খাদ্য উৎপাদন বৃদ্ধিৰ কৌশলসমূহ | অধ্যায় ৯ | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Strategies For Enhancement in Food Production Chapter Answer 

খাদ্য উৎপাদন বৃদ্ধিৰ কৌশলসমূহ

প্ৰশ্নমালা

1. পশুপালনে গ্রাম্য অৰ্থনীতিত কিদৰে সহায় কৰে সংক্ষেপে লিখা।

2. দুগ্ধপাম পৰিচালনাত লব লগা ব্যৱস্থাসমূহৰ বিষয়ে সংক্ষেপে লিখা।

3. হাঁহ-কুকুৰা পোহ-পালনৰ আৰু উৎপাদন বঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব লগা কথাসমূহ কি কি?

4. তলত দিয়াবোৰৰ বিষয়ে চমুকৈ লিখাঃ-

(a) অন্তঃপ্রজনন। (b) বহিঃপ্রজনন। (c) বর্ণসংকৰণ। (d) আন্তঃপ্রজাতিক সংকৰণ।

5. নিয়ন্ত্রিত প্রাণী প্রজননৰ কৃত্রিম শুক্রাণু সংগ্রহ পদ্ধতি সম্পর্কে কি জানা লিখা।

6. প্রাণীৰ নিয়ন্ত্রিত প্রজননৰ উপকাৰিতাৰ সম্পর্কে চমুকৈ লিখা।

7. বহুডিম্বক্ষৰণ ভ্রণ সংস্থাপন প্রযুক্তি সম্পর্কে সংক্ষেপে লিখা।

 

8. অর্থনৈতিক গুৰুত্ব থকা মৌ-মাখি প্রজাতিৰ বৈজ্ঞানিক নাম লিখা।

9. মৎস্য পালন সম্পর্কে কি জানা লিখা।

10. জৈৱ কৃষি প্রণালী ব্যাখ্যা কৰা।

11. ‘হিডেন হাংগাৰ’ কি?

12. কৃষিজাত শষ্যত পতঙ্গনাশক দ্ৰব্যৰ প্রয়োগ হ্রাস কৰাটো হৈছে জীৱ প্ৰযুক্তি বিদ্যাৰ এটা মূল উদ্দেশ্য জীৱ প্ৰযুক্তিবিদ্যাৰ কৌশল। ব্যৱহাৰ কৰি কি দৰে পতঙ্গ প্ৰতিৰোধী শষ্য উদ্ভৱ কৰা হৈছে বর্ণনা কৰা।

13. সফল মৌপালনৰ চাৰিটা প্রয়ােজনীয় দিশ উল্লেখ কৰা।

14. চমুটোকা লিখাঃ–

(a)  ৰোগ প্ৰতিৰোধী প্রজনন পদ্ধতি।

(b) কীট পতঙ্গৰোধী উদ্ভিদ প্রজনন।

(c) উন্নত মানৰ খাদ্যৰ বাবে উদ্ভিদ প্রজনন।

(d) এক কোষীয় প্র’টিন।

(e) কলা সংবর্ধন।

(f) কায়িক সংকৰণ।

15. এটা নতুন প্রজাতিৰ শস্যৰ উদ্ভাৱন কৰিবলৈ লগা চাৰিটা প্রধান স্তৰৰ বিষয়ে লিখা।

16. এককোষীৰ প্ৰটিনৰ সংজ্ঞা দিয়া। এককোষীয় প্রটিন উৎপন্নকাৰী কেইবিধমান অনুজীৱৰ নাম লিখা।

17. উদ্ভিদ প্রজনন মানে কি ? আধুনিক কৃষি পদ্ধতিত উদ্ভিদ প্রজননৰ গুৰুত্ব সম্পর্কে উল্লেখ কৰা।

18. কায়িক সংকৰণৰ সংজ্ঞা লিখা। কায়িক সংকৰণৰ দ্বাৰা প্ৰস্তুত কৰা এবিধ উদ্ভিদৰ উদাহৰণ দিয়া।

19. ভাৰতত বিকশিত হোৱা যিকোনো চাৰিটা সংকৰ প্ৰজাতিৰ শস্যৰ নাম লিখা।

NCERT-ৰ কেইটামান প্ৰশ্ন

1. মানুহৰ উপকাৰীতাৰ ক্ষেত্ৰত পশুপালনৰ ভূমিকা সংক্ষেপে দর্শোৱা।

2. যদি তোমাৰ পৰিয়ালে এখন দুগ্ধপাম ক্রয় কৰে, তেন্তে সেই পামৰ পৰা উৎপাদিত সামগ্ৰীৰ গুণ আৰু পৰিমাণৰ উন্নতিৰ বাবে তুমি কি পদক্ষেপ গ্রহণ কৰিবা।

3. সঁচ’ বুলিলে কি বুজা? পশু প্রজননৰ উদ্দেশ্য সমূহ কি কি?

4. পশুপ্রজননত ব্যৱহাৰ হোৱা বিভিন্ন প্রণালী সমূহৰ নাম লিখা। তোমাৰ মতে কোনটো প্রণালী আটাইতকৈ উৎকৃষ্ট আৰু কিয়?

5. এপি কালছাৰ কি? ই আমাৰ জীৱনৰ বাবে কিয় প্রয়োজন?

6. খাদ্য উৎপাদনত মীন পালনৰ গুৰুত্ব ব্যাখ্যা কৰা।

1. উদ্ভিদ প্রজননত ব্যৱহাৰ হোৱা বিভিন্ন প্রণালীসমূহ ব্যাখ্যা কৰা।

8. কয়’ফটিফিকেচন মানে কি ব্যাখ্যা কৰা।

9. উদ্ভিদৰ কোনটো ভাগ ভাইৰাচৰ পৰা হ'ব পৰা ৰোগৰ প্ৰতিৰোধী প্রকাৰ হিচাপে সৃষ্টি কৰা উদ্ভিদৰ বাবে উত্তম আৰু কিয়?

10. মাইক্ৰ'প্রপাগেচনৰ জৰিয়তে সৃষ্টি কৰা উদ্ভিদৰ প্ৰধান সুবিধাবোৰ কি কি?

11. Invitro-propagation of an explant-ৰ বাবে ব্যৱহাৰ কৰা মাধ্যমৰ কি কি উপাদান থাকে বিচাৰি উলিওৱা।

12. ভাৰতত সৃষ্টি কৰা যিকোনো 5 টা সংকৰ প্ৰজাতিৰ শস্যৰ নাম লিখা।

13. উদ্ভিদ প্রজনন প্রক্রিয়াৰ বিভিন্ন স্তৰসমূহ চমুকৈ বর্ণনা কৰা।

14. জীৱপ্ৰৱলীকৰণ মানে কি ব্যাখ্যা কৰা।

15. ভাইৰাছমুক্ত উদ্ভিদ সৃষ্টিৰ বাবে উদ্ভিদৰ কোনটো অংশৰ উপযোগিতা সর্বাধিক আৰু কিয়?

16. সূক্ষ্মপ্রবর্ধন প্রক্রিয়াৰ জৰিয়তে উদ্ভিদ সৃষ্টিৰ প্ৰধান সুবিধা কি?

17. গৱেষণাগাৰত বিচ্ছিন্ন উদ্ভিদাংশৰ প্ৰবর্ধন প্রক্রিয়াত ব্যৱহৃত পুষ্টি মাধ্যমৰ উপাদানসমূহ কি কি?

সম্ভাব্য প্ৰশ্নাৱলী

A. অতি চুটি প্রশ্ন (১ নম্বৰ)ঃ

1. উদ্ভিদ প্রজননত পুংবন্ধ্যাকৰণৰ প্ৰয়োজনীয়তা কি?

2. পুংকেশৰৰ বিনাশন বুলিলে কি বুজা?

3. কায়কৃত্তক প্রকাৰণ মানে কি?

4. কি কি প্রাণীৰ পৰা মিউল বা অশ্বৰজ উৎপন্ন হয়?

5. জীন প্লেন্টেন বা জীন ৰোপণ মানে কি?

6. জননদ্ৰৱ আৰু জীনপুল বুলিলে কি বুজা?

7. টটিপটেঞ্চি মানে কি?

8. গৰু ছাগলীৰ আকাংক্ষিত গুণৰ হ’মজাইগ’ছিটি বৃদ্ধি কৰিবলৈ কি উপায় অৱলম্বন কৰা হয়?

9. ক্লনিং মানে কি?

10. প্রাণী প্রজননৰ তিনিটা প্রধান উদ্দেশ্য কি কি?

11. সংকৰণ মানে কি?

12. অন্তঃপ্রজনন মানে কি?

13. জীৱপ্ৰবলীকৰণ মানে কি?

14. ‘গোপন ক্ষুধা মানে কি?

15. জলজ জীৱ পালন মানে কি? এনে এটা প্রাণীৰ নাম লিখা যিয়ে জলজ জীৱ পালনৰ দ্বাৰা বংশ বৃদ্ধি কৰিব পাৰে।

16. সেউজ বিপ্লৱ কি?

17. এক কোষীয় প্র’টিনৰ উৎপাদনত ব্যৱহৃত হোৱা এবিধ সেউজীয়া শেলাইৰ নাম লিখা।

18. কৃত্রিম সংকৰণ পৰীক্ষাত পুংকেশৰ বিনাশিত ফুলৰ মোনাকৰণ কৌশল পদ্ধতি কিয় ব্যৱহাৰ কৰা হয়?

(B) খালী ঠাই পূৰণ কৰাঃ

1. এগুণাত্মক কর্ষণ পদ্ধতি উলিয়াইছিল ______

2. কাণ্ডৰ পুনঃসৃষ্টি ______ য়ে বৃদ্ধি কৰে যদিও শিপাৰ পুনঃসৃষ্টি কৰে অক্সিনে।

3. এটা ______ প্রধান অংশৰ পৰা লৈ তাক কৰ্ষণৰ বাবে ব্যৱহাৰ কৰা হয়।

4. এটা কায়িক ভ্ৰূণ ______ কোষৰ পৰা উৎপন্ন হয়।

5. হাঁহ-কুকুৰা পালনত সকলৰোৰ সংকৰ ______ অন্তঃপ্রজাতিৰ সঁচৰ দ্বাৰা উৎপাদন কৰা হয়।

6. ঘৰচীয়া গৰু-ছাগলীৰ ক্ষেত্ৰত, উৎকৃষ্টতম স্ত্রী প্রাণী হ’ল এবিধ গাইগৰু যিয়ে প্রতিবাৰত ______ পৰিমাণৰ গাখীৰ দিয়ে।

7. এবিধ শস্যৰ বা প্রাণীৰ গুণাগুণ নিৰ্ভৰ কৰে প্ৰধানকৈ ইয়াৰ ______ আৰু ই ডাঙৰদীঘল হোৱা পৰিবেশৰ ওপৰত।

৪. মাছৰ ফুল পচা’ ৰোগৰ সৃষ্টি কৰে ______ য়ে।

9. মালবেৰী ৰেচম পলুৰ ______ ৰোগ সৃষ্টি কৰে নমো ব’ম্বাইচিচে।

10. বহুসংখ্যক অণ্ডৰণ (ডিম্বক্ষণ) ভ্রণ সংস্থাপন প্রযুক্তি (MOET) '______ সংকৰণৰ এটা প্রক্রিয়া।

11. স্ব পৰাগযোগ ______ ৰ অত্যধিক ৰূপ।

12. অটত্রিপ্লইডত একমাত্র জিন’ম’টোৰ ______ টা কপি থাকে।

13. এটা জীৱৰ ব্যক্ত ৰূপ হৈছে ______ লক্ষণ আৰু জনুৰূপ হৈছে ______ লক্ষণ।

(C) শুদ্ধ নে অশুদ্ধ লিখাঃ

1. সূক্ষ্ম প্ৰৱন প্ৰক্ৰিয়াৰ জৰিয়তে সৰু সৰু গছ উৎপাদন কৰা হয়।

2. একোষীয় প্ৰটিনৰ উৎস হ'ল অণুজীব।

3. বিছিন্ন উদ্ভিদাংশ হৈছে মৃত উদ্ভিদ।  

4. মৌগালনৰ পৰা উৎপাদিত হোৱা মৌ প্রসাধন দ্রব্য প্রস্তুত কৰা উদ্যোগত ব্যৱহৃত হয়।

5. কাটলা, ৰৌ আৰু সাধাৰণ কাৰ্প হ’ল অলুণীয়া পানীৰ মাছ।

6. নির্বাচন হৈছে জীৱদেহৰ প্ৰজনন ঘটোৱা এটা পুৰণি প্রক্রিয়া।

7. জিনীয় প্ৰৱাহ হৈছে জিন পুলৰ পৰা জিন হেৰাই যোবা।

৪. হাঁহ, কুকুৰাৰ নিউ কেছেল ৰোগটো এটা ভাইৰাছজনিত ৰোগ।

9. গাখীৰত লেজ নামৰ শৰ্কৰা থাকে।

10. পশুপালনত অন্তঃপ্রজাতিক প্রজনন ব্যৱস্থা লোৱা হয়; কাৰণ, ই সবল জীৱৰ উৎপাদনৰ হাৰ বৃদ্ধি কৰে।

11. আন্তঃ প্রজাতিক সংকৰবোৰ উদ্ধাৰ কৰিবলৈ ভ্ৰূণ পালন ব্যৱহাৰ কৰা হয়।

12 এককোষীয় প্রটিনবোৰে এটা মাত্র কোষৰ পৰা পৃথক কৰা এক বিশেষ প্রটিনক বুজায়।

13. প্ৰট'প্লাক্ট হৈছে প্রট’প্লাজমৰ আন এটা নাম।

14. Bt কপাহৰ প্রয়োজনীয় লক্ষণসমূহ হৈছে অধিক উৎপাদন আৰু চুপহি খোৱা পলু বা ৱৰ্ম প্ৰতিৰোধ ক্ষমতা।

II. চুটি প্রশ্নৰ (২ নম্বৰ)ঃ

1. জীৱবিজ্ঞানৰ এনে দুটা প্রচেষ্টা উল্লেখ কৰা যিয়ে খাদ্য উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।

2. উদ্ভিদ প্রজননকাৰী সকলে নতুন প্রজাতি উৎপাদন কৰিবলৈ কিয় জননদ্ৰৱা সংৰক্ষণ কৰে?

3. নির্বাচন মানে কি? নির্বাচনৰ দুটা পদ্ধতিৰ নাম লিখা।

4. অন্তঃপ্রজাতি সংকৰণ মানে কি? এটা প্রাণীক উদাহৰণ হিচাপে লৈ ইয়াৰ চমুকৈ বর্ণনা কৰা।

5. মৎস্য পালন আৰু জলজ জীৱ পালনৰ মাজত প্রভেদ কি? এই দুয়োবিধ পদ্ধতিৰ উপযোগিতা লিখা।

6. কেলাচ কর্ষণ আৰু চাচপেঞ্চন কৰ্ষণৰ মাজত পার্থক্য লিখা।

7. অন্তঃপ্রজনন অৱনমন মানে কি? স্বল্পৰাগযোগ হোৱা খেতিবোৰে অন্তঃ প্রজননৰ অৱনমন কিয় নেদেখুৱায়।

8. সঁচ’ বুলিলে কি বুজা? তোমাৰ মতে প্রাণীৰ প্ৰজননৰ বাবে ব্যৱহাৰ কৰা উৎকৃষ্ট পদ্ধতি কোনটো?

9. পশুপালন পদ্ধতিত কৃত্রিম প্রজননৰ সফলতাৰ হাৰ উন্নীতকৰণৰ উপায় লিখা।

10. “মোক এটা জীৱিত কোষ দিয়া আৰু মই তাৰপৰা একে প্রজাতিৰ হাজাৰ হাজাৰ গছ দিম” এই বাক্যশাৰী সঁচাকৈয়ে সম্ভৱ হ'ব পাৰেনে? তোমাৰ যুক্তি দি ব্যাখ্যা কৰা।

11. জিন ৰোপণ কি? চমুকৈ বর্ণনা কৰা।

12. উদাহৰণেৰে বুজোৱা (a) কায়িক সংকৰ (b) কায়িক ভ্রূণ।

13. পলিপ্লয়ডি কি? গছত পলিপ্লয়ডি আৰম্ভ কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদার্থ বিধৰ নাম লিখা।

14. কোৱাৰেনটাইন কি? ইয়াৰ এটা উদাহৰণ দিয়া।

III. চুটি উত্তৰৰ প্ৰশ্ন ৩ নম্বৰৰ প্ৰশ্নঃ

1. এককোষীয় প্ৰ'টিন বুলিলে কি বুজা? এককোষীয় প্ৰ'টিন উৎপন্ন কৰিব পৰা কেইবিধমান সততে পোৱা অনুজীৱৰ নাম লিখা।  

2. টটিপটেঞ্চিয়ে উদ্ভিদৰ প্ৰৱৰ্ধন আৰু উন্নীতকৰণত কেনেদৰে সহায় কৰে?

3. পার্থক্য লিখাঃ

(a) অন্তঃপ্রজনন আৰু বহিঃ প্রজনন।

(b) বহিঃসংকৰণ আৰু বৰ্ণসংকৰণ।

4. কায়িক সংকৰ কি?

5. ‘সঁচ’ শব্দটোৱে কি বুজায়? প্রাণী প্রজননৰ মুখ্য উদ্দেশ্যসমূহ কি কি?

6. মৌ পালন বুলিলে কি বুজা? আমাৰ জীৱনত ইয়াৰ উপকাৰিতা কেনেধৰণৰ লিখা।

7. প্রাণী প্রজননৰ পদ্ধতিসমূহ চমুকৈ আলোচনা কৰা।

8. এগুন ক্রমজম বিশিষ্ট উদ্ভিদ কি? আধুনিক কৃষিপদ্ধতিত এগুণ ক্রম’জন বিশিষ্ট উদ্ভিদৰ সৃষ্টিৰ উদ্দেশ্য লিখা।

9. পুষ্টিহীনতাৰ কাৰকবোৰ কি কি? আমাৰ খাদ্যত থকা পুষ্টিহীনতাৰ দুটা বাৰদৰ নাম লিখা।

10. মৎস্যপালন আৰু জলজ জীৱ পালন কি? দুয়ো প্রকাৰৰ উপকাৰিতা আলোচনা কৰা।

V. বর্ণনামূলক প্রশ্ন (৫ নম্বৰ)ঃ

1. খাদ্য উৎপাদনত মৎস্য পালনৰ ভূমিকাৰ বিষয়ে লিখা।

2. সেউজ বিপ্লৱ মানে কি? উদ্ভিদ প্রজননৰ জৰিয়তে কেনেকৈ ইয়াক সম্ভৱপুৰ কৰিব পাৰি লিখা।

3. উদ্ভিদ প্রজনন প্রক্রিয়াটোৰ মূল ভাগসমূহ বর্ণনা কৰা।

4. কলা কৰ্ষণ মানে কি? শস্যৰ উন্নীতকৰণত ই কেনেকৈ সহায় কৰে?

5. পশুপালন বুলিলে কি বুজা? মানৱ কল্যাণত ইয়াৰ ভূমিকা চমুকৈ আলোচনা কৰা।

6. জীৱ প্ৰৱলীকৰণ কি? জীৱ প্ৰৱলীকৰণৰ প্ৰয়োজনীয়তা আলোচনা কৰা। এই পদ্ধতিত আধুনিক জীৱপ্রযুক্তিবৈজ্ঞানিক কৌশলৰ প্রয়োজন হয় নেকি?

7. উদ্ভিদ প্রজনন কি? ইয়াৰ ভূমিকা আলোচনা কৰা আৰু এটা নতুন জিনীয় উদ্ভিদৰ প্ৰকাৰ প্রজননত অন্তর্ভুক্ত হোৱা বিভিন্ন স্তৰৰ বর্ণনা কৰা।

Type Himanku Bora