৮.৪ পৃথিৱীত উত্তাপৰ তাৰতম্য হােৱা বাবে বতাহৰ প্ৰৱাহ সৃষ্টি হয়ঃ 

 এই পৰিস্থিতিবােৰ হ’লঃ

(ক) মেৰু আৰু বিষুৱ অঞ্চলৰ মাজত উত্তাপৰ তাৰতম্য 

তােমালােকে ভূগােলত নিশ্চয় পাইছা যে বিষুৱৰ (equator) নিকটৱর্তী অঞ্চলবােৰে সূৰ্যৰ তাপ সর্বাধিক পৰিমাণে লাভ কৰে । এই অঞ্চলবােৰৰ বায়ু উত্তপ্ত হয়। উত্তপ্ত বায়ু উর্ধ্বগামী হয় আৰু বিষুৱৰ দুয়ােফালৰ ০- ৩০ ডিগ্রী অক্ষাংশৰ অন্তৰ্গত অঞ্চলৰ শীতল বতাহ সেই খালী ঠাই পূর্ণ কৰিবলৈ প্ৰৱাহিত হ’বলৈ আৰম্ভ কৰে । এই বতাহ উত্তৰ আৰু দক্ষিণৰ পৰা বিযুৱলৈ বয় । আকৌ মেৰু অঞ্চলৰ বায়ু ৬০ ডিগ্রী অক্ষাংশত অৱস্থিত অঞ্চলৰ বায়ুতকৈ শীতল । এনেবােৰ অক্ষাংশৰ গৰম বতাহ উর্ধ্বগামী হয় আৰু মেৰু অঞ্চলৰ শীতল বতাহ বৈ আহি তেনেদৰে খালী হােৱা ঠাইবােৰ পূর্ণ কৰে । চিত্র ৮.৮ ত দেখুওৱা অনুসৰি মেৰুৰপৰা উষ্ণ অক্ষাংশলৈ বতাহৰ সঞ্চালন হয় ।

    উত্তৰৰ পৰা দক্ষিণলৈ নাইবা দক্ষিণৰ পৰা উত্তৰলৈ প্ৰৱাহিক বতাহ উত্তৰা-দক্ষিণাকৈ প্ৰৱাহিত হ'ব লাগে। কিন্তু পৃথিৱীৰ আৱৰ্তনৰ বাবে বতাহৰ দিশ সলনি হয়।

( খ ) স্থলভাগ আৰু জলভাগৰ উত্তাপৰ তাৰতম্য 

তােমালােকে ৪ নং পাঠত জলবতাহ আৰু স্থলবতাহৰ বিষয়ে পঢ়িছিলা । 

    গ্রীষ্মকালত বিষুৱীয় অঞ্চলৰ স্থলভাগ সােনকালে গৰম হয় আৰু প্ৰায়ভাগ সময়তে স্থলভাগৰ উষ্ণতা সাগৰৰ পানীৰ উষ্ণতাতকৈ বেছি হয় । স্থলভাগৰ ওপৰৰ বায়ু উত্তপ্ত হয় আৰু ওপৰলৈ উঠে । ইয়াৰ পৰিণতিত জলভাগৰপৰা স্থলভাগলৈ বতাহৰ প্ৰৱাহ আৰম্ভ হয় । ইয়েই হ’ল মৌচুমী বতাহ ( monsoon winds ) ( চিত্র ৮.৯ ) । 

ইংৰাজী শব্দ ‘ মনচুন ’ ( monsoon ) আৰৱীয় শব্দ “ মৌচম ’ ( mausam ) ৰ পৰা আহিছে । আৰৱী ভাষাত মৌচমৰ অৰ্থ হ'ল ঋতু । মৌচুমী হ’ল মৌচমৰ অসমীয়া ৰূপ ।

 শীতকালত বতাহৰ গতি বিপৰীতমুখী হয় ; ই স্থলভাগৰপৰা জলভাগলৈ প্ৰৱাহিত হয় ( চিত্র ৮.১০ ) ।

 সাগৰৰ পৰা অহা বতাহে জলীয় ভাপ কঢ়িয়ায় আনে আৰু ফলস্বৰূপে বৰষুণ হয় । ই জলচক্ৰৰ এটা অংশ । মৌচুমী বতাহে পানী কঢ়িয়ায় আৰু এই কাৰণে বৰষুণ হয় । মেঘে বৰষুণ দিয়ে আৰু আমাক আনন্দিত কৰে । আমাৰ দেশৰ কৃষকসকলে ফচলৰ বাবে প্রধানকৈ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে । মেঘ আৰু বৰষুণৰ লগত জড়িত অনেক লােকগীত আছে । তােমালােকে যদি তেনে কোনাে গীত জানা তেন্তে বন্ধুবৰ্গৰ সৈতে গাই উপভােগ কৰা । তােমালােকৰ বাবে তেনেকুৱা এটি গীত আগবঢ়োৱা হ’ল ।

অৱশ্যে , এই প্রক্রিয়াৰ পৰিণতি সদায় মংগলজনক নহ'বও পাৰে । বৰষুণে প্রায়ে সমস্যাৰ সৃষ্টি কৰে । তেনে সমস্যাৰ এখন তালিকা প্রস্তুত কৰিব পাৰিবানে ? সমস্যাবােৰৰ উৎপত্তিৰ কাৰণ আৰু সিবিলাকৰ সমাধানৰ বিষয়ে শিক্ষক আৰু মাৰা - দেউতাৰাৰ সৈতে আলােচনা কৰিব পাৰা । প্ৰকৃতিত প্ৰায়ে এনে কিছুমান পৰিস্থিতিৰ উদ্ভৱ হয় , যিবােৰে কেতিয়াবা অতিশয় দুর্যোগ নমাই আনে আৰু মানুহ , প্রাণী আৰু গছ - গছনিৰ জীৱনৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰে । তেনে ধৰণৰ দুটা দুর্যোগৰ বিষয়ে অধ্যয়ন কৰোঁ আহা বিজুলী ঢেৰেকনিৰে সৈতে ধুমুহা ( thunder storms ) আৰু ঘূর্ণি বতাহ (cyclone)।






বৰষুণ

গগনফলা মেঘৰ গাজনিৰে ,

দিয়েহি আমাক মৌচুমীৰ বতৰা । কলীয়া ডাৱৰে ভাঁহি ফুৰি ,

সিঁচি দিয়ে বৃষ্টিৰ টোপােলা । চিকমিক্‌ বিজুলী ওপৰত নাচে ,

হি হি বৰষুণে পথাৰ ভৰি পৰে । মেঘৰ পৰশে মাটিৰ সুগন্ধি বিলায় , বৰষুণে যেতিয়া মাটি তিয়ায় । সাগৰৰ পৰা উঠি মেঘে ,

বৰষুণ গােটায় ।

বৃষ্টিপাতেৰে সেই পানী ,

পুনৰাই

সাগৰতে মিলায় ।

 



Type : Ankur Raj Deka

Class 7