কেন্দ্ৰীয় বেংক 

এখন দেশৰ সমগ্ৰ বেংক ব্য়ৱস্থাটোৰ মুৰব্বী বা শীৰ্ষস্থানীয় বেংকটোৱেই হ'ল কেন্দ্ৰীয় বেংক। এখন দহটকীয়া বা বিছটকীয়া নোট উলিয়াই লৈ ভালদৰে লক্ষ্য় কৰাচোন তাত কি বেংকৰ নাম লিখা আছে। বিজাৰ্ভ বেংক অব ইণ্ডিয়া (Reserve Bank of India)নহয় জানো ? এই ৰিজাৰ্ভ বেংকেই হৈছে আমাৰ দেশৰ কেন্দ্ৰীয় বেংক। ১৯৩৫ চনত এই বেংক স্থাপন কৰা হয়। আমি ব্য়ৱহাৰ কৰা কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কেন্দ্ৰীয় বেংকৰহে থাকে। কেন্দ্ৰীয় বেংকৰ বাহিৰে আন কোনো বেংক কাগজী মুদ্ৰা ছপাব নোৱাৰে। কেন্দ্ৰীয় বেংক দেশৰ সৰ্বোচ্চ আৰু শীৰ্ষতম বিত্তীয় প্ৰতিষ্ঠান। কেন্দ্ৰীয় বেংক হ'ল বেংকসমূহৰ বেংক। আনবোৰ বেংকৰ হিচাপে কেন্দ্ৰীয় বেংকে পৰীক্ষ কৰে। ভাৰতীয় ষ্টেট বেংকসমূহে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজেণ্ট হিচাপে কাম কৰে। থোৰতে ক'বলৈ হ'লে ৰিজাৰ্ভ চৰকাৰৰ বেংক হিচাপে সম্পাদন কৰে।

বাণিজ্য়িক বেংকঃ

ভাৰতবৰ্ষৰ বেংক ব্য়ৱস্থাৰ সৰ্ববৃহৎ অংশটো বাণিজ্যক বেংকৰ দ্বাৰা পৰিচালিত হয়। বাণিজ্য়িক বেংকত মানুহে নিজৰ উপাৰ্জনৰ টকা সঞ্চয় কৰে। এই প্ৰক্ৰিয়াত বেংক আৰু সঞ্চয়কাৰীৰ মাজত নিৰ্দিষ্ট চৰ্ত নিৰধাৰণ কৰা থাকে। উদাহৰণ স্বৰূপে (ক) সঞ্চয়কাৰীয়ে বিচাৰা মতে বেংকে তেওঁৰ জমা ধন উলিয়াই দিবলৈ বাধ্য় থাকে। (খ) যিবিলাক লোকক বেংকে ঋণ দিয়ে তেওঁলোকে বেংকে ধাৰ্য কৰি দিয়া সুদৰ সৈতে নিৰ্দিষ্ট সময়ত ঋণ ঘূৰাই দিবলৈ চুক্তিবদ্ধ হয়। প্ৰয়োজন অনুসাৰে চৰ্তভিত্তিত ব্য়ণিজ্য়িক বেংকে গ্ৰহকসকললৈ দীৰ্ঘকালীন আৰু হ্ৰস্বকালীন ঋণ আগবঢ়ায়। কিন্তু চাকৰিয়ালসকলৰ বাবে আগবঢ়োৱা ব্য়ক্তিগত ঋণ দীৰ্ঘকালীন সময়ৰ বাবে প্ৰদান কৰাত বেংকে কিছু সাৱধানতা অৱসম্বন কৰেষ কাৰণ কেতিয়াবা কিছুসংখ্য়ক ঋণ লওতাই সঠিক সময়ত ঋণ পৰিশোধ নকৰাৰ বিনিময়ত বেংক বন্ধ হৈ যোৱাৰ আযংকা থাকি যায়। ষ্টেট বেংক অব ইণ্ডিয়া (SBI), ইউনাইটেড কমাৰ্চিয়েল বেংক (UCO Bank), বেংক অব ইণ্ডিয়া (BOI), পঞ্জাৱ নেচনেল বেংক (PNB), বেংক অব বৰোডা (BOB) আদি উল্লেখযোগ্য় ৰাষ্ট্ৰীয়কৃত বানিজ্যক বেংক উদাহৰণ। এইবোৰৰ উপৰি ব্য়ক্তিগত খণ্ডৰ ব্য়ণিজ্য়িক বেংকসমূহেও দেশৰ অৰ্থনৈতিক উন্নয়নত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। আই চি আই চি আই (ICICI), এইচ ডি এফ চি (HDFC), ক'টাক মহিন্দ্ক বেংক (Kotak Mahindra Bank) আদি এই ক্ষেত্ৰত উল্লেখযোগ্য়। বেংকত তিনি ধৰণৰ একাউণ্ট খুলিব পাৰি- (ক) চলিত হিচাপে (Current Account), (খ) সঞ্চয় হিচাপে (Saving Account) আৰু (গ) স্থিৰ হিচাপে (Fixed Account)। বাণিজ্য়িক বেংকসমূহে সঞ্চয়কাৰীয়ে জমা দিয়া সঞ্চয়ৰ বিত্তিত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকলৈ, যেনে- কৃষক, উদ্য়োগপতি, কাৰিকৰ আদিলৈ ঋণৰ যোগান ধৰি দেশৰ আৰ্ত-সামাজিক উন্নয়নৰ বাবে প্ৰভূত অৰিহণা আগবঢ়ায়।

ঔদ্য়োগিক আৰু বিনিয়োগ বেংকঃ

ঔদ্য়োগিক আৰু বিনিয়োগ বেংকৰ মুখ্য় উদ্দেশ্য় হ'ল দেশৰ ঔদ্য়োগিক উন্নয়নত সহায় কৰা। এই বেংকে উদ্য়োখণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়। উদ্য়োগৰ বাবে ষন্ত্ৰপাতি, কলকব্জা, কাৰখানা আদি ক্ৰয় আৰু স্থাপন কৰিবলৈ দীৰ্ঘম্য়াদী ঋণৰ প্ৰয়োজন হয়। ঔদ্য়োগিক বেংকে ঋণ যোগাম ধি দেশৰ উদ্য়োগ বিকাশত সহায় কৰে আৰু ফস্বৰূপে দেশৰ অৰ্থনৈতিক উন্নয়নৰ পথ সুচল হয়।



Class 8 Social Science 

Type: Dimi Bora