় লৈ লৈছিল। ইয়েই স্বাধীনতাৰ পিছত সমাজবাদী দল হিচাপে মূৰ দাঙি উঠে।

        দেশে স্বাধীলতা লাভ কৰাৰ পিছত সমগ্ৰ ভৰততে ৰাজনৈতিক দল গঠনৰ জোৱাৰ উঠিল। প্ৰথমটো সাধাৰণ নিৰ্বাচনতে (১৯৫২) পঞ্চাশৰো অধিক ৰাজনৈতিক দলে অংশ লৈছিল। ইয়াৰ মাত্ৰ ১৪ টা দলহে সৰ্বভাৰতীয় শ্ৰেণীৰ আছিল। বাকীবিলাক আছিল ৰাজ্য়িক আৰু আঞ্চলিক পৰ্যায়ৰ। প্ৰথম সাধাৰণ নিৰ্বাচনৰ আগে আগে ইতিমধ্য়ে থকা ছ'চিয়েলিষ্ট ফ'ৰামে কৃষক মজদুৰ পাৰ্টীৰ সৈতে লগ লাগি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীৰ জন্ম দিলে। ক্ৰমান্বয়ে ভাৰতৰ ৰাজনৈতিক দৃশ্য়পটত উদ্ভৱ হোৱা আনবোৰ দল হ'ল一 স্বতন্ত্ৰ দল, ভাৰতীয় ক্ৰান্তি দল, জনসংঘ, মাৰ্ক্সবাদী সাম্য়বাদী 

Page no 6 

দল, জনতা দল, ভাৰতীয় লোক দল, ভাৰতীয় জনতা দল আদি। বিগত দিনমবিলাকত একোজন বিশেষ ৰাজনৈতিক নেতাক কেন্দ্ৰ কৰিও একো একোটা ৰাজনাতিক দলে দেশত আত্ম প্ৰকাশ কৰা দেখা যায়।



Bidyut Thakuria.

Class 9 Social Science Assam SCERT Book





Post ID : DABP005727