খাদ্য উৎপাদন বৃদ্ধিৰ কৌশলসমূহ | অধ্যায় ৯ | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Strategies For Enhancement in Food Production Chapter Answer 

খাদ্য উৎপাদন বৃদ্ধিৰ কৌশলসমূহ

প্ৰশ্নমালা

অতি চমু প্রশ্নোত্তৰ:

১। উদ্ভিদ প্রজননত পুংবন্ধ্যাকৰণ প্ৰয়োজনীয়তা কি?

উত্তৰঃ ই উদ্ভিদৰ অন্তঃপ্রজননৰ ফলত হোৱা অন্তঃপ্রজনন অৱনমন দূৰ কৰি প্ৰজনন ক্ষমতা আৰু উৎপাদন ক্ষমতা বৃদ্ধি কৰে।

২। পুংকেশৰৰ বিনাশন বুলিলে কি বুজা?

উত্তৰঃ যদি স্ত্রীজননত উভয় লিংগী ফুল থাকে, তেতিয়া চেপেনাৰ সহায়ত পৰাগধানী ফাটি যোৱাৰ আগেয়ে মুকুল অৱস্থাতে ফুলবিলাকৰ পৰা পৰাগধানীসমূহ আঁতৰাই দিয়া প্রক্রিয়াকে পুংকেশৰৰ বিনাশন বোলে।

৩। কায়কৃত্তক প্ৰকাৰ মানে কি?

উত্তৰঃ কায়কৃত্তক প্ৰকাৰ হৈছে উদ্ভিদ প্রজননত ব্যৱহাৰ কৰা এটা পদ্ধতি।


8। কি কি প্ৰাণীৰ পৰা মিউল বা অশ্বযৰজ উৎপন্ন হয়?

উত্তৰঃ ঘোঁৰা আৰু গাধৰ সংকৰণৰ ফলত মিউল উৎপন্ন হয়।

৫। জীন প্লেন্টেচন বা জীন ৰোপণ মানে কি?

উত্তৰঃ তথ্য প্ৰযুক্তিৰ সহায়ত এটা জীৱৰ পৰা আন এটালৈ এটা বা ততোধিক জীন স্থানান্তৰ কৰাকে জীন ৰোপণ বা জীন প্লেন্টেচন বোলে।

৬। জননদ্রব্য আৰু জীন পুল (পুখুৰী) বুলিলে কি বুজা?

উত্তৰঃ জননদ্ৰব্য হৈছে এটা প্ৰাণীৰ জীৱপ্ৰসৰত থকা জিনীয় তথ্য।

অন্তঃ প্রজনন কৰা প্ৰাণী গোট এটাত থকা গোটেইখিনি জিনীয় তথ্যকে জীন পুল বুলি কোৱা হয়।

৭। টটিপটেঞ্চি মানে কি?

উত্তৰঃ কোনো কোষ বা বিচ্ছিন্ন উদ্ভিদাংশৰ পৰা সমগ্র উদ্ভিদজোপা পুনঃসৃষ্টি কৰিব পৰা ক্ষমতাটোক টটিপটেঞ্চি বা পূর্ণ সৃষ্টি ক্ষমতা বোলা হয়।

৮। গৰু ছাগলীৰ আকাংক্ষিত গুণৰ হ'ম' জাইগ ছিটি বৃদ্ধি কৰিবলৈ কি উপায় অৱলম্বণ কৰা হয়?

উত্তৰঃ অন্তঃপ্রজনন।


৯। অন্তঃপ্রজনন মানে কি?

উত্তৰঃ অন্তঃ প্রজনন মানে হ'ল ৪-৬ জনুক্রমত একে সঁচৰ ঘনিষ্ঠ সম্পর্কীয় প্রাণীসমূহৰ মাজত হোৱা প্রজনন।

১০। ক্ল'নিং মানে কি?


উত্তৰঃ ক্ল'নিং হৈছে এনে এটা প্রক্রিয়া য'ত জীৱদেহৰ যিকোনো এটা কোষলৈ তাৰ পৰা সেই প্রাণীটোৰ দৰে সাইলাখ এটা প্ৰাণীৰ সৃষ্টি কৰা।

১১। প্রাণী প্রজননৰ তিনিটা প্রধান উদ্দেশ্য কি কি?

উত্তৰঃ প্রাণী প্রজননৰ মুখ্য উদ্দেশ্য হ'ল প্ৰাণীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ আকাঙ্খিত গুণগত মানৰ উন্নীতকৰণ।

১২। সংকৰণ মানে কি?

উত্তৰঃ সংকৰণ হৈছে এনে এটা প্রক্রিয়া য'ত দুটা সঁচৰ উৎকৃষ্টতম মতা আৰু মাইকী প্রাণী বা উদ্ভিদৰ মাজত কৰা প্ৰজনন প্রক্রিয়া।

১৩। জীৱপ্ৰৱলীকৰণ মানে কি?


উত্তৰঃ উচ্চ মাত্ৰাৰ খাদ্য প্রাণ আৰু খনিজ লবণ অথবা অধিক প্ৰ'টিন আৰু স্বাস্থ্যকৰ স্নেহদ্রব্যৰে সমৃদ্ধ উদ্ভিদৰ প্ৰজননেই জনস্বাস্থ্যৰ উন্নতিৰ বাবে গ্রহণ কৰিব পৰা পন্থা যাক জীৱপ্ৰৱলীকৰণ বোলে।


১৪। 'গোপন ক্ষুধা' মানে কি?

উত্তৰঃ প্ৰ'টিন আৰু খাদ্যপ্ৰাণৰ অভাৱজনিত অৱস্থাক 'গোপন ক্ষুধা' বোলে।

১৫। জলজ জীৱ পালন মানে কি? এনে এটা প্রাণীৰ নাম লিখা যিয়ে জলজ জীৱ পালনৰ দ্বাৰা বংশ বৃদ্ধি কৰিব পাৰে?


উত্তৰঃ জলজ জীৱ পালন মানে হৈছে বৈজ্ঞানিক পদ্ধতিৰো লুণীয়া বা অলুণীয়া পানীত খাদ্যৰ বাবে উপযোগী জলজ জীৱৰ উৎপাদন বৃদ্ধি কৰা। যেনে- মাছ।

খালী ঠাই পূৰণ কৰাঃ

১। এককোষী কর্ষণ পদ্ধতি উলিয়াইছিল                   


উত্তৰঃ বিজ্ঞানীসকলে।

২। কাণ্ডৰ পুনঃসৃষ্টি বৃদ্ধি কৰে                   যদিও শিপাৰ পুনঃসৃষ্টি কৰে অক্সিনে।

উত্তৰঃ জিবাৰেলিন।

৩। এটা                  প্রধান অংশৰ পৰা লৈ তাক কৰ্ষণৰ বাবে ব্যৱহাৰ কৰা হয়।

উত্তৰঃ উদ্ভিদৰ ক্ষুদ্র অংশ।

8। এটা কায়িক ভ্রূণ                কোষৰ পৰা উৎপন্ন হয়।


উত্তৰঃ কায়িক।


৫। হাঁহ-কুকুৰা পালনত সকলোবোৰ সংকৰ উৎপাদন কৰা হয়              অন্তঃপ্ৰজাতিৰ সঁচা।


উত্তৰঃ উৎকৃষ্ট।


৬। ঘৰচীয়া গৰু-ছাগলীৰ ভিতৰত এটা উৎকৃষ্টতম স্ত্রী প্রাণী হ'ল প্রতি দুগ্ধ উৎপাদনত         গাখীৰ

দিব পৰা গৰু।


উত্তৰঃ অধিক।

৭। এবিধ শস্যৰ বা প্ৰাণীৰ গুণাগুণ নিৰ্ভৰ কৰে প্ৰধানকৈ ইয়াৰ                 আৰু ই হোৱা পৰিবেশৰ ওপৰত। 

উত্তৰঃ সঁচ।


৮। মাছৰ 'ফুল পচা' ৰোগৰ সৃষ্টি কৰে                  


উত্তৰঃ বেক্টেৰিয়াই।

৯। পলুৰ                 ৰোগ সৃষ্টি কৰে নচেমা ব'ম্বাইচিচে।

উত্তৰঃ পেব্রিন।


১০। বহুসংখ্যক অণ্ডক্ষৰণ (ডিম্বক্ষৰণ) ভ্রূণ সংস্থাপন প্রযুক্তি                 সংকৰণৰ এট প্রক্রিয়া।


উত্তৰঃ জন্তুদলৰ।


শুদ্ধ নে অশুদ্ধ লিখাঃ


১। সুক্ষ্ম প্ৰৱৰ্দ্ধন প্ৰক্ৰিয়াৰ জৰিয়তে সৰু সৰু গছ উৎপাদন কৰা হয়।

উত্তৰঃ অশুদ্ধ।

২। একোষীয় প্ৰ'টিনৰ উৎস হ'ল অণুজীৱ।

উত্তৰঃ শুদ্ধ।

৩। বিচ্ছিন্ন উদ্ভিদাংশ হৈছে মৃত উদ্ভিদ।

উত্তৰঃ অশুদ্ধ।

8। মৌ পালনৰ পৰা উৎপাদিত হোৱা মৌ প্রসাধন দ্রব্য প্রস্তুত কৰা উদ্যোগত ব্যবহৃত হয়।

উত্তৰঃ শুদ্ধ।

৫। কাটলা, ৰৌ আৰু সাধাৰণ কাৰ্প হ'ল অলুণীয়া পানীৰ মাছ।

উত্তৰঃ শুদ্ধ।

৬। নির্বাচন হৈছে জীৱদেহত প্রয়োগ কৰা এটা পুৰণি প্রক্রিয়া।

উত্তৰঃ অশুদ্ধ।

৭। জিনীয় প্রবাহ হৈছে জিন পুলৰ পৰা জিন হেৰাই যোৱা।

উত্তৰঃ শুদ্ধ।

৮। হাঁহ, কুকুৰাৰ নিউ কেছেল ৰোগটো এটা ভাইৰেল ৰোগ।

উত্তৰঃ শুদ্ধ।

৯। গাখীৰত লেক্ট'জ নামৰ শৰ্কৰা থাকে।

উত্তৰঃ শুদ্ধ।

১০। সশুপালন অন্তঃপ্রজাতিক প্ৰজননৰ দ্বাৰা কৰা হয়; কাৰণ, ই সবল জীৱৰ উৎপাদনৰ হাৰ বৃদ্ধি কৰে।

উত্তৰঃ শুদ্ধ।

চমু প্রশ্নোত্তৰ:

১। জীৱজগতৰ এনে দুটা প্রচেষ্টা উল্লেখ কৰা যিয়ে খাদ্য উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।

উত্তৰঃ দুগ্ধ পাম পৰিচালনা আৰু মৌ পালন।

২। উদ্ভিদ প্রজননকাৰী সকলে নতুন প্রজাতি উৎপাদন কৰিবলৈ কিয় জননদ্ৰব্য সংৰক্ষণ কৰে?

উত্তৰঃ উদ্ভিদ প্রজননকাৰীসকলে বিভিন্ন প্রজাতি আৰু ইয়াৰ নিকটাত্মীয় প্রজাতিসমূহৰ জিনীয় সংগ্ৰহ আৰু সংৰক্ষণ কৰাৰ লগতে ইয়াৰ মূল্যায়নো কৰে; কিয়নো, ইয়ে হৈছে একোটা সমষ্টিৰ প্ৰকৃতি প্রদত্ত জীনসমূহ কামত লগাব পৰা পূৰ্বচৰ্ত।

৩। নির্বাচন মানে কি? নির্বাচনৰ দুটা পদ্ধতিৰ নাম লিখা।

উত্তৰঃ আকাংক্ষিত গুণাগুণৰ দুটা প্রাণী প্রজননৰ বাবে বাছি লোৱাটোকে নির্বাচন বোলে।

দুটা পদ্ধতিৰ নিৰ্বাচন হৈছে-


(ক) প্রাকৃতিক নির্বাচন।


(খ) কৃত্রিম নির্বাচন


8। অন্তঃপ্রজাতি সংকৰণ মানে কি? এটা প্রাণীক উদাহৰণ হিচাপে লৈ ইয়াৰ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ এই পদ্ধতিত দুটা ভিন্ন সম্পৰ্কৰ প্ৰজাতিৰ পুৰুষ আৰু মাইকী প্ৰাণীৰ মাজত সংগম কৰোৱা হয়। ইয়াত উৎপাদিত সন্তানসমূহে উভয় জনৰে আকাঙ্খিত বৈশিষ্ট্যসমূহ সংযোজন কৰিব পাৰে।

এই পদ্ধতিত বীৰ্য্যসমূহ এটা জনক হিচাপে নির্বাচিত কৰা পুৰুষ প্ৰাণীটোৰ পৰা সংগ্ৰহ কৰা হয় আৰু তাক প্ৰজননকাৰীৰ দ্বাৰা নিৰ্বাচিত মাইকী প্রাণীটোৰ জনন নলীত সুমুৱাই দিয়া হয়। উদাহৰণস্বৰূপে ঘোঁৰা আৰু গাধৰ মাজত প্ৰজনন কৰি মিউল বা অশ্বযৰজ নামৰ প্ৰাণীবিধৰ সৃষ্টি হয়।

৫। মৎস্য পালন আৰু জলজ জীৱ পালনৰ মাজত প্রভেদ বিচাৰি উলিওৱা। এই দুয়োবিধ পদ্ধতিৰ পালনৰ উপযোগিতা লিখা।

উত্তৰঃ উৎসঃ মৎস্য পালন হ'ল এবিধ উদ্যোগ; য'ত বিভিন্ন ধৰণৰ খাদ্যৰ বাবে উপযোগী মাছৰ পালন কৰা হয়। যেনে- বৌ, ইলিচ, আদি।


জলজ জীৱ পালন: এই প্রক্রিয়াত বর্মী মাছ, নাইবা আন জলজ প্রাণী যেনে-মিচামাছ, ল'বক্টাৰ, শামুক, কেঁকোৰা আদিৰ পালন কৰা হয়।


ভাৰতীয় অর্থনীতিত মৎস্য পালন আৰু জলজ জীৱ পালনৰ এক গুৰুত্বপূর্ণ স্থান আছে। ইয়াৰ দ্বাৰা এই খেতি কৰা খেতিয়কসকল বিকশিত হৈছে আৰু সমৃদ্ধিশীল হোৱাৰ লগতে ই খেতিয়কসকলৰ তথা দেশৰ বাবে যথেষ্ট অর্থ উৎপাদন কৰিছে।

৬। কেলাচ কালচাৰ বা কৰ্ষণ আৰু চাচপেঞ্চন কৰ্ষণৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ কেলাচ কৰ্ষণ পদ্ধতিত কর্ষণ মাধ্যমত উদ্ভিদৰ পৰা কাটি অনা অংশ এটাত অক্সিন হ'মৰ্ণ দি তাৰ দ্রুত বৃদ্ধি হ'বলৈ দিয়া হয় আৰু এই বৃদ্ধি হোৱা অংশখিনিকে কেলাচ বোলা হয়। ইয়াৰ পৰা অলপ অলপ অংশ লৈ আন বহুতো গছ উৎপন্ন কৰিব পাৰি আৰু এই কেলাচ বহুদিনলৈ ৰাখিব পাৰি। এই পদ্ধতি গেছৰ ক্ষতি সাধন হোৱা অংশও পুনঃকৰ্ষণ কৰিব পাৰি।


আনহাতে, চাচপেঞ্চন কর্ষণ পদ্ধতিত কেলাচ কর্ষণ পদ্ধতিত প্রস্তুত হোৱা কেলাচৰ এটা অংশৰ পৰা এটা কোষ পৃথক কৰি জুলীয়া মাধ্যমত যান্ত্রিক আৰু এনযাইম আদিৰ সহায়ত ভ্রূণ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়।

৭। অন্তঃপ্রজনন অবনমন মানে কি? স্বপৰাগযোগ হোৱা খেতিবোৰে অন্তঃ প্রজননৰ অৱনমন কিয় নেদেখুৱাই?

উত্তৰঃ ধাৰাবাহিক অন্তঃপ্রজনন বিশেষকৈ অতি ঘনিষ্ঠ অন্তঃপ্রজননে সাধাৰণতে প্ৰজনন ক্ষমতা আৰু লগতে উৎপাদন ক্ষমতা হ্রাস কৰে। ইয়াকে অন্তঃপ্রজনন অৱনমন বুলি কোৱা হয়।

স্বপৰাগযোগ হোৱা খেতিবোৰত উৎকৃষ্টতম জিনসমূহৰ সঞ্চয়কৰণ আৰু অনাকাঙ্খিত জিনসমূহৰ বহিস্কাৰ কৰাত সহায় কৰে, য'ত প্রতিটো স্তৰতে নির্বাচিন। হয় ফলত উৎপাদন বৃদ্ধি হয় আৰু সেয়ে ই অন্তঃপ্রজনন অবনমন নেদেখুৱায়।

৮। 'সঁচ' বুলিলে কি বুজা? তোমাৰ মতে প্ৰাণীৰ প্ৰজননৰ বাবে ব্যৱহাৰ কৰা উৎকৃষ্ট পদ্ধতি কোনটো?

উত্তৰঃ প্রাণীৰ এটা গোট যিবোৰ বংশানুক্রমে সম্বন্ধীয় আৰু যাৰ সৰহভাগ বৈশিষ্ট্য যেনে সাধাৰণ আকৃতি, আকাৰ, বিন্যাস আদি সদৃশ হয় সিহঁত গোষ্ঠী বা সঁচৰ অন্তৰ্গত। প্রাণী প্রজননৰ উৎকৃষ্ট পদ্ধতি হৈছে অন্তঃপ্রজনন।

৯। পশু পালন পদ্ধতিত কৃত্রিম প্রজননৰ সফলতাৰ হাৰ উন্নীতকাৰণৰ উপায় লিখা।

উত্তৰঃ পশু পালন পদ্ধতিত কৃত্রিম প্রজননৰ সফলতাৰ হাৰ উন্নীতকৰণৰ বাবে 'বহুসংখ্যক অগুক্ষৰণ ভ্রূণ সংস্থাপন প্রযুক্তি' হাতত লোৱা হৈছে; য'ত মাইকী প্ৰাণীৰ শৰীৰত ফলিকুল পৈণত হ'বলৈ আৰু অধিক অণ্ডক্ষৰণৰ বাবে FSH ৰ দৰে কাৰ্য্য থকা হ'ৰমন প্রয়ো কৰা হয়।


১০। "মোক এটা জীবিত কোষ দিয়া আৰু মই তাৰপৰা একে প্ৰজাতিৰ হাজাৰ হাজৰ গছ দিম" এই বাক্যশাৰী সঁচাকৈয়ে সম্ভৱ হ'ব পাৰেনে? তোমাৰ যুক্তি যি ব্যাখ্যা কৰা।

উত্তৰঃ হয়, কলা কৰ্ষণ প্রক্রিয়াৰে এটা জীবিত কোষৰ পৰা তেনে ধৰণৰ প্ৰজাতিৰে বহুতো উদ্ভিদ একে সময়তে সৃষ্টি কৰিব পাৰি। ই বাস্তবত সম্ভব।

ৰচনাধৰ্মী প্রশ্নোত্তৰ (বর্ণনামূলক):

১। খাদ্য উৎপাদনত মৎস্য পালনৰ ভূমিকাৰ বিষয়ে লিখা।

উত্তৰঃ মৎস্য পালন হ'ল এবিধ উদ্যোগ য'ত মাছ, বর্মী মাছ নাইবা আন জলজ প্রাণী ধৰা, সংসাধন নাইবা বিক্ৰয় কৰা কাৰ্য্য নিহিত হৈ থাকে। আমাৰ জন সমুদায়ৰ বৃহৎ সংখ্যকেই মাছ, মাছৰ উৎপাদিত সামগ্রী আৰু আন জলজ প্রাণী যেনে মিছামাছ, কেঁকোৰা, লফ্টাৰ, সামুদ্রিক জোনাই শামুক বা অয়ষ্টাৰ ইত্যাদিৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰশীল। সচৰাচৰ ব্যৱহাৰ হোৱা কিছুমান অলুনীয়া পানীৰ মাছ হ'ল কাট্টা, বৌ, আৰু সাধাৰণ কাৰ্প। খাদ্য হিচাবে ব্যৱহাৰ হোৱা কিছুমান সাগৰীয় মাছ হ'ল-ইলিচ, চাৰডিন, মেকাৰেল আৰু পমফ্রেট।

ভাৰতীয় অর্থনীতিত মৎস্য পালনৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। লক্ষ লক্ষ মাছমৰীয়া আৰু খেতিয়কৰ কৰ্মসংস্থান আৰু অর্থ উৎপাদন যোগাইছে, বিশেষকৈ উপকূলীয় ৰাজ্য সমূহত। বহুতৰ বাবে ইয়েই একমাত্ৰ জীৱিকাৰ উপায়। মৎস্যপালনৰ বৰ্দ্ধিত চাহিদা পূৰণ কৰিবলৈ মৎস্য উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন কৌশল অবলম্বন কৰা হৈছে। উদাহৰণ স্বৰূপে বৈজ্ঞানিক পদ্ধতিৰ জলজ জীৱ পালন আৰু মৎস্য পালনৰ জৰিয়তে আমি লুনীয়া আৰু অলুনীয়া দুয়োবিধ পানীত থকা উদ্ভিদ আৰু প্ৰাণীৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

২। সেউজ বিপ্লব মানে কি? উদ্ভিদ প্রজননৰ জৰিয়তে কেনেকৈ ইয়াক সম্ভৱপৰ কৰিব পাৰি লিখা।

উত্তৰঃ সেউজ বিপ্লব ঘাইকৈ ঘেঁহু, ধান, মাকৈ আদি খাদ্য শস্যৰ অধিক উৎপাদনশীল আৰু ৰোগ প্ৰতিৰোধক্ষম প্ৰকাৰ উদ্ভাৱন কৰিব পৰা প্ৰজনন কৌশলসমূহৰ ওপৰত নিৰ্ভৰশীল আছিল। সেউজ বিপ্লবে সমগ্র দেশৰ খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, খাদ্য শস্যৰ ৰপ্তানি বাণিজ্যও সম্ভৱ হৈ উঠিছে।

উদ্ভিদ প্রজননৰ জৰিয়তে এই সেউজ বিপ্লৱ সম্ভৱপৰ হ'ব পাৰে; কিয়নো, এই উদ্ভিদ প্রজনন হৈছে কাংক্ষিত গুণাগুণ সমৃদ্ধ উদ্ভিদ লাভ কৰিবৰ বাবে কোনো নির্দিষ্ট প্রজাতিক উদ্দেশ্যমূলকভাৱে ব্যৱহাৰ কৰা এটা প্রক্রিয়া।

বর্তমান সময়ত আনুবংশিক বিজ্ঞান, আণৱিক জীৱবিজ্ঞান আৰু কলা-কৰ্ষণ পদ্ধতিৰ বহু অগ্রগতি হোৱা দেখা গৈছে আৰু ইয়াৰ ফলত অধিক উৎপাদনীল আৰু উন্নতমানৰ শস্য পাব পাৰি।


৩। উদ্ভিদ প্রজনন প্ৰক্ৰিয়াটোৰ মূল ভাগসমূহ বৰ্ণনা কৰা।


উত্তৰ: আনুবংশিক বিজ্ঞানৰ সূত্ৰসমূহৰ বিশদ জ্ঞান ব্যৱহাৰ কৰি উন্নত জাতৰ উদ্ভিদ সৃষ্টি কৰাটোকে প্রজননৰ সূত্র বুলি কোৱা হয়। গতিকে, আনুবংশিক বিজ্ঞানৰ পৰিপ্ৰেক্ষিতত উদ্ভিদ প্রজনন সম্পর্কে তলত চমুকৈ আলোচনা কৰা হ'ল।

(ক) বিভিন্নতা আৰু উদ্ভিদ প্রজনন (Variations and plant Breeding) : উদ্ভিদ প্রজাতিবোৰৰ মাজত দেখা পোৱা চাৰিত্রিক বৈশিষ্ট্যসমূহক দুভাগত ভগাব পাৰি-

(১) পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱত আৰু

(২) বংশগতিৰ ফলস্বৰূপে দেখা দিয়া বৈশিষ্ট্য।

পাৰিপাৰ্শ্বিকতাৰ কাৰণে যিবিলাক চাৰিত্রিক বৈশিষ্ট্য পৰিলক্ষিত হয় এইবোৰ উদ্ভিদ প্রজননৰ ক্ষেত্ৰত বিশেষ উপকাৰত নাহে। আনহাতে, বংশগত বিভিন্নতাৰ প্ৰতি প্রজননক সকলো বিষয়ে সতর্ক হোৱা আৱশ্যক; কাৰণ ইয়াৰ অবিহনে উদ্ভিদৰ বংশগত উন্নতিকৰণ সম্ভৱ হ'ব নোৱাৰে।

(খ ) জিনৰ পুনৰ সংযোগ (Recombination of genes): সংকৰণ পদ্ধতিৰদ্বাৰা দুই বা ততোধিক প্রজাতিৰ উন্নত গুণবোৰৰ এজোপা গছতে সংযোগ ঘটোৱাকে জিনৰ পুনৰ সংযোগ বোলে। সংকৰণ পদ্ধতিৰদ্বাৰা প্ৰজননকসকলে সংকৰ পুৰুষত উভয় পুৰুষৰ দৰকাৰী গুণবিলাক সংযোগ ঘটাই অপ্রাকৃতিক উন্নত জাতৰ উদ্ভাৱন কৰে।


(গ) সহলগ্নতা (Linkage): ক্রম'জমত থকা জিনবোৰ সম্পূৰ্ণ সহলগ্ন অৱস্থাত থাকিলে জিনবিলাকৰ পৃথকীকৰণ বা স্বতন্ত্র বিন্যাস হ'ব নোৱাৰে। সেয়ে সহলগ্ন সমষ্টিৰ জিনবিলাকৰ মাজতো সংযোগ অসম্ভৱ। গতিকে, প্রজননকসকলৰ কাৰণে এইখিনিতে এই বাধাৰ সৃষ্টি হয়। অৱশ্যে সহলগ্ন জিনবিলাকৰ মাজত জিন বিনিময়ৰদ্বাৰা কিছুদূৰ পুনৰ সংযোগ হ'ব পাৰে।


(ঘ) সংকৰ শক্তি (Hybrid vigour): সংকৰ উদ্ভিদ পিতৃ-মাতৃ উভয় পুৰুষতকৈ অধিক উৎপাদনক্ষম আৰু শক্তিশালী হয়। এনে শক্তিক সংকৰ শক্তি বোলে। সংকৰ শক্তি উদ্ভিদ প্রজননৰ ক্ষেত্ৰত বিশেষ প্রয়োজনীয় বুলি গণ্য কৰা হয়।


(ঙ) জিন উৎপৰিৱৰ্তন (Gene mutation): উদ্ভিদৰ প্ৰজনন ক্ষেত্ৰত এসে একোটা জাতি বা প্রজাতিৰ অধিক আনুবংশিক বিভিন্নতা থকা দৰকাৰ। কৃত্ৰিম উৎপৰিৱৰ্তন প্রণালীৰে এনেবোৰ বিভিন্নতা উদ্ভিদত সৃষ্টি কৰিব পাৰি। এনেধৰণৰ প্রজনন প্রথাক উৎপৰিৱৰ্তন প্রজনন (mutation breeding) বুলি কোৱা হয়।


বহুগুণতা (Polyploidy): বহুগুণতাৰ যোগেদি ক্রম'জম তথা জিনবোৰৰ সংখ্যাৰ পৰিৱৰ্তন ঘটাই প্রজননকসকলে নতুন নতুন চৰিত্ৰ গঠন কৰিবলৈ সক্ষম হয়। ক'লছিছিন (colchicine) নামৰ এবিধ ৰাসায়নিক পদার্থ প্রয়োগ কৰি কৃত্রিম উপায়েৰে ক্ৰম'জম দ্বিগুণীকৰণ কৰা সহজ আৰু অৱশেষত দ্বিগুণিত কোষৰ ক্ৰম 'জমৰ সংখ্যা বহুগুণিত হৈ পৰে।


৪। কলা কর্ষণ মানে কি? শস্যৰ উন্নীতকৰণত কেনেকৈ সহায় কৰে?

উত্তৰঃ ভ্রূণ কোষৰ বিভেদনৰ ফলত ভাবীকাণ্ড, ভাবীমূল আৰু চৰ্মকলাৰ উৎপত্তি হয়। অঙ্কুৰণৰ পিছত এইবিলাক পুনঃ পুনঃ বিভেদন, বিভাজন আৰু বৃদ্ধিৰ ফলত কাণ্ড, শিপা, ছাল, মুকুল, ফুল, ফল আৰু বীজৰ সৃষ্টি হয়। দেহকোষবিলাকৰ কিছুমান পত্ৰহৰিৎ সৃষ্টিৰ বাবে, কিছুমান পানী আৰু খাদ্য পৰিবহণৰ বাবে আৰু আন কিছুমানে খাদ্য সঞ্চয়ৰ বাবে বিভেদন হৈ বিকাশ লাভ কৰে। এনেকৈ এটা মাত্র যোজন কোষৰ পৰা ক্ৰমে বিভেদন হৈ ইমানবিলাক বিভিন্ন ধৰণৰ অংগৰ সৃষ্টি হয়। এই সকলো ধৰণৰ বিভেদনৰ প্ৰাথমিক ক্ৰিয়া আৰম্ভ হয় ভ্রূণত। ভ্রূণত সৃষ্টি হোৱা ভাবীমূল, ভাবীকাণ্ড আৰু চৰ্মজননৰ ভিতৰত ভবিষ্যৎ সকলো ধৰণৰ বিভেদনৰ সংকেত নিহিত থাকে আৰু শেষত এই সংকেত মতে সকলো বিভেদন সম্পন্ন হয়।

১৯৬৩ চনত শ্বোগ আৰু মিলাৰে (Shoag and Miller) আৰু ১৯৬৪ চনত ষ্টেৱার্ডে (Steward) প্রমাণ কৰি দেখুৱালে যে সংবর্ধন কৰিব পাৰিলে উদ্ভিদ দেহৰ প্ৰায় সকলো পৰিণত কোষে প্রয়োজনত পুনৰ সংগঠিত নতুন আৰু একেধৰণৰ উদ্ভিদ সৃষ্টি কৰিব পাৰে। মাতৃদেহৰ পৰা আঁতৰত সম্পূৰ্ণ বিচ্ছিন্ন অবস্থাই যিকোনো দেহকোষৰ পুনৰ সংগঠিত হ'ব পৰা ক্ষমতাক কোষৰ পুনৰ সংগঠন ক্ষমতা (Cellular totipotency) বোলা হয়। এনে পৰীক্ষাৰ পৰা এইটোৱেই প্রমাণ হয় যে দেহকোষে অৱস্থানগতভাৱে বিভিন্ন কাম কৰে যদিও প্রতিটো কোষত বংশগত চৰিত্ৰ নষ্ট নহয়; বৰঞ্চ বিশেষ স্থানত অৱস্থান কৰা বাবে বিভিন্ন কাম কৰিব লাগে। কোষ সংবর্ধন পৰীক্ষা এটি জটিল বিষয়। এই প্রক্রিয়াত বহুতো খুটিনাতি কথাত সাৱধান হ'ব লগা হয়।


শস্যৰ উন্নীতকৰণত: কোষ সংবর্ধনৰ যোগেদি উন্নত মানৰ উদ্ভিদ সৃষ্টি কৰিব পৰা যায়। শস্যৰ উৎকর্ষ সাধনত কোষ সংবর্ধন (Tissue culture) প্রক্রিয়াৰ বহুল প্রচলন হৈছে। উদ্ভিদ প্রজনন পৰীক্ষাৰ যোগেদি সৃষ্টি কৰা উন্নত মানৰ সঁচৰ সংখ্যাৰ ওপৰত কোষ সংবর্ধন পদ্ধতিৰ দ্বাৰা অতি কম সময়ত বৃদ্ধি কৰিব  পৰা যায়। আটাইতকৈ প্রয়োজনীয় কথা হ'ল- এই পদ্ধতিৰ যোগেদি বৃদ্ধি কৰা উদ্ভিদসমূহৰ কোনো জিনীয় পৰিৱৰ্তন নহয়। উদ্ভিদ কোষ কিছুমান বা পৰাগকোষ কেইটামানৰ পৰাই অসংখ্য নিৰোগী আৰু পিতৃৰ সকলো গুণ থকা উদ্ভিদৰ পুলি অতি কম সময়তে আৰু বছৰৰ যিকোনো সময়ত সৃষ্টি কৰিব পৰা যায়।

৫। পশুপালন বুলিলে কি বুজা? মানব কল্যাণত ইয়াৰ ভূমিকা চমুকৈ আলোচনা কৰা।

উত্তৰঃ পশুপালন হৈছে পশুধন ঘটাৰ এক বৈজ্ঞানি ব্যৱস্থাপনা। ইয়াত বিভিন্ন ধৰণৰ কাৰ্য জড়িত হৈ থাকে যেনে, খোৱাৰ ব্যৱস্থা প্ৰজনন আৰু ৰোগ নিয়ন্ত্ৰণৰ জৰিয়তে পশুধন বৃদ্ধি কৰিব পাৰি। পশুপালনত ব্যৱহৃত প্রাণীবোৰ হৈছে গৰু, ছাগলী, গাহৰি, ভেড়া, হাঁহ-কুকুৰা, মাছ আদি। এই প্রাণীবোৰে মানুহক বিভিন্ন প্রকাৰে সহায় কৰে। এই প্রাণীবোৰৰ পৰা উৎপন্ন হোৱা তথা বাণিজ্যিকভাৱে গুৰুত্বৰ্পূণ  সামগ্ৰীবোৰ হৈছে গাখীৰ, মাংস, উণ, কণী, মৌ, চিল্ক ইত্যাদি। মানুহৰ জনসংখ্য়া বৃদ্ধিৰ লগে লগে এই সামগ্ৰীবোৰৰ চাহিদা বৃদ্ধি পাইছে। এতেকে পশুধনৰ বৈজ্ঞানিক ব্যৱস্থাপনাৰ জৰিয়তে উৎকর্ষ সাধন কৰাটো অত্যন্ত আৱশ্যক।


Type Himanku Bora


New Update 2026