পৰামৰ্শদানৰ ক্ষমতা

মৌলিক আৰু আপবীল ক্ষমতাৰ উপৰিও ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদানৰ ক্ষমতা আছে। কোনো ৰাজহুৱা গুৰুত্বপূৰ্ণ নাইবা আইন সংক্ৰান্ত বিষয়ত সমবিধান ব্যাখ্যাৰ প্ৰয়োজন হলে ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়্যালয়ৰ পৰামৰ্শৰ  বিচাৰিব পাৰে। কিন্তু ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ মানিবলৈ বাধ্য নহয়। গতিকে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান  ক্ষমতাৰ উপযোগিতাৰ  কি? ইয়াৰ দুইধৰণৰ উপযোগিতাৰ আছে ।প্ৰথমতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত কাৰ্যব্যৱস্থাৰ  গ্ৰহণৰ আগতে চৰকাৰে বিধিগত মতামত জানি লব পাৰে। ইয়ে অপ্ৰয়োজনীয় বিবাদ বা মোকৰ্দমা এৰাই চলাত চৰকাৰক  সহায় কৰে। দ্বিতীয়তে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শৰ ভিত্তিত, চৰকাৰে নিজৰ কোনো কাৰ্য্যব্যৱস্থা নাইবা বিধেয়কৰ উপযুক্তবাৱে সংশোধন কৰিব  পাৰে। 

 ওপৰত উল্লেখ কৰা অনুচ্ছেদ দুটা পঢ়ি চোঁৱা। ভাৰতৰ ন্যায়াপালিকাৰ এককেন্দ্ৰীক প্ৰকৃতি সম্পৰ্কে এই অনুচ্ছেদ দুটা পঢ়ি জানিব পাৰি। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰন আৰু ৰাজ্য চৰকাবোৰ উহয়ে একে বিচাৰ ব্যৱস্থাৰ দ্বাৰা নিয়ন্ত্ৰিত। সমগ্ৰ ভাৰতৰ বিচাৰ ব্যৱস্থা উচ্চতম ন্যায়ালয়ৰ নিয়ন্ত্ৰণাধীন। ভাৰতৰ সকলো ন্যায়ালয়ে উচ্চতম ন্য়ায়ালয়ৰ নিৰ্দেশ আৰু ৰায় মানি চলিবলৈ বাধ্য ।উচ্চতম ন্যয়ালয়ে নিজে পূৰ্বতে প্ৰদান কৰা ৰায় বা সিদ্ধান্ত  পুনৰ বিবেচনা কৰি নতুন ৰায় দিব পাৰে।  ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে কোনো ব্যক্তিক. আদালত অৱমাননাৰ  অভিযোগত শাস্তি  প্ৰাদান কৰিব পাৰে। 

Type Sumit Patar 

Class 11 Political Science