আপীল জাৰি ক্ষমতা 

উচ্চতম ন্যয়ালয় হল সৰ্ব্বোচ আপীল আদালত। সাংবিধানিক, দেৱানী আৰু ফৌজদাৰী গোচৰত উচ্চতম ন্যায়ালয়ে আপীল ক্ষমতা প্ৰয়োগ কৰিব পাৰে। এজন ব্যক্তিয়ে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্য়ায়ালয়ত আপীল কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে নিৰ্দিষ্ট গোচৰটো আপীলযোগ্য বুলি প্ৰমাণপত্ৰ দিব লাগে। অৰ্থাৎ  উচ্চ ন্যায়ালয়ে গোচৰটোৰ সৈতে আইন নাইবা সংবিধানৰ ব্যাখ্যা জড়িত আছে বুলি প্ৰমাণপত্ৰ দিব লাগে।কিন্তু,উচ্চ ন্যায়ালয়ে আপীলৰ অনুমতি নিদিলেও উচ্চতম ন্যায়ালয়ে আপীল গ্ৰহণ কৰা ক্ষমতা আছে। ইয়াৰ উপৰিও ফৌজদাৰী গোচৰত আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায়ৰ বিৰুদ্ধে এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰে। সহজ অৰ্থত আপীল অধিকাৰ ক্ষেত্ৰ মানে উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায় বা সিদ্ধান্তৰ পুণৰ বিবেচনা কৰাৰ ক্ষমতা। এই ক্ষমতা প্ৰয়োগ কৰি উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল নাইবা সলনি কৰিব পাৰেআৰু গোচৰটোৰ সৈতে জড়িত বিধিগত দিশৰ নতুন ব্যাখ্য়া প্ৰদান কৰিব পাৰে।  উচ্চ ন্যায়ালয়বোৰও নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে আপীল ক্ষমতা প্ৰয়োগ কৰিব পাৰে। 

Type Sumit Patar

Class 11 Political science