বতাহৰ গতিবেগ আৰু প্ৰকৃতি সম্পকীয় বিউফৰ্ট স্কেল | বায়ুমগুলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ | দ্বিতীয় অধ্যায় | নৱম শ্ৰেণী পাঠ্যপুথি ভূগোল | Class 9  Social Science Chapter 2

বিউফৰ্ট নম্বৰঃ 0

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ<1

বতাহৰ প্ৰকৃতিঃ মম্হ বতাহ (Calm)

বতাহৰ প্ৰভাৱঃ ধোঁৱা উলম্বিকভাৱে ওপৰলৈ উঠে ।


বিউফৰ্ট নম্বৰঃ ১

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ ১-৩

বতাহৰ প্ৰকৃতিঃ ক্ষীণ বতাহ (Light Air)

বতাহৰ প্ৰভাৱঃ ধোঁৱা বায়ুৰ দিশ অনুযায়ীৰ যায়, কিন্তু বতাহ নিৰ্দেশক নুঘূৰে ।


বিউফৰ্ট নম্বৰঃ ২

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ ৪-৬

বতাহৰ প্ৰকৃতিঃ পাতল বতাহ (Light Breeze)

বতাহৰ প্ৰভাৱঃ বায়ু নিৰ্দেশক ঘূৰে, চকু - মুখত বতাহৰ কোব অনুভূত হয় ।


বিউফৰ্ট নম্বৰঃ ৩

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ ৭-১০

বতাহৰ প্ৰকৃতিঃ ৰিব্- ৰিব্ বতাহ ( Gentle Breeze)

বতাহৰ প্ৰভাৱঃ গছৰ পাত আৰু কুঁহিপাত লৰে পাতল কাপোৰৰ পতাকা পোন হয়। 


বিউফৰ্ট নম্বৰঃ ৪

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ ১১-১৬

বতাহৰ প্ৰকৃতিঃ পৰিমিত বতাহ ( Moderate Breeze)

বতাহৰ প্ৰভাৱঃ ধূলি আৰু ফটা কাগজ উৰুৱাই নিয়ে, গছৰ ডাল লৰে ।

বিউফৰ্ট নম্বৰঃ ৫

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ ১৭- ২১

বতাহৰ প্ৰকৃতিঃ সতেজ বতাহ  ( Fresh Breeze)

বতাহৰ প্ৰভাৱঃ  সৰু গছ- গছনি হালি পৰে , পুখুৰীৰ পানীত সৰু ঢৌ উঠে ।

বিউফৰ্ট নম্বৰঃ ৬

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ ২২-২৭

বতাহৰ প্ৰকৃতিঃ প্ৰবল বতাহ  ( Strong Breeze)

বতাহৰ প্ৰভাৱঃ  গছৰ ডাঙৰ ডাঙৰ ডাল লৰে, টেলিফোন তাঁৰত সুহুৰিৰ শব্দ হয় , ছাতি ব্যৱহাৰত কষ্ট হয় ।

বিউফৰ্ট নম্বৰঃ ৭

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ ২৮- ৩৩

বতাহৰ প্ৰকৃতিঃ পৰিমিত ধুমুহা বতাহ ( Moderate Gale)

বতাহৰ প্ৰভাৱঃ গছ- গছনি লৰে, খোজ কাঢ়োতে বতাহে কোবায় ।

বিউফৰ্ট নম্বৰঃ ৮

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ ৩৮-৪০

বতাহৰ প্ৰকৃতিঃ সতেজ ধুমুহা বতাহ ( Fresh Gale)

বতাহৰ প্ৰভাৱঃ গছৰ কুঁহিপাত ছিগি যায়, খোজকাঢ়ি আগবাঢ়িব নোৱাৰি ।

বিউফৰ্ট নম্বৰঃ ৯

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ ৪১- ৪৭

বতাহৰ প্ৰকৃতিঃ প্ৰবল ধূমুহা বতাহ ( Whole Gale)

বতাহৰ প্ৰভাৱঃ ঘৰ- বাৰী ভাঙি পৰাৰ উপক্ৰম হয় গছৰ ডাল ভাঙি যায় খেৰৰ ঘৰৰ চাল উৰুৱাই নিয়ে ।

বিউফৰ্ট নম্বৰঃ ১০

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ ৪৮- ৫৫

বতাহৰ প্ৰকৃতিঃ পাকঘূৰণি বতাহ (Whole Gale)

বতাহৰ প্ৰভাৱঃ ঘৰ- বাৰী উৰুৱাই নিয়ে গছ -গছনি উভালি পৰে ঘৰ- দুৱাৰৰ বিস্তৰ ক্ষয় ক্ষতি হয় ।

বিউফৰ্ট নম্বৰঃ ১১

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ ৫৬- ৬৩

বতাহৰ প্ৰকৃতিঃ ধুমুহা বতাহ (Storm)

বতাহৰ প্ৰভাৱঃ কাচিৎ অনুভূত  হয় অশেষ ক্ষতিকাৰক ।


বিউফৰ্ট নম্বৰঃ ১২

বতাহৰ গতিবেগ ( নট হিচাপত) ঃ > ৬৪

বতাহৰ প্ৰকৃতিঃ হাৰিকেন বতাহ (Hurricane)

বতাহৰ প্ৰভাৱঃ  আতংক সৃষ্টিকাৰী ধুমুহা, সা- সম্পত্তি, ধন- জনৰ অশেষ ক্ষতিকাৰক, ক্ৰান্তীয় অঞ্চলত বেছিকৈ পৰিলক্ষিত হয় ।


Social Science Geography 9,

type: Sumit Patar






Post ID : DABP005721