নৱকান্ত বৰুৱাৰ গীতসমূহ
১/ বগলী, বগা ফোট দি যা
বগলী,বগা ফোট দি যা।
ৰঙা ফোট নেলাগে সেন্দুৰৰ
ক’লা ফোট নেলাগে এন্ধাৰৰ
দি যা শুকুলা ফোঁট
গোসাঁইৰে কপালৰ চন্দন পোহৰৰ ফোট
অ’ দি যা শুকুলা ফোঁট।
পুৱাৰে বেলিয়ে আকাশৰ কপালত
সোণোৱালী,ফোট দিলে,
ৰাতিৰ হাতীপটি আকাশৰ সেওঁতাত
ৰূপালী ৰেখা আঁকিলে
পলাশ মদাৰৰে ৰঙা ফোঁট পিন্ধালে
জাৰণিৰ কুঁৱৰীজনী
ফুলনিৰ অকণি ভনীয়ে পিন্ধালে
পথৰা-চিতৰা মণি।।
সৰিলে শেৱালি শুকালে কঁহুৱা
তগৰেও বুলিলে যাওঁ
গোসাইৰ কপালখনি উকা থাকিবনে
বগা ফোট ক’তেনো পাওঁ।
অ’ সেয়েহে বগলী বগী ধকেধকী আমাৰ
কথাটো শুনি যা
শ্যাম বৰণীয়া কপালখন ধুনীয়া
তাতে তই বগা ফোট দি যা।
২/ নিয়ৰেৰ ফুল
নিয়ৰেৰে ফুল এপাহ ফুলিল
এপাহ সৰিল কেনি?
যেনি যায় বলাকাই মেঘ কাগজত
নেদেখা ৰেখা টানি।।
আইনুজনীৰ চকুৰ মণিত
দিনৰ পাহাৰ নাচিছিল।
সেই পাহাৰেই ৰাতিৰ মায়াত
আকাশ হৈ পৰিছিল।।
অন্ধকাৰৰ এটোপাল মম
গান হৈ সৰি পৰিছিল।
শব্দময়ী-
পৰীৰ ৰাণী উৰি আহিছিল
গণি গণি-
তৰাৰ মালাৰ মণি।।
সেই কণ্ঠমণিৰ
গুণগুণনি
সৰি পৰি বনৰ নিয়ৰ হ’ল
এপাহ ফুলিল,
এপাহ সৰিল কেনি?
৩/ এখন নেদেখা নদীৰ সিপাৰে
এখন নেদেখা নদীৰ সিপাৰে
ফুলিছে হাঁহিৰ শেৱালি,
মই চাই থাকো ইপাৰৰ পৰা
নোৱাৰো আনিব বুটলি।
সপোন সূতাৰে গাঁথিব নোৱাৰি
দিঠক ফুলৰ মালা,
আকাশৰ ফুলৰ বনত কেৱল
ভুলৰ হুলৰ খেলা।
মোৰ পদুলি যে এন্ধাৰে ভৰা
দূৰত দেখিছো দেৱালী।
আজি পাৰ হৈ দেখিলো এন্ধাৰ
প্ৰদীপ নুঠে যে জ্বলি,
ফুলৰ ৰেণুৰ লগত মিহলি
পুৰণি বাটৰ ধুলি।
চিনাকি সুৰভি বিচাৰি
মিছাতে আকাশ ধিয়ালি।।
Post ID : DABP006684