ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক

ভূপৃষ্ঠত বাহ্যিক কাৰকবোৰে মূলত ঃ বাহিৰৰপৰা ক্ৰিয়া কৰে । এই কাৰকবোৰৰ উৎস  সূৰ্য আৰু বায়ুমগুল  বুলি কব পাৰি। বাহ্যিক কাৰকবোৰৰ ভিতৰত সৌৰশক্তি বতাহ বৰষুণ নদী হিমবাহ আৰু সাগৰৰ ঢৌ প্ৰধান। তদুপৰি ভূপৃষ্ঠত থকা গছ - গছনি জীৱ - জন্তু আদি জৈৱিক কাৰকেও ভূুপৃষ্ঠৰ  পৰিৱৰ্তনত কম - বেছি  পৰিমাণে অৰিহণা যোগায় । 

ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি থকা বাহ্যিক কাৰকসমূহৰ ধৰ্ম আৰু শক্তি সকলো স্থান আৰু কালত একে নহয় । ভূপৃষ্ঠৰ বেলেগ বেলেগ অঞ্চলত আৰু বেলেগ বেলেগ  সময়ত সেইবোৰৰ ক্ৰিয়া পাৰ্থক্য ঘটে । আজিপৰা দুই নিযুত বছৰ পূৰ্বে,অৰ্থাৎ হিম যুগত পৃথিৱীৰ উপৰিভাগৰ বহু অংশ তুষাৰে ঢাকি ৰাখিছিল  । সেই সময়ত হিমবাহ কাৰ্য যিমান ব্যাপক আছিল, বৰ্তমান সিমান নহয় । ভৱিষ্যতেও গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হিমবাহৰ কাৰ্যৰ লক্ষণীয় পৰিৱৰ্তন ঘটাৰ সম্ভৱনা আছে । 

    মন কৰিবলগীয়া কথা একোটা অঞ্চলত ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ একোটা প্ৰক্ৰিয়াইহে প্ৰাধান্য লাভ কৰা দেখা যায় । সাধাৰণতে বেছি বৰষুণ হোৱা অঞ্চলত নদীৰ কাৰ্য অতি কম  বৰষুণ হোৱা মৰুভূমি অঞ্চলত বতাহৰ কাৰ্য দুই মেৰু অঞ্চলৰ লগতে অতি উচ্চ পাৰ্বত্য অঞ্চলত হিমবাহৰ অঞ্চলত হিমবাহৰ কাৰ্য আৰু সাগৰ- মহাসাগৰৰ উপকূল অঞ্চলত ঢৌ কাৰ্যই প্ৰধান ভূমিকা পালন কৰে । এইবোৰ কাৰকে সংশ্লিষ্ট অঞ্চলবোৰৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি বিশেষ কিছুমান স্থলাকৃতিৰ সৃ্ষ্টি কৰে । উল্লেখযোগ্য যে এই আটাইবোৰেই হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী বাহ্যিক কাৰক ।

Type Sumit Patar.

Class 9 Social Science.




Post ID DABP005735