তাপ


৪.৩ পৰীক্ষাগাৰৰ তাপমেতাঃ

 আন বস্তুৰ উষ্ণতা আমি কেনেকৈ জোখো ? ইয়াৰ বাবে অন্য তাপমেতা আছে। এনে ধৰণৰ এবিধ তাপমেতা হৈছে পৰীক্ষাগাৰৰ তাপমেতা (laboratory thermometer)। তােমালােকৰ শিক্ষকে এনে তাপমেতা তােমালােকক দেখুৱাব।

 বিভিন্ন কামৰ বাবে বিভিন্ন তাপমেতাৰ ব্যৱহাৰ কৰা হয়। বতৰৰ বতৰাত দিয়া আগদিনাৰ সর্বোচ্চ আৰু সর্বনিম্ন উষ্ণতাৰ। মানবােৰ সর্বোচ্চ সর্বনিম্ন তাপমেতা নামৰ তাপমেতাৰে জোখা হয়।

 পৰীক্ষাগাৰৰ তাপমেতা এটা মনােযােগেৰে লক্ষ্য কৰা আৰু ই জুখিব পৰা সর্বনিম্ন আৰু সর্বোচ্চ উষ্ণতাৰ মান লিখি ৰাখা। পৰীক্ষাগাৰৰ তাপমেতাৰ জোখৰ পৰিসৰ সাধাৰণতে-১০°C ৰপৰা ১১০°C ৰ ভিতৰত থাকে (চিত্র ৪.৪)। জ্বৰ জোখা তাপমেতাৰ ক্ষেত্ৰত কৰাৰ নিচিনাকৈ এই তাপমেতাৰ এটা সৰু ভাগে কিমান পাঠ বুজায় তাক নির্ণয় কৰা। তাপমেতাৰ পাঠ শুদ্ধকৈ লােৱাৰ বাবে তােমালােকক এই তথ্যৰ প্রয়ােজন হ’ব। এনেকুৱা তাপমেতাৰ ব্যৱহাৰৰ প্ৰণালীৰ বিষয়ে শিকো আহা।

 ক্রিয়াকলাপ ৪.৪ 

এটা বিকাৰ বা মগত অলপমান টেপ পানী লােৱা। পানীত তাপমেতাটো এনেদৰে ডুবাই দিয়া যাতে ইয়াৰ বাব্বে পাত্ৰৰ তলি বা কাষ স্পর্শ নকৰে। তাপমেটো উলম্বভাৱে ধৰি ৰাখা (চিত্র -৪.৫)। তাপমেতাত পাৰাৰ গতিবিধি লক্ষ্য কৰা। পাৰাৰ আঁচডাল সুস্থিৰ ননাহােৱালৈকে অপেক্ষা কৰা। এতিয়া ইয়াৰ পাঠ লােৱা। ই হ’ব সেই সময়ত পানীৰ উষ্ণতা। 

 পৰীক্ষাগাৰৰ তাপমেতাৰ ব্যৱহাৰত জুৰ জোখা তাপমেতাৰ ক্ষেত্ৰত অৱলম্বন কৰা সাৱধানতাবােৰৰ উপৰি নিম্নোক্ত ব্যবস্থাবােৰ গ্ৰহণ কৰিব লাগে— E ইয়াক হেলনীয়াকৈ নাৰাখি থিয়কৈ ৰাখিব লাগে ( চিত্র ৪.৫ ) । যিটো বস্তুৰ উষ্ণতা জুখিব লাগে তাৰে তাপমেতাৰ বাটো চাৰিওফালৰপৰা আগুৰি ৰাখিব লাগে । বাটো পাত্ৰৰ পৃষ্ঠভাগ স্পর্শ কৰিব নালাগিব ।


শ্ৰেণীৰ প্ৰতিজন ছাত্ৰই লিপিবদ্ধ কৰা পানীৰ উষ্ণতাৰ তুলনা কৰা। এই পাঠবোৰৰ মাজত কিবা তাৰতম্য় চকুত পৰিছেনে? সম্ভাৱ্য় কাৰণবোৰ আলোচনা কৰা এই প্ৰশ্নৰ বিচাৰি চাওঁ আহা। 

ক্রিয়াকলাপ ৪.৫

 এটা বিকাৰ বা মগত অলপ গৰম পানী লােৱা। এতিয়া তাপমেটো পানীত ডুবােৱা। পাৰাৰ আঁচড়াল সুস্থিৰ নােহাৱা পর্যন্ত অপেক্ষা কৰা আৰু উষ্ণতাৰ পাঠ লিখি ৰাখা। এতিয়া পানীৰ পৰা তাপমেটো উলিয়াই আনা। কি ঘটে মনােযােগেৰে লক্ষ্য কৰা। পানীৰপৰা উলিয়াই অনাৰ লগে লগে পাৰাৰ উচ্চতা কমিবলৈ ধৰা কথাটো মন কৰিছানে? ইয়াৰ অর্থ হল এই যে তাপমেতাটো পানীত ডুবি থকা অৱস্থাতেই তাৰ পাঠ ল’ব লাগিব।


তােমাৰ মনত পৰিব পাৰে যে জ্বৰ জোখা তাপমেতাৰে তােমাৰ শৰীৰৰ উষ্ণতা জোখাৰ সময়ত ইয়াক মুখৰ বাহিৰলৈ উলিয়াই আনিহে উষ্ণতাৰ পাঠ লৈছিলা। তুমি তেতিয়া হ'লে শৰীৰৰ উষ্ণতা জুখিবলৈ পৰীক্ষাগাৰৰ তাপমেতা ব্যৱহাৰ কৰিব পাৰিবানে? নিশ্চয়কৈ এই কামৰ বাবে পৰীক্ষাগাৰৰ তাপমেতা উপযােগী নহয়।

 জ্বৰ জোখা তাপমেতা এটা মুখৰপৰা উলিয়াই আনিলেও ইয়াৰ পাৰাস্তম্ভৰ উচ্চতাৰ হেৰফেৰ নহয় কিয়?

 জ্বৰ জোখা তাপোমেতা এটা পুনৰাই নিৰিক্ষন কৰা বাল্বৰ সমীপত এটা ভাঁজ জোখ দেখা পাইছানে?(চিত্ৰ-৪.৬) 

এই ভাঁজটোৰ কাম কি? ই পাৰাক আপোনা আপুনি নামি  যোৱাত বাধা দিয়ে।

    তাপমেত পাৰাৰ ব্যবহাৰ বর্তমানে এটা চিন্তাৰ বিষয় হৈ পৰিছে। পাৰা এবিধ বিষাক্ত পদার্থ আৰু কেনেবাকৈ তাপমেতা এটা ভাঙিলে তাৰ পাৰাখিনিৰ নিষ্পত্তি (disposal) অতিশয় দুঃসাধ্য কাম হৈ পৰে। আজিকালি ডিজিটেল otalmols (digital thermometer) পােৱা যায়, য'ত পাৰাৰ ব্যৱহাৰ নহয়।


Type: Ankur Raj Deka

Class 7 Scienc