জম্মু আৰু কাশ্মীৰ

 বিশেষ মর্যাদা থকা আন এখন ৰাজ্য হৈছে জম্মু আৰু কাশ্মীৰ ( ৩৭০ নং অনুচ্ছেদ ) । জম্মু আৰু কাশ্মীৰ এখন ডাঙৰ দেশীয় ৰাজ্য ( Princely State ) আছিল আৰু স্বাধীনতাৰ সময়ত ইয়াক নিজৰ ইচ্ছামতে ভাৰত বা পাকিস্তানত অন্তর্ভূক্ত হােৱাৰ সুবিধা দিয়া হৈছিল । স্বাধীনতাৰ ঠিক পিছতেই কাশ্মীৰৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত এখন যুদ্ধ হৈছিল । এনে পৰিস্থিতিত কাশ্মীৰৰ মহাৰজাই ভাৰতবৰ্ষত অন্তর্ভুক্ত হােৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল ।

     মুছলমান সংখ্যাগৰিষ্টতা থকা বেছিভাগ ৰাজ্যই পাকিস্তানৰ অর্ন্তভূক্ত হৈছিল , কিন্তু , জম্মু আৰু কাশ্মীৰ ব্যতিক্রম আছিল । এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত সংবিধানে ইয়াক অধিক স্বায়ত্ত শাসন প্রদান কৰিছিল । ৩৭০ নং অনুচ্ছেদ অনুসৰি কেন্দ্রীয় সূচী আৰু সমৱৰ্তী সূচীৰ কোনাে বিষয়ত আইন প্রণয়ন কৰিব লাগিলে ৰাজ্যখনৰ অনুমােদন প্রয়ােজন । আন ৰাজ্যৰ ক্ষেত্ৰত তিনিখন তালিকাৰ জৰিয়তে যি ক্ষমতাৰ বিভাজন কৰা হৈছে সেয়া স্বয়ংক্রিয়ভাৱে কাৰ্য্যকৰী হয় । জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ সীমিত ক্ষমতাহে আছে আৰু কেন্দ্রীয় আৰু সমৱৰ্তী সূচীত থকা বিষয়সমূহ ৰাজ্য চৰকাৰৰ সন্মতি লাভ কৰিলেহে প্রয়ােগ কৰিব পাৰে । এইদৰে জম্মু আৰু কাশ্মীৰে অধিক স্বায়ত্ত শাসন লাভ কৰিছে ।

    অৱশ্যে বাস্তৱত জম্মু আৰু কাশ্মীৰৰ ক্ষমতা ৩৭০ নং অনুচ্ছেদত প্ৰকাশ কৰা ধৰণতকৈ যথেষ্ট কম । সংবিধানত থকা এটা ব্যৱস্থা অনুসৰি কেন্দ্রীয় সূচীত থকা কোনবােৰ বিষয় ৰাজ্যখনত প্রযােজ্য হ'ব সেই বিষয়ে ৰাজ্য চৰকাৰৰ অনুমােদন ক্ৰমে ৰাষ্ট্রপতিয়ে সংবিধানৰ বহুলাংশ ৰাজ্যখনত প্রযােজ্য হােৱাকৈ দুখন সাংবিধানিক নির্দেশনা ( Consti tutional Order ) জাৰি কৰিছে । ইয়াৰ ফলত জম্মু আৰু কাশ্মীৰৰ এখন পৃথক সংবিধান আৰু এখন পৃথক পতাকা থাকিলেও কেন্দ্রীয় সূচীত অন্তর্ভুক্ত বিষয়ত সংসদৰ আইন প্রণয়ন কৰিব পৰা ক্ষমতা এতিয়া সম্পূৰ্ণৰূপে গ্রহণ কৰা হৈছে ।

     জম্মু আৰু কাশ্মীৰ আৰু আন ৰাজ্যবােৰৰ মাজত থকা আন পার্থক্যসমূহ হৈছে যে জম্মু আৰু কাশ্মীৰত ৰাজ্য চৰকাৰৰ অনুমােদন নােহােৱাকৈ আভ্যন্তৰীণ অশান্তিৰ বাবে জৰুৰী অৱস্থা ঘােষণা কৰিব নােৱাৰি । কেন্দ্রীয় চৰকাৰে ৰাজ্যখনত বিত্তীয় জৰুৰী অৱস্থা জাপি দিব নােৱাৰে আৰু নির্দেশাত্মক নীতিসমূহ ইয়াত প্রযােজ্য নহয় । শেষত , ভাৰতৰ সংবিধান সংশােধনসমূহ ( ৩৬৮ নং অনুচ্ছেদ অনুসৰি ) জম্মু আৰু কাশ্মীৰ চৰকাৰৰ অনুমােদনক্রমেহে তাত প্রয়ােগ কৰিব পৰা যায় । বহুতে ভাৱে যে , যুক্তৰাষ্ট্ৰত সকলাে অংশৰ ( ৰাজ্য ) বাবে প্রযােজ্য হােৱাকৈ আনুষ্ঠানিক আৰু সম্পূর্ণ সমান ক্ষমতাৰ বিভাজন থকা উচিত । সেইবাবে , যেতিয়াই এনে কিছুমান বিশেষ ব্যৱস্থাৰ সৃষ্টি কৰা হয় তেতিয়াই কিছু বিৰােধিতাৰ উদয় হয় । এনে বিশেষ ব্যৱস্থাই সেই অঞ্চলসমূহক বিচ্ছিন্নতাবাদলৈ পৰিচালিত কৰাৰ আশংকা আছে । সেইবাবে এনে বিশেষ ব্যৱস্থাই বিতর্কৰ সৃষ্টি কৰিছে ।

Type sumit Patar

Class 11 Political science