জনসাধাৰণৰ মৌলিক পৰিচয়
চূড়ান্তভাৱে আৰু অতি গুৰুত্বপূৰ্ণভাৱে এখন সংবিধানে জনসাধাৰণৰ মৌলিক পৰিচয় দাঙি ধৰে।
ইয়াৰ অৰ্থ এয়ে যে এক সামূহিক সত্বা হিচাপে সংবিধান জৰিয়তে জনসাধাৰণৰ অস্তিত্ব গম পোৱা যায় । জলসাধাণৰ কিদৰে শাসিত হব সেই সমন্ধে কিছুমান সামূহিক নীতি গ্ৰহণ কৰি সদসাধাৰণ সামূহিক সত্বা গঢ়লৈ উঠে । সংবিধান গ্ৰহণ কৰা আগতে এজন বেলেগবেলেগ পৰিচয় থাকিব পাৰে। কিন্তু কিছুমান মৌলিক নীতি আৰু আৰ্দশক স্বীকৃতি দিয়াৰ পাছত এজন ব্যক্তিৰ মৌলিক ৰাজনৈতিক পৰিচয় গঢ় লৈ উঠেৈ । দ্বীতিয়তে সাংবিধানিক নীতিসমূহৰ এনে এক ব্যাপক কাঠামো যাৰ ভিতৰতেই ব্যক্তিয়ে নিজৰ ব্যক্তিগত আশা -আকাঙ্খা, লক্ষ্য আৰু স্বাধীনতা ইচ্ছা পূৰণ দিশত আগবাঢ়িব পাৰে । সংবিধানে আমি কৰা বা নকৰা কামৰ ওপৰত কৰ্তৃত্বশীল বাধা আৰোপ কৰিব পাৰে । তদুপৰি ই কিছুমান মৌলিক মূল্যবোধ নিৰূপিত কৰে যিবোৰ অতিক্ৰম কৰাটো আমাৰ বাবে অসম্ভব হৈ পৰে । গতিকে এখন সংবিধানে এজন ব্যক্তিৰ নৈতিক পৰিচয়ো দাঙি ধৰে । তৃতীয়তে এইটো কব পাৰি যে বহুতো মৌলিক ৰাজনৈতিক আৰি নৈতিক মূলবোধ বৰ্ত্তমান বিভিন্ন সাংবিধানিক পৰম্পৰাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ।
যদি আমি পৃথিৱীৰ বিভিন্ন সংবিধানসমূহলৈ চাওঁ তেতিয়া আমি চৰকাৰ গঠনৰ ফালৰ পৰা ভিন্নতা দেখিবলৈ পাওঁ । কিন্তু তাৰ লগতে সংবিধানসমূহে বহুবোৰ এনেধৰণৰ কথা সন্নিবিষ্ট কৰে । বেছিভাগ আধুনিক সংবিধানেই গণতান্ত্ৰিক চৰকাৰৰ সৃষ্টি কৰিছে । এনেধৰণৰ নসংবিধানে জনসাধাৰণৰ মৌলিক অধিকাসমূহৰ সুৰক্ষিত কৰা বুলি দাবী কৰে । কিন্তু প্ৰকৃতিগত পৰিচয় সন্নবিষ্ট কৰাৰ ক্ষেত্ৰত সংবিধানসমূহৰ ভিন্নতা পৰিলক্ষিত হয় । বেছিভাগ ৰাষ্ট্ৰই হৈছে এক জটিল ঐতিহাসিক পৰস্পৰাৰ মিশ্ৰণ । ৰাষ্ট্ৰৰ কাঠামোৰ ভিতৰতে বিভিন্ন জাতি- জনজাতিৰ মিলন ঘটে । উদাহণ স্বৰূপে জাৰ্মানীৰ সংবিধানে জাৰ্মান নৃ- গোষ্ঠীয় পৰিচয় ওপৰত সাংবিধানে নৃ- গোষ্ঠীয় পৰিচয় ওপৰত সাংবিধানিক পৰিচয় দাঙি ধৰা নাই । বিভিন্ন ৰাষ্ট্ৰই ৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলৰ মাজত তথা অঞ্চলসমূহৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কেনেধৰণৰ সম্বন্ধ হব সেইবিষয়ে বেলেগ ধাৰণা সংবিধানত সন্নিবিষ্ট কৰিছে ।
Type Sumit Patar
Class 11 Political Science