প্ৰাণীৰ বাসস্থান | পাঠ-৩ | Lesson 3 | Class 3 Environment Solution Assam | Class 3 Environment Question Answer Assamese Medium | Class 3 Environment Suggestion | Class 3 Environment Assam Government School | Assam Government School Class 3 Environment Question and Answer Notes | তৃতীয় শ্ৰেণী পৰিৱেশ | তৃতীয় শ্ৰেণী পৰিৱেশৰ প্ৰাণীৰ বাসস্থান পাঠটো প্ৰশ্ন আৰু উত্তৰ |

পাঠ ৩ 

প্ৰাণীৰ বাসস্থান 

অনুশীলনী

১। উত্তৰ লিখা

ক) তিনিটা পোহনীয়া প্ৰাণীৰ নাম 

উত্তৰঃ তিনিটা পোহনীয়া প্ৰাণীৰ নাম হৈছে গৰু, ছাগলী আৰু কুকুৰ। 


খ) ঘৰ সাজোঁতে ব্যৱহাৰ কৰা তিনিবিধ সামগ্ৰীৰ নাম 

উত্তৰঃ ঘৰ সাজোঁতে ব্যৱহাৰ কৰা তিনিবিধ সামগ্ৰীৰ নাম হৈছে ইটা, বাঁহ আৰু চিমেণ্ট।


গ) পানীৰ তলত গাঁতত সোমাই থকা দুবিধ মাছৰ নাম 

উত্তৰঃ পানীৰ তলত গাঁতত সোমাই থকা দুবিধ মাছৰ নাম হৈছে শিঙি আৰু মাগুৰ।


ঘ) হাবিৰ মাজত থকা গুহাত বাস কৰা দুবিধ প্ৰাণীৰ নাম

উত্তৰঃ হাবিৰ মাজত থকা গুহাত বাস কৰা দুবিধ প্ৰাণীৰ নাম হৈছে বাঘ আৰু সিংহ। 


২। খালী ঠাই পূৰ কৰা 一

ক) পোহনীয়া প্ৰাণীক মানুহে থকা ঠাইৰ ব্যৱস্থা কৰি দিয়ে।

খ) পাতসীয়া চৰায়ে গছৰ পাত সী বাহ সাজে।

গ) কুলি চৰায়ে নিজে বাহ নাসাজি কাউৰীৰ বাহত কণী পাৰি পোৱালী জগায়।

ঘ) মৌ-মাখিৰ বাহক মৌচাক বোলে।


৩। 'ক' অংশৰ লগত 'খ' আঁচ টানি মিলোৱা 一

 'ক'    

 'খ'

 বাঘ, সিংহ 

চৰায়ে বাহত 

উঁই পৰুৱা,কুমাৰণীয়ে

বাঢ়ৈটোকা  চৰায়ে 

 গছৰ খোৰোঙত বাস কৰে।

মাটিৰে বাহ সাজে।

কণী পাৰি পোৱালি জগায়।

গুহাত থাকে।

উত্তৰঃ- 

 'ক'

 'খ'

 বাঘ, সিংহ 

 গুহাত থাকে।

 চৰায়ে বাহত

 কণী পাৰি পোৱালি জগায়।

 উঁই পৰুৱা,কুমাৰণীয়ে

 মাটিৰে বাহ সাজে।

 বাঢ়ৈটোকা  চৰায়ে 

 গছৰ খোৰোঙত বাস কৰে।




৪) শুদ্ধ বাক্যটো '✔' চিন দিয়া।

ক) সকলো প্ৰাণীকে ৰ'দ, বৰষুণ আৰু শত্ৰুৰ পৰা ৰক্ষা পাবৰ বাবে বাসস্থান লাগে।

উত্তৰঃ- ✓।


খ) কপৌ চৰায়ে গছৰ গাত খোৰোং কৰি বাস কৰে।

উত্তৰঃ-  🗙


গ) টোকোৰা চৰায়ে তামোল, নাৰিকল আদি গছৰ পাতত বাহ সাজে।

উত্তৰঃ- 


ঘ) ঘৰৰ ভেঁটি ওখ আৰু ৰ'দ পৰা হ'ব লাগে।

উত্তৰঃ- 


ঙ) কণামুচৰি আৰু মাছৰোকা চৰায়ে সাঁতুৰি ভাল পায় বাবে ইহঁতে নৈ, বিল আদিৰ পাৰত থকা গছত বাহ সাজে।

উত্তৰঃ- 🗙


৫) কোন প্ৰাণী ক'ত থাকে লিখা 一

কেঁচু- কেঁচু মাটি তলৰ গাতত বাস কৰে।

জেঠী- ঘৰৰ বেৰত 

হৰিণা- হৰিণাবোৰ জাক পাতি ডাঠ ঘাঁহনি বা জোপোহা উদ্ভিদৰ মাজত বাস কৰে। 

কাছ-  কাছৰ পানীত বাস কৰে।

সাপ- কিছুমান সাপ গছৰ খোৰোঙাত আৰু মাটিত বাস কৰে আৰু কিছুমান পানীতো বাস কৰে। 


Nayan Jyoti Bordoloi



Post ID : DABP006541