স্থাপত্য -ভাস্কৰ্য আৰু চিত্ৰকলা
মধ্যযুগ স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰকলাত অতি চহকী আছিল। আজিৰ অসমৰ অধিকাংশ স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰকলা মধ্য যুগৰেই অৱদান বুলি ক'লেও বঢ়াই কোৱা নহয়। উল্লেখ্য যে এইবোৰৰ বেছি ভাগেই আকৌ আহোমসকলৰ দিনতেই নিৰ্মাণ কৰা হৈছিল। মধ্যযুগৰ শাসনসকতলৰ উক্ত অৱদানসমূহ তলত চমুকৈ বৰ্ণনা কৰা হ'ল- কছাৰীসকলৰ ৰাজধানী ডিমাপুৰৰ ধ্বংসাৱশেষৰ পৰাই এই কথাৰ প্ৰমাণ পোৱা যায় যে কছাৰীসকলৰ স্থাপত্য-ভাস্কৰ্য শিল্প উচ্চ খাপৰ আছিল। যি সময়ত আহোমসকলে ইটাৰ বেৰেৰে ঘেৰা আছিল। ক়ছাৰীসকলৰ স্থাপত্য বিদ্যাত বংগদেশৰ মুছলমানসকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ দেখা যায়। তেওঁলোকে নানা ৰকমৰ চিত্ৰখোদিত স্তম্ভ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰিছিল। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ নগৰৰ ভিতৰত বহুতো ধুনিয়া ধুনিয়া পুখুৰী আছিল। কছাৰীসকল নলা-নৰ্দনা নিৰ্মাণ কৰা মন্দিৰ, পুখুৰীসমূহ আৰু কোচ ৰজাসকলৰ শিল্প-ভাস্কৰ্যই আজিও সেই যুগৰ গৌৰৱময় ইতিহাসৰ সাক্ষী বহন কৰে। কোৱা হয় যে বৰ্তমান অৰুণাল প্ৰদেশৰ নামনি অঞ্চলত অৱস্থিত মালিনী থানৰ স্থাপত্য়-ভাস্কৰ্যসমূহ চুটিয়া সকলৰেই অৱদান। কোচ ৰজা নৰনাৰায়ণে নিৰ্মাণ কৰা কামাখ্যাদেৱীৰ মন্দিৰ, হাজোৰ হয়গ্ৰীৱ-মাধৱ মন্দিৰ আৰু কামাখ্য মন্দিৰৰ প্ৰৱেশ দ্বাৰৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ খেদিত মূৰ্তি মধ্য যুগৰ শিল্প-ভাস্কৰ্যৰ বিৰল কীৰ্তি। আহোম যুগৰ মঠ-মন্দিৰ, দৌল-দেৱালয়, ৰাজপ্ৰসাদ, শিলৰ সাঁকো সমূহ মধ্য যুগৰ স্থাপত্য- ভাস্কৰ্যৰ অনুপম নিদৰ্শন। আহোমসকলে পোনতে তেওঁলোকেৰ ঘৰবোৰ কাট আৰু বাঁহেৰে দুনহলীয়াকৈ সাজি লৈছিল। এইবোৰ কাৰুকাৰ্য খচিত আছিল। পিছলৈ তেওঁলোকে মিহি, বহল, টান ইটা ব্যৱহাৰ কৰি ঘৰ সাজিবলৈ লৈছিল। বৰ্তমান চিমেন্টৰ সলনি গুড়, মাটিমাহ, শিলচূণ, শামুকচূণ, চকাচূন, বৰালী মাছ, তেল, ধূণা আদিৰ মিশ্ৰণেৰে কঢ়াল তৈয়াৰ কৰি লৈছিল। শিৱসাগৰৰ বিখ্যাত শিৱদৌল-বিষ্ণুদৌল আৰু দেৱীদৌল আদি দৌলবোৰ এনেকৈ ইটা আৰু কঢ়াল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল। গড়গাঁৱৰ কাৰেংঘৰ, ৰংপুৰৰ ৰংঘৰ আৰু তলাতল ঘৰ আহোমসকলৰ অক্ষয় কীৰ্তি। এইখিনিতে উল্লেখযোগ্য যে স্বৰ্গদেউ ৰুদ্ৰসিংহ দিনৰ পৰা আহোম স্থাপত্যত কিছু মোগল, পাৰ্চী নিদৰ্শনৰ ছাঁ পৰিছিল। আহোম যুগৰ আন এবিধ উল্লেখযোগ্য স্থাপত্য হ'ল শিলৰ সাঁকোসমূহ। শিলৰ সাঁকোসমূহৰ ভিতৰত নামদাং, দৰিকা, ৰহদৈ আৰু দিজৈ সাঁকো উল্লেখযোগ্য। আহোম যুগত খন্দা পুখুৰীসমূহেও সেই কালৰ স্থাপত্যৰ অন্যতম নিদৰ্শন দাঙি ধৰে। আহোম যুগৰ ৰহঢলা পুখুৰীসমূহ, যেনে- জয়সাগৰ, শিৱসাগৰ, গোৰীসাগৰ পুখুৰী অসমৰ অন্যতন ঐতিহ্য। আহোম যুগৰ দৌল-দেৱালয়, অট্ৰালিকাসমূহত ভাস্কৰ্যৰ উজ্জ্বল চানেকি পোৱা গৈছে। মন্দিৰৰ প্ৰাচীৰত খোদিত দেৱ-দেৱীৰ মূৰ্তিসমূহ, ফুল-লতা, জীৱ-জন্তুৰ মূৰ্তি, প্ৰাকৃতিক দূশ্য আদি আহোম ভাস্কৰ্যৰ নিদৰ্শন। উল্লেখ্য যে পোৰা মাটিৰ শিল্পয়ো আহোম ভাস্কৰ্যক চহকী কৰি থৈছে। মধ্যযুগৰ আহোমসকলৰ সাঁচিপতীয়া পুথিত থকা চিত্ৰসমূহ, দশমস্কন্ধ ভাগৱত, কৰ্ম পুৰণ, গীত গোবিন্দ, সঙ্খচুড় বধ, আনন্দ লহৰী, হস্তীবিৰ্দ্যানৱ আদি সচিত্ৰ পুথিসমূহে চিত্ৰকলাৰ ক্ষেত্ৰত অসমীয়া সমাজলৈ উচ্চ খাপৰ বৰঙণি যোগাইছিল।
সাহিত্য-সংস্কৃতিলৈ অৱদানঃ
অসমীয়া সাহিত্য-সংস্কৃতিলৈ মধ্যযুগৰ অনবদ্য অৱদানৰ আলোচনা আবিহনে বৰ্তমানৰ সাহিত্য-সংস্কৃতিৰ আলোচনা নিৰৰ্থক। কাৰণ মধ্যযুগ সাহিত্য-সংস্কৃৃতিক ভেটি কৰিয়েই বৰ্তমানৰ সাহিত্য-সংস্কৃতি গঢ় লৈছে। আকৌ মধ্যযুগৰ ৰাজপৃষ্ঠপোষকতা অবিহনে যে সেই সময়ৰ সাহিত্য ইমান চহকী নহ'লহেঁতন সেই কথাও নিসন্দেহে স্বীকাৰ কৰিব লাগিব। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচনা কৰা কিছু সংখ্যক পুথিৰ ৰজা, মন্ত্ৰী বা আন আন ডা-ডাঙৰীয়াসকলৰ গুণানুকীৰ্ত অতিৰঞ্জিতভাৱে বৰ্ণনা কৰিছিল যদিও এইবোৰৰ মূল্য কেতিয়াও নুই কৰিব নোৱাৰে। মধ্য যুগৰ অসমত সাহিত্য সংস্কৃতিৰ মানচিত্ৰখনৰ নিমাৰ্তা হ'ল খিলঞ্জীয়া জনজাতীয় ভাষিক গোষ্ঠী, কমতা ৰজাসকলৰ আৰু উজনিৰ আহোমসকল। সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য-সংস্কৃতি প্ৰতিটো জাতি-জনগোষ্ঠীৰেই উমেহমীয়া সৃষ্টি আৰু সম্পত্তি। কামৰূপ-কমতাৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। সেইদৰে কছাৰী ৰজা মহামানিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে অসমীয়া ভাষাত ৰামায়ন ৰচনা কৰিছিল। এইজনা ৰজাৰ দিনতে কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলিয়ে টোল পাতি জ্ঞান মাৰ্গৰ সাধনা কৰি আনকো জ্ঞান চৰ্চাৰ প্ৰতি উৎসাহিত কৰিছিল। মধ্যযুগৰ আহোমসকলৰ সাহিত্য-সংস্কৃতিৰ অৱদানৰ কথা ক'বলৈ গ'লে পোন প্ৰথমে বুৰঞ্জী সাহিত্যৰ নাম ল'ব লাগিব। পোনেতে টান-আহোম ভাষাত আৰু পিছলৈ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা সৃষ্টি হৈছিল। সংস্কৃত ভাষাত লিখিত মহাভাৰত, ৰামায়ন আৰু পিছলৈ অসমীয়ালৈ অনুবাদ কৰাৰ উপৰি অন্যান্য ভালেমান অৰ্থপূৰ্ণ পুথি সেই সময়তে ৰচনা কৰা হৈছিল। শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আজ্ঞামতে সুকুমাৰ বৰকাইথে 'হস্তী বিদ্যাৰ্ণৱ' পুথিৰচনা কৰি কৰিছিল। সেইদৰে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰামায়নণ চক্ৰৱৰ্তীয়ে অসমীয়া ভাষালৈ গীতগোবিন্দ, বক্ষবৈৱৰ্ত পুৰাণ, শকুন্তলা কাব্য অনুবাদ কৰাৰ উপৰি উপৰি শস্কচুড়বধ কাব্য ৰচনা কৰিছিল। দৰঙী কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়াত পদ্মপুৰাণ আৰু বলদেৱ সুৰ্যখৰি দৈৱজ্ঞই দৰং ৰাজবংশাৱলী ৰচনা কৰিছিল। কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত ৰাম সৰস্বতীয়ে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰে আৰু পুৰোষোত্তম বিদ্যাবাগীশে সংস্কৃত ভাষাত ৰত্নমালা ব্যাকৰণ লিখে। সেই সময়ত অনন্ত কন্দলিয়ে ভগৱান আৰু কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। মধ্যযুগৰ তাৎপৰ্যপূৰ্ণ দিশটো আছিল নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত মহাপুৰুষ শংকৰদেৱে তেওঁৰ বিশাল প্ৰতিভা বিকাশৰ সুবিধা পোৱাটো। শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ পাতনি মেলি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। ব্ৰজাৱলী আৰু অসমীয়া ভাষাৰ অনেক ৰচনা সম্ভাৰেৰে তেওঁ অসমীয়া ভাষা-সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। নৱ বৈষ্ণৱ আন্দোলনৰ সমান্তৰালভাৱে গঢ়ি উঠা এই সাহিত্যক আন্দোলনৰ অংশীবাদৰসকলৰ আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্ৰাচাৰ্য ওৰফে ভট্ৰদেৱ, অনন্ত কন্দালী, শ্ৰীধৰ কন্দলী, ৰাম সৰস্বতী, ৰামচৰণ ঠাকুৰ আদি। ১৬ আৰু ১৭ শতিকাৰ সাহিত্যৰ আন এটি উল্লেখযোগ্য দিশ আছিল নৱ বৈষ্ণৱ আন্দোলৰ সৈতে জড়িত গুৰু কেইজনৰ ভাৰত জীৱনী গদ্যত ৰচনা কৰাটো । এই ক্ষেত্ৰত পোনতে 'কথা গুৰুচৰিত'ৰ কথাই উল্লেখ কৰিব পাৰি। ভট্ৰদেৱেই আছিল। ভাৰতৰ প্ৰথম গদ্য সাহিত্যৰ ৰচক। তেওঁ 'কথা-ভাগৱত', 'কথা-গীতা' ৰচনা কৰিছিল। ভাষা-সাহিত্যৰ দৰে মধ্যযুগত সৃষ্টি হোৱা সংগীত-সংস্কৃতিয়ে আজিও অসমীয়া সমাজত ব্যাপক প্ৰভাৱ পেলাই আহিছে। অসমত প্ৰাচীন কালৰ পৰাই শাস্ত্ৰীয়া তথা ধ্ৰপদী সংগীত আৰু নৃত্য-কলাৰ চৰ্চা প্ৰচলিত আছিল। শ্ৰীমন্ত শংকৰদেৱে এই সমূহক আধাৰ হিচাপে লৈ এক নতুন ধাৰাৰ সংস্কৃতিক কৰ্ম আঁচনি গ্ৰহণ কৰিছিল। এই কৰ্ম আঁচনিৰ অন্যতম উপাদান ওজাপালি, নাম কীৰ্তন, বৰগীত চৰ্চা আৰু অনুশীলনৰ সমান্তৰালভাৱে নৃত্য আৰু নাট-ভাওনাৰো বহুল প্ৰচলন বৰ্তমানেও চলি আছে। অসমীয়াী সমাজ গাঁঠিনত এইবোৰৰ প্ৰভাৱ অতুলনীয়।
Class 8 Social Science
Type: Dimi Bora