2.1 মিশ্ৰণ কি ? (What is a Mixture?)
মিশ্রণ দূটা বা ততােধিক বিশুদ্ধ পদাৰ্থৰ দ্বাৰা গঠিত। কোনাে ভৌতিক প্রক্রিয়াৰ দ্বাৰা বিশুদ্ধ পদাৰ্থৰ পৰা আন কোনাে পদার্থ পৃথক কৰিব নােৱাৰি। আমি জানাে যে বাষ্পীভৱনৰ সহায়ত পানীত দ্রবীভূত হৈ থকা উপাদান নিমখ (NaCl) দ্ৰৱণৰ পৰা ঘূৰাই পাব পাৰি। বাপীভৱন হৈছে এটা ভৌতিক প্রক্রিয়া (Physical process)। পিছে ছডিয়াম ক্ল'ৰাইড (NaCl) এবিধ বিশুদ্ধ পদার্থ আৰু ইয়াৰ ৰাসায়নিক উপাদানবােৰ কোনাে ভৌতিক প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিব নােৱাৰি। সেইদৰে চেনি এবিধ পদার্থ– কিয়নাে ইয়াত মাত্ৰ এটা বিশুদ্ধ উপাদান আছে আৰু সংযুতি সকলাে অংশতে একে। মৃদু পানীয় (Soft drink) আৰু মাটি মাত্ৰ একোবিধ উপাদানযুক্ত পদার্থনহয়। এইবােৰ হৈছে মিশ্রণ। একোবিধ পদার্থ উৎপত্তি স্থল বা প্রাপ্তিস্থান যিয়েই নহওঁক কিয় তাৰ ধর্ম কিন্তু একেই হ'ব। গতিকে আমি কব পাৰাে যে মিশ্রণত একাধিক পদার্থ মিহলি হৈ থাকে।
Class 9 Science || Chapter 2
Bidyut Thakuria.