৭৩ তম আৰু ৭৪ তম সংশোধনী

কেন্দ্ৰীয় চৰকাৰে ১৯৮৯ চনত দুখন সংবিধান সংশোধনী বিধেয় উত্থাপন কৰিছিল। এই সংশোধনীৰ লক্ষ্য আছিল স্থানীয় চৰকাৰক শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে স্থানীয় প্ৰশাসনৰ গঠন আৰু কাৰ্যৰ সমৰূপতা প্ৰৱৰ্তন কৰা।

    ব্রাজিলৰ সংবিধানে ৰাজ্যিক যুক্তৰাষ্ট্ৰীয় জিলা আৰু পৌৰসভা গঠন কৰিছে । সেইবােৰৰ প্রত্যেককে স্বতন্ত্র ক্ষমতা আৰু ক্ষেত্ৰাধিকাৰ প্ৰদান কৰা হৈছে । গণৰাজ্যই যেনেকৈ ৰাজ্যৰ কাৰ্যত হস্তক্ষপ কৰিব নােৱাৰে ( সংবিধানে প্রদান কৰা বিশেষ ক্ষমতাৰ বাহিৰে ) সেইদৰে পৌৰসভাৰ কার্যাৱলীততা হস্তক্ষেপ কৰিবলৈ ৰাজ্যসমূহক বাধা দিয়া হৈছে । এই ব্যৱস্থাটোৱে স্থানীয় চৰকাৰৰ স্বতন্ত্রতাক ৰক্ষণাবেক্ষণ দিছে ।

     ইয়াৰ পিছত ১৯৯২ চনত সংসদে ৭৩ তম আৰু ৭৪ তম সংবিধান সংশােধনী বিধেয় পাছ কৰে । ৭৩ তম সংশােধনীয়ে গ্রাম্য স্থানীয় চৰকাৰৰ বিষয়ে ( যাক পঞ্চায়তৰাজ অনুষ্ঠান বুলি কোৱা হয় ) ( Panchayati Raj Institutions or PRIS ) আৰু ৭৪ তম সংশােধনীয়ে নগৰীয়া স্থানীয় চৰকাৰৰ ( নগৰ - পালিকা—– Nagar - palikas ) বিষয়ে ব্যৱস্থা কৰিছে । এই ৭৩ তম আৰু ৭৪ তম সংশােধনী কার্যকৰী হয় ১৯৯৩ চনত ।

     আমি আগতে লক্ষ্য কৰিছো যে স্থানীয় চৰকাৰ হ’ল এক ৰাজ্যিক তালিকাভুক্ত বিষয় । এই ক্ষেত্ৰত ৰাজ্যবিলাকে নিজা নিজা আইন প্রণয়ন কৰিব পাৰে । কিন্তু যিহেতু এবাৰ সংবিধান সংশােধন কৰা হৈছে সেয়ে ৰাজ্যবিলাকেও সিবিলাকৰ স্থানীয় প্রশাসনিক গােটৰ ওপৰত কৰা আইনৰ পৰিৱৰ্তন ঘটাই সংশােধিত সংবিধানৰ লগত সামঞ্জস্য ৰাখিব লাগে । সংবিধানৰ এই সংশােধনীৰ লগত খাপ খােৱাকৈ ৰাজ্যসমূহক নিজৰ নিজৰ ৰাজ্যিক আইনবিলাকৰ প্ৰয়ােজনীয় পৰিৱৰ্তন আনিবলৈ এক বছৰ সময় দিয়া হয় ।

Type Sumit Patar

Class 11 Political Science