ভাৰতৰ অৰ্থনীতিৰ চমু আভাসঃ

ব্ৰিটিছসকলে প্ৰায় ২০০৯ বছৰ কাল ভাৰতবৰ্ষক শাসন কৰাৰ পিছত ১৯৪৭চনত ১৫ আগষ্টৰ ভাৰতে স্বাধীনতা লাভ কৰে । স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত এক নতুন যুগৰ সূচনা হবলৈ ধৰে । দেশীয় চৰকাৰখনে দেশৰ শাসনসভা হাতত লৈ জনগণৰ উন্নতিৰ হকে কাম কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰে । মূলত ঃব্ৰটিছ শাসন কালৰ পৰাই দেশখনে ভোগ কৰি অহা নানা - আৰ্থ সামাজিক সমস্যাৰ সমাধানৰ ক্ষেত্ৰত দেশীয় চৰকাৰখনে বিশেষভাৱে মনোনিৱেশ কৰিব লগা হয় । বৰ্তমান  সময়লৈকে ভাৰত চৰকাৰে প্ৰায় ৬০ বছৰো অধি্ক কাল দেশ শাসনৰ দায়িত্ব বহন কৰি আহিছে । এই সমছোৱাত হাতত লৈ কাৰ্যকৰী কৰিছে । দেশখনৰ উন্নতিৰ হকে অহৰহ প্ৰচেষ্টা চলি আছে যদিও ইয়াৰ অৰ্থনৈতিক অৱস্থা কিন্তু আশানুৰূপভাৱে - টনকীয়াল হোৱা নাই। বৰ্তমান  সময়ত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহৰ হল- (ক) নিম্ন জনমূৰি আয় (খ) জনমূৰি আয়ৰ মন্থ বৃদ্ধি (গ) অত্যাধিক জনসংখ্যাৰ চাপ (ঘ) দাৰিদ্ৰতা (ঙ) কৃষি- নিৰ্ভৰশীলতা (চ) বৰ্ধিত নিবনুৱা সমস্যা আৰু (ছ) পৰিকল্পনা ভিত্তিক উন্নয়ন ।


    মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে ভাগ কৰি জনমূৰি আয় নির্ধাৰণ কৰা হয় । কোনাে ব্যক্তিৰ জীৱন নির্বাহৰ মানদণ্ডৰ প্রধান সূচক হৈছে তেওঁৰ আয় । কোনাে এটা বছৰৰ জনমূৰি আয় মানে হৈছে এজন ব্যক্তিয়ে গড় হিচাপে বছৰি লাভ কৰা আয়ৰ পৰিমাণ । যােৱা ২০০৪-০৫ বৰ্ষত ভাৰতৰ জনমূৰি আয় আছিল ২৪,১৪৩ টকা আৰু ২০১৩-১৪ বৰ্ষত বৃদ্ধি হৈ ভাৰতৰ জনমূৰি আয় হয় ৩৯,৯০৪ টকা । ২০১৩-১৪ বৰ্ষৰ হিচাপত মাহে জনমূৰি আয় হ’ব প্রায় ৩৩২৫ টকা । কিন্তু বর্তমান সময়ত এজন ব্যক্তিৰ অন্ন , বস্ত্ৰ আৰু বাসস্থানৰ ক্ষেত্ৰত হােৱা খৰচৰ তুলনাত এই পৰিমাণৰ জনমূৰি আয় তেনেই কম । সেয়েহে এনে পৰিস্থিতিত সাধাৰণ জনগণে অতি কষ্টৰে জীৱন নির্বাহ কৰিব লগা হৈছে । আনহাতে , প্রতি বছৰে জনমূৰি আয় বৃদ্ধি হৈ আছে যদিও এই বৃদ্ধিৰ হাৰ সামান্য । ইতিমধ্যে উল্লেখ কৰা তথ্যৰ পৰা দেখা গৈছে যে ২০০৪-০৫ বৰ্ষৰ পৰা ২০১৩- ১৪ বৰ্ষৰ ভিতৰত কেৱল ১৩১৩ টকা জনমূৰি আয় বৃদ্ধিৰ হৈছে । 

    ভাৰতীয় অৰ্থনীতি অত্যাধিক জনসংখ্যা দ্বাৰা ভাৰাক্ৰান্ত । স্বাধীনতা সময়ত ১৯৪৭ চনত ভাৰতৰ জনসংখ্যা আছিল ৩৫০ নিযুত  । কিন্তু ২০১১ চনত এই জনসংখ্যা হয় ১২১০ নিযুত । দেশখনৰ জনসংখ্যা বৃদ্ধি অনুপাতে জাতীয় আয় বৃদ্ধি হোৱা নাই । জনসংখ্যা বৃদ্ধিৰ বাবে অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ সমস্যাৰ লগতে নিবনুৱাকে ধৰি অনেক সমস্যাই দেখা দিছে । ভাৰতৰ সনসংখ্যা দ্ৰুত বৃদ্ধিয়ে দেশখনৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে ।

    ভাৰতীয় অৰ্থনীতিৰ আন এক বিশেষ  বৈশিষ্ট্য হৈছে দৰিদ্ৰতা । পৃথিৱীৰ মুঠ দৰিদ্ৰ লোকৰ এক - তৃতীয়াংশই ভাৰতত বাস কৰে । অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত ভাৰতৰ গাওঁ আৰু চহৰ অঞ্চলত বহুতো লোকে কষ্টকৰ জীৱন কটাইছে । ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা ২৭.৫ শতাংশ লোক দৰিদ্ৰ অৰ্থাৎ দেশখনত ৩০ কোটিৰো অধিক দৰিদ্ৰ লোকে বাস কৰে । এই দৰিদ্ৰসকলৰ ভিতৰত ২২ কোটিতকৈও অধিকসংখ্যকে গাঁৱত বাস কৰে আৰু বাকীসকলে চহৰ অঞ্চলত বাস কৰে ।

    কৃষি নিৰ্ভৰশীলতা ভাৰতীয় অৰ্থনীতিৰ আন এক বৈশিষ্ট্য । জীৱন নিৰ্বাহৰ বাবে দেশৰ জনসাধাৰণে কৃষি, শিল্প, ব্যৱসায়, চাকৰি আদিৰ দৰে কৰ্মত আত্মনিয়োগ কৰে । পৰম্পৰাগৰতভাৱে দেশৰ বেছিসংখ্যাক লোকেই কৃষি কাৰ্যৰ লগতে জড়িত আৰু সেয়েহে ভাৰতৰ অৰ্থনীতি প্ৰধানকৈ কৃষি নিৰ্ভশীল । ১৯৫১ চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা সময়ত দেশৰ মুঠ জনসংখ্যা ৭০ শতাংশতকৈও অধিক লোক কৃষি কৰ্মত নিয়োজিত হৈ আছিল। পৰৱৰ্তীৰ সময়ত শিল্প বাণিজ্যকে আদি কৰি অন্যান্য খগুসমূহৰ প্ৰসাৰৰ লগে লগে আছিল । পৰৱৰ্তী সময়ত শিল্প বাণিজ্যকে আদি অন্যান্য খগুসমূহৰ প্ৰসাৰৰ লগে লগে কৃষিজীৱী লোকৰ সংখ্যা অৱশ্যে ক্ৰমাগতভাৱে হ্ৰাস পাবলৈ ধৰে । ফলস্বৰূপে দেখা গৈছে যে ২০০১ চনত দেশৰ প্ৰায় ৬০ শতাংশ লোক কৃষিৰ নিৰ্ভৰশীল আছিল।

    বৰ্ধিত নিবনুৱা সমস্যা ভাৰতীয় অৰ্থনীতিৰ আন এক বৈশিষ্ট্য । দেশৰ জনসংখ্য়া বৃদ্ধিৰ লগে লগে স্বাভাৱিকতে কৰ্মেক্ষেম লোকৰ সংখ্যাও বৃদ্ধি হৈ থাকে । কিন্তু দেশৰ শিল্প বাণিজ্য ব্যৱস্যায় যাতায়াত আদি ক্ষেত্ৰসমূহৰ বিকাশ সেই অনুপাতে নোহোৱা বাবে সকলো কৰ্মক্ষেম লোকে কৰ্মসংস্থাপন লাভ কৰিব পৰা নাই । ইয়াৰ ফলস্বৰূপে দেশত নিবনুৱা সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে আৰু অৰ্থনৈতিক বিকাশত বাধাৰ সৃষ্টি কৰিছে ।

    স্বাধীনতাৰ পিছত ভাৰতীয় অৰ্থনীতিৰ অন্যতম ইতিবাচক দিশটোৰ হৈছে যে দেশখনে এলানি অৰ্থনৈতিক পৰিকল্পনা হাতত লৈ উন্নতিৰ পথত আগুৱাই যাবলৈ অহৰহ চেষ্টা চলাই আহিছে । ১৯৫১  চনত গ্ৰহণ কৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাকে ধৰিযোৱা প্ৰায় ৬০ বছৰে অব্যাহত থকা পৰিকল্পনা ভিত্তিক উন্নয়নৰ প্ৰচেষ্টাই দেশখনৰ প্ৰগতিত যথেষ্ট অৰিহণা যোগাই আহিছে ।  দেশৰ সামাজিক শৈক্ষিক আৰু বিশেষকৈ অৰ্থনৈতিক সমস্যাসমূহৰ নিৰাময় কৰিবলৈ এই পৰিকল্পনাসমূহৰ গ্ৰহণ কৰা হৈছে  ।

    কোনো এখন দেশে অৰ্থনৈতিক উন্নয়ন লাভ কৰিবলৈ হলে দেশৰ অৰ্থনৈতিৰ সকলো খগুৰে বিকাশ হব লাগিব । ঠিক সেইদৰে আমাৰ দেশখনৰ কৃষি শিল্প বাণিজ্য  যাতায়াত আদি খগুসমূহৰ বিকাশ  হলেহে দেশৰ অৰ্থনৈতিক উন্নতি আশা কৰিব পাৰি । দেশৰ সকলো খগুৰ ভিতৰত কৃষি খগুই বিশেষ গুৰুত্ব  লাভ কৰিছে কাৰণ ভাৰতীয় সমাজ মূলতঃ কৃষি ভিত্তিক সমাজ । কৃষিৰ  পৰাই জনসাধাৰণে জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনসমূহৰ পূৰণ কৰি আহিছে । ভাৰতীয় অৰ্থনীতিত সেয়েহে কৃষিখগুৰ গুৰুত্ব অপৰীসীম আৰু ইয়াৰ প্ৰধান কাৰণ হৈছে -

(ক) দেশখনৰ জনসাধাৰণে খাদ্য আহৰণৰ বাবে কৃষিখগুৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয় । 

(খ) দেশৰ কৰ্মক্ষম লোকৰ ৬০ শতাংশতকৈও অধিক লোক কৃষি খগুত নিয়োজিত হৈ আছে ।

( গ ) দেশীয় আয়ৰ সৰ্বাধিক অংশ কৃষিখণ্ডই আগবঢ়াইছে ।

 ( ঘ ) কৃষিৰ পৰা লাভ কৰা কেঁচা মালৰ ভিত্তিত দেশত ভালেমান উদ্যোগ গঢ় লৈ উঠিছে আৰু ইয়াৰ লগতে কৃষিকার্যত ব্যৱহৃত যন্ত্রপাতি আৰু সা - সঁজুলি তৈয়াৰ কৰাৰ বাবেও বহুতাে উদ্যোগ গঢ়ি উঠিছে । 

ভাৰতীয় অর্থনীতিত কৃষি খণ্ডৰ দৰে উদ্যোগ খণ্ডৰ গুৰুত্বও অধিক । লঘু - গুৰু সকলাে ধৰণৰ উদ্যোগে দেশৰ অর্থনৈতিক বিকাশত অৰিহণা যােগাই আহিছে । ভাৰতীয় অর্থনীতিত উদ্যোগ খণ্ডৰ উল্লেখযােগ্য গুৰুত্ব আছে , কাৰণ— 

( ক ) স্বাধীনতাৰ পিছৰ পৰা দেশৰ অৰ্থনীতিত উদ্যোগ খণ্ডৰ অৰিহণা ক্রমান্বয়ে বৃদ্ধি পাব ধৰিছে । যােৱা ২০০৯-১০ বৰ্ষত ভাৰতবৰ্ষৰ ঘৰুৱা উৎপাদনৰ ২৮ শতাংশ কেৱল উদ্যোগ খণ্ডই অৰিহণা যােগাইছে । স্বাধীনতাৰ সময়ত উদ্যোগ খণ্ডৰ এই অৰিহণা আছিল মাত্র ১৪ শতাংশ । উদ্যোগৰ সংখ্যা আৰু উৎপাদন বৃদ্ধিয়েই এই বিকাশৰ মূল কাৰণ । 

( খ ) ভাৰতবৰ্ষৰ দৰে নিবনুৱা সমস্যাবহুল দেশ এখনৰ বাবে উদ্যোগ খণ্ডৰ অৰিহণা অপৰিসীম । উদ্যোগ খণ্ডই দেশৰ এক বুজন সংখ্যক লােকক কর্মসংস্থাপন দিবলৈ সক্ষম হৈছে । ইতিমধ্যে দেশৰ লঘু আৰু গুৰু উদ্যোগসমূহত প্রায় ৩ কোটি ৩০ লাখ লােক নিয়ােজিত হৈ আছে । 

( গ ) আন্তঃগাঁথনি উন্নয়ন দেশৰ অর্থনৈতিক উন্নয়নৰ বাবে অপৰিহার্য । এই ক্ষেত্ৰত উদ্যোগ খণ্ডই দেশৰ আন্তঃগাঁথনি উন্নয়নত বিশেষ অৰিহণা যােগাইছে । অৱশ্যে এই ক্ষেত্ৰত গুৰু উদ্যোগসমূহৰ ভূমিকা লেখত ল'বলগীয়া । 

(ঘ) দেশৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে নিত্য নৈমিত্তিক ব্যৱহাৰৰ বাবে প্রয়ােজনীয়  ভােগৰ সামগ্ৰীৰ চাহিদাও বৃদ্ধি পাব লাগিছে । ঔদ্যোগিক বিকাশে এই সামগ্ৰীসমূহ তৈয়াৰ কৰাত সহায় কৰিছে । বর্তমান সময়ত বজাৰত আমি খাদ্য , বস্ত্র , সা - সজুলিকে ধৰি নানা তৰহৰ ভােগৰ সামগ্রী লাভ কৰিবলৈ সক্ষম হৈছো উদ্যোগীকৰণৰ জৰিয়তে। 

    ভাৰতীয় অৰ্থনীতিৰ প্ৰধান অৰ্থনৈতিক খগুসমূহৰ অন্যতম হৈছে যাতায়াত খগু । স্থলভাগ, জলপথ আৰু আকাশী পথৰ  ভাল যাতায়াত ব্যৱস্থাই হৈছে দেশৰ জীৱন ৰেখা । কৃষি, উদ্যোগ, বাণিজ্য যোগাযোগ আদি ক্ষেত্ৰসমূহৰ বিকাশৰ বাবে দক্ষ যাতায়াত ব্যৱস্থা অপৰিহাৰ্য । অৰ্থনৈতিক ক্ষেত্ৰৰ উপৰি দেশৰ সামাজিক, সংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বিকাশৰ বাবে যাতায়াত ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

Type sumit Patar

Class 9 Social Science Geography