১৮.৪ বর্জিত পানী উপচাৰ প্রকল্পঃ

     বর্জিত পানীৰ উপচাৰত ভৌতিক , ৰাসায়নিক আৰু জৈৱিক প্রক্রিয়া জড়িত হয় যিয়ে মলিয়ন পানীত মিহলি হৈ থকা ভৌতিক , ৰাসায়নিক আৰু জৈৱিক দূষিতকাৰক পদার্থসমূহক আঁতৰ কৰে ।

( ১ ) বর্জিত হােৱা পানীখিনিক প্রতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয় । ফটা কাগজ , কাপােৰ , বাঁহ - কাঠৰ টুকুৰা , টেমা , প্লাষ্টিকৰ মােনা আদিৰ দৰে অপ্রয়ােজনীয় ডাঙৰ বস্তুবােৰ ইয়াত আঁতৰ হয় ( চিত্র ১৮.৩ ) ।

(২) ইয়াৰ পাছত পানীখিনিক সৰু মিহি শিল আৰু বালি আঁতৰোৱা চৌবাচ্চা বা জলাধাৰালৈ পঠিওৱা হয়। ইয়াত বালি, মিহি শিল আৰু শিলৰ সৰু টুকুৰাসমূহ যাতে তলত পৰি ৰৈ যাব পাৰে তাৰ বাবে প্ৰবেশ কৰা মলিয়ন পানীখিনিৰ গতি হ্ৰাস কৰা হয়। (চিত্ৰ ১৮.৪)
( ৩ ) ইয়াৰ পাছত মধ্যভাগলৈ হেলনীয়া এটা ডাঙৰ জলধাৰাত পানীখিনিক থিতাপি ল’বলৈ দিয়া হয় । ইয়াত মল , বিষ্ঠাৰ দৰে গােটাবস্তুবােৰ তলিত গেদ হিচাপে পৰে আৰু এইবােৰক চোঁচনী (scraper) ৰ দ্বাৰা আঁতৰােৱা হয় । এইবােৰেই হ’ল মলিয়ন বােকা (sludge) । তেল আৰু তেলজাতীয় পদার্থ দৰে ওপৰত ভাঁহি থকা অপ্রয়ােজনীয় বস্তুবােৰ চেকনীৰে আঁতৰােৱা হয় । এনেদৰে চাফা কৰা পানীখিনিক পৰিষ্কৃত পানী (clarifide water) বােলে (চিত্র ১৮.৫)।
    মলিয়ন বােকাখিনিক আন এটা পৃথক জলাধাৰালৈ স্থানান্তৰ কৰা হয় য'ত এইবােৰ অবায়ৱীয় বেক্টেৰিয়াৰ দ্বাৰা পচিবলৈ দিয়া হয় । এই প্রক্রিয়াত উৎপাদিত জৈৱ গেছসমূহ ইন্ধন হিচাপে বা বিদ্যুত উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
 ( ৪ ) বায়বীয় বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে পৰিষ্কাৰ পানীখিনিৰ মাজেৰে পাম্পেৰে বায়ু সুমুৱাই দিয়া হয় । পানীখিনিত তেতিয়াও ৰৈ যােৱা মানুহৰ মল - মূত্র , বর্জিত খাদ্য , চাবােন আৰু আন অপ্রয়ােজনীয় পদার্থসমূহ বেক্টেৰিয়াসমূহে শােষণ কৰি লয় । ( চিত্র ১৮.৬ ) 
        বহু ঘণ্টাৰ পিছত ওপঙি থকা অণুজীৱবােৰে জলাধাৰাৰ তলিত সক্রিয় মলিয়ন গেদ হিচাপে পৰে । ইয়াৰ পিছত ওপৰত অংশৰ পৰা পানীখিনি আঁতৰােৱা হয় ।
     এই সক্রিয় গেদৰ প্ৰায় ৯৭ % ভাগেই পানী । বালিৰ ওপৰত ঢালি দি বা যন্ত্রৰ দ্বাৰা এই পানীখিনি আঁতৰােৱা হয় । শুকান গেদখিনিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয় , যিয়ে মাটিলৈ জৈৱ পদার্থ আৰু পােষকদ্রব্য পুনৰ যােগান ধৰিব পাৰে । এই উপচাৰ কৰা পানীখিনিত অতি কম মাত্রাত জৈৱ পদার্থ আৰু ভাঁহি থকা পদার্থ থাকে । এই পানীখিনি সাগৰ , নদী বা ভূ - পৃষ্ঠলৈ এৰি দিয়া হয় । প্রকৃতিয়ে পাছত ইয়াক অধিক পৰিষ্কাৰ কৰি তােলে । পানী বিতৰণ প্ৰণালীত এৰি দিয়াৰ আগতে পানীখিনি বীজাণুমুক্ত কৰিবলৈ কেতিয়াবা ক্ল'ৰিন আৰু অ’জনৰ দৰে ৰাসায়নিক পদার্থও মিহলােৱা হয় । 
এজন সক্রিয় নাগৰিক হােৱাচোনঃ
    আৱৰ্জনা উৎপাদন মানুহৰ দৈনন্দিন কর্মৰাজিৰ এটা অংশ । কিন্তু আমি এই উৎপাদিত আৱৰ্জনাৰ প্ৰকাৰ আৰু পৰিমাণ সীমিত কৰিব পাৰো । আমি বাটে - ঘাটে বেয়া গােন্ধ পাই আঁতৰি আহে । উন্মুক্ত নর্দমাবােৰা দৃষ্টিকটু হয় ।
    বৰষুণ বতৰত নর্দমাবােৰ পানীৰে উপচি শােচনীয় পৰিস্থিতিৰ সৃষ্টি হয়। আমি ৰাস্তাৰ বােকাৰ মাজেৰে খােজ কাঢ়িব লগীয়া হয় । এনেদৰে গােটেই পৰিৱেশটো অস্বাস্থ্যকৰ হৈ পৰে । মহ , মাখি আৰু আন আন কীট পতংগবােৰৰ উপদ্রব বৃদ্ধি হয় । 
    এই ক্ষেত্ৰত তােমালােকে এজন দায়িত্বশীল নাগৰিক হিচাপে পৌৰনিগম বা গাঁও পঞ্চায়তৰ কাষ চাপিব পাৰা । মুকলি নর্দমাসমূহ ঢাকিবলৈ দৃঢ় পদক্ষেপ লােৱা । যদি ওচৰ - চুবুৰীয়াৰ কোনাে ঘৰৰপৰা নলাৰে ওলাই যােৱা বর্জিত পানীয়ে অঞ্চলটো অপৰিষ্কাৰ কৰে তেনেহ'লে তেওঁলােকক আনৰ স্বাস্থ্যৰ কথা ভাবিবলৈ অনুৰােধ জনাবা।

১৮.৬ গৃহ পৰিচালনাৰ সু - অভ্যাসঃ
 আৱৰ্জনা আৰু প্ৰদূষকবােৰক হ্রাস কৰা বানাইকিয়া কৰাৰ বাবে উপায় উলিয়াবলৈ তােমালােকে নর্দমালৈ কি পেলােৱা তা ক লক্ষ্য কৰা।
নর্দমালৈ ৰন্ধন তেল আৰু চর্বীজাতীয় বস্তু দলিয়াই দিয়াটো উচিত নহয় । সেইবােৰ টানহৈ নলাবােৰ বন্ধ কৰি দিব পাৰে । মুকলি নর্দমা এটাত চর্বীজাতীয় বস্তুৱে মাটিৰ ছিদ্ৰবােৰ বন্ধ কৰি মাটিখিনিৰ পানী পৰিস্ৰাৱণ কৰা দক্ষতা হ্রাস কৰে । তেল আৰু চর্বীজাতীয় বস্তুবােৰ জাৱৰ পেলােৱা পাত্র ( ডাষ্টবিন ) ত পেলাবা ।
 ৰং , দ্ৰাৱক , কীটনাশক , মটৰ - গাড়ীৰ তেল , ঔষধৰ নিচিনা ৰাসায়নিক দ্রব্যবােৰে পানী বিশুদ্ধকৰণত সহায় কৰা অণুজীৱবােৰ ধ্বংস কৰে । সেইবাবে এইবােৰ নর্দমাত নেপেলাবা ।
ব্যৱহৃত চাহপাত, গোটা খাদ্যৰ অৱশিষ্ট, কোমল পুতলা, কপাহ আদিত জাবৰ পেলোৱা পাত্ৰত পেলোৱা উচিত (চিত্ৰ ১৮.৭)। সেই আৱৰ্জনাবোৰে নর্দৰ্মৰ পথ ৰুদ্ধ কৰে । সেইবােৰে অক্সিজেনৰ মুক্ত প্ৰৱাহ হ’বলৈ নিদিয়ে । এইটোৱে জৈৱ আবর্জনাবােৰ গেলি - পচি যােৱাত বাধাৰ সৃষ্টি কৰে । 


Type : Ankur Raj Deka 

class 7  Science SCERT Book