বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন

সোতৰ শতিকাৰ শেষ আৰু ওঠৰ শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এই দি্ক নিৰ্ণয়কাৰী ভূমিকা পালন কৰিছিল। এই সময়ছোৱাত দুটা দিশত ভাৰতবৰ্ষত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা হৈছিল। তাৰে এটা হ'ল ভাৰতত ৰাজনৈতিক মানচিত্ৰৰ পট পৰিৱৰ্তন আৰু আনটো হ'ল আৰ্থ-সামাজিক দিশৰ পৰিৱৰ্তন । তোমালোকে ইতিমধ্যেজানিব পাৰিছা যে বাবৰে প্ৰতিষ্ঠা কৰা মোগল সাম্ৰাজ্য ঔৰংজেৱৰ ৰাজত্বকালত ভাঙোনৰ মুখে ধাবিত হৈছিল। তেওঁৰ কঠোৰ শাসন নীতিয়ে মাৰাঠা, শিখ আৰু জাঠসকলক মোগলৰ শাসন ওফৰাই পুণৰ স্বাধীন হ'বৰ বাবে উৎসাহিত কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৭০৭ খ্ৰীষ্টাব্দত ঔৰংজেৱৰ মৃত্যৰ পাছত মোগল ৰাজবংশৰ কোনো এজন সম্ৰাটে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা বিদ্ৰোহ দমন কৰি মোগল সাম্ৰজ্যক পুনৰ একত্ৰীকৰণ কৰিব পৰা নাছিল। ফলস্বৰূপে মোগল শাসনৰ শাসনৰ দুৰ্বলতাৰ সুযোগ লৈ মোগলৰ শাসনাধীন বিভিন্ন স্থানত বহুতো সৰু সৰু স্বাধীন ৰাজ্যৰ উহুান হয়। এই ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ ইংৰাজী ইষ্ট ইণুিয়া কোম্পানীয়ে ভাৰতবৰ্ষত আধিপত্য স্থাপনৰ দিশে অগ্ৰসৰ হয়। এই দুয়োটা দিশৰ বিষয়ে থুলমুলকৈ তলত আলোচনা আগবঢ়াৱা হ'ল। ইংলণুৰ  বণিকসকলে দক্ষিণ-পূব এছিয়াৰ বিশেষকৈ ভাৰতবৰ্ষৰ লগত বেহা-বেপাৰ কৰিবলৈ ১৫৯৯ খ্ৰীষ্টাব্দত ইংৰাজ ইষ্ট ইণুিয়া কোম্পানী নামৰ এটা বেচৰকাৰী কোম্পানী প্ৰতিষ্ঠা কৰিছিল। ১৬০০ খ্ৰীষ্টাব্দত এই ইষ্ট ইণুিয়া কোম্পালীয়ে প্ৰাচ্যৰ দেশবোৰৰ লগত ১৫ বছৰৰ বাবে একচেটিয়ে বেপাৰ-বাণিজ্য় কৰাৰ বাবে ৰাণী প্ৰথম এলিজাবেথৰ পৰা ৰাজকীয় অনুমতিপত্ৰ লাভ কৰে। ইয়াৰ অৰ্থ এয়ে যে প্ৰাচ্যৰ দেশৰ লগত বেপাৰ-বাণিজ্য কৰাৰ ক্ষেত্ৰত ইংলগুৰ ইষ্ট ইণুিয়া কোম্পানীৰ বাহিৰে সেই দেশৰ আইন কোনো কোম্পানীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰ্ব। ফলস্বৰূপে ইষ্ট ইণুিয়া কোম্পানীয়ে প্ৰাচ্যৰ দ্শবোৰৰ পৰা কম দামত বস্তু ক্ৰয় কৰি ইউৰোপৰ দেশবোৰত অধিক দামন বিক্ৰী কৰিব পাবিব। যদিও ইষ্ট ইণুিয়া কোম্পানীয়ে পাচ্যৰ দেশবোৰৰ পৰা কেঁচা সামগ্ৰী সংগ্ৰহ কৰাৰ ক্ষেত্ৰত প্ৰথমাৱস্থাত কোনো প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হোৱা নাছিল পিচে, অধিক কাল ইউৰোপৰ আন আন কোম্পানীবোৰক প্ৰাচ্যৰ দেশবোৰত সোমোৱাৰ ক্ষেত্ৰত বাধা দি ৰীখিব নোৱাৰিলে। উল্লেখযোগ্য যে প্ৰথমখন ইংৰাজ জাহাজ আফ্ৰিকাৰ পশ্চিম উপকুলেৰে উত্তমাশা অন্তৰীপ হৈ ভাৰত মহাসাগৰ পাৰ হয় মানে ইতিমধ্যে পৰ্তুজসকলে ভাৰতৰ পশ্চিম উপকুলৰ গোৱাত ঘটি পাতিছিল। দৰাচলতে ভাস্কো-ডা-গামা নামৰ এজন পৰ্তুগীজ নাৱিকে ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতলৈ অহা জলপথ আৱিস্কাৰ কৰে। সোতৰ সতিকাৰ আৰম্ভণিতে ডাচ্চ বা ওলণুাজসকলেও ভাৰত মহাসাগৰেদি বেহা-বেপাৰৰ সম্ভাৱনা দেখা। ইতিমধ্যে ফৰাচী বণিকসকলেও ফৰাচী ইষ্ট ইণিুয়া কোম্পানীৰ নেতৃত্বত ভাৰতত আহি উপস্থিত হৈছিল। ভাৰতৰ ইতিহাসত ইউৰোপীয়সকলৰ এই দেশলৈ আগমন এটা গুৰুত্বপূৰ্ণ ঘটনা। ইউৰোপত ভাৰত প্ৰচুৰ ধন-সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল। প্ৰচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত লগত ভাৰতৰবেহা-বেপাৰ সম্পৰ্ক আছিল। ভাৰতৰ মছলা, বস্ত্ৰ, ৰেছম, ধাতৱ দ্ৰব্য, সোণ, ৰূপ, মূল্যবান পাথৰ আদিৰ মধ্যযুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল। এইবোৰ সামগ্ৰী কিছু জলপথেৰ আৰু কিছু স্থলপথেৰে ইউৰোপ পাইছিলগৈ। কিন্তু, ১৪৫৩ খ্ৰীষ্টাব্দত তুৰ্কীসকলে কনষ্টাণ্টিনোপল (ইস্তানবুল) দখল কৰাত সমস্যাৰ সৃষ্টি হ'ল। ইউৰোপ আৰু প্ৰচ্যৰ দেশৰ মাজত থকা বেহা-বেপাৰৰ পথ তুৰ্কীসকলে বন্ধ কৰি দিয়াত ইউৰোপীয় বেপাৰীসকলে ভাৰত আৰু চীন দেশলৈ আহিবলৈ নতুন সাগৰীয় পথৰ সন্ধান কৰিবলগীয়া হ'ল। অতীজৰে পৰা পৰ্তুগাল আৰু স্পেইনৰ ৰজাসকলে সেই দেশৰ নাৱিকসকলক নতুন সাগৰীয় পথ আৱিস্কাৰৰ বাবে উৎসাহিত কৰি আহিছিল। এই দিশত পৰ্তুগীজসকল বাটকটীয়া আছিল। ভাৰতৰ ধন-শম্পত্তি আৰু ঐশ্বৰ্য-বিভূতিৰ বাবে কৰা অনুসন্ধানৰ ফলত দৈৱক্ৰমে কলাম্বাচৰ দ্বাৰা ১৪৯২ খ্ৰীষ্টাব্দত আমেৰিকা আৱিস্কাৰ হৈছিল।কেইবছৰমান পিছতেই ১৪৯৮ খ্ৰীষ্টাব্দত পৰ্তুগীজ নাৱিক ভাস্কো-ডা-গামাই ভাৰতৰ লগত প্ৰত্যক্ষ বেহা-বেপাৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আহি কালিকচ বন্দৰত পদাৰ্পন কৰে। সেই সময়ত কালিকট প্ৰাচ্যৰ বেহা-বেপাৰ এক মুখ্য বন্দৰ আছিল। বেহা-বেপাৰৰ এই প্ৰতিদ্বন্দ্বিতাই আন ইউৰোপীয় শক্তিসমূহকো ভাৰতলৈ আহিবলৈউদ্বুদ্ধ কৰিছিল। নেদাৰলেণু, ইংলণু ফ্ৰাণ্স আৰু ডেনমাৰ্কে ১৭ শতিকাতেই ভাৰতৰ বেহা-বেপাৰৰ বাবে কুঠি স্থাপন কৰিছিল। কিন্তু এইখিনিতে প্ৰশ্ন হয়, এই দেশবোৰক বিশেষকৈ ভাৰতৰ কিহে আকৰ্ষণ কৰিছিল? ইয়াৰ উত্তৰ পাবলৈ আমি ১৬ শতিকাৰ ইউৰোপলৈ পুনৰ ঘূৰি যাব লাগিব। ১৬ শতিকাৰ পৰা ১৮ শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যবাদে নিয়ন্ত্ৰণ কৰিচিল। বামিজ্যবাদ বুলিলে ব্যৱসায়-বাণিজ্য বা অৰ্থনৈতিক কাৰ্যকলাপ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাকে বুজায়। সেই সময়ত ইউৰোপৰ প্ৰধান দেশকেইখনে বৈদেশিক বেহা-বেপাৰ ৰ্সবাধিক গুৰুত্ব প্ৰদান কৰিছিল। সুচল, সমতাপূৰ্ণ বেহা-বেপাৰৰ যোগেদি সোণ, ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব দিছিল। যিয়েই নহওঁক, অচিৰেই এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল যে সকলো দেশেই বেপাৰ সামগ্ৰী ৰপ্তানী কৰাত গুৰুত্ব দি আমদানী কৰিবলৈ অনিচ্ছুক হ'ল। যদি কোনোৱেই আমদানী নকৰে তেনেহ'লে কালৈ ৰপ্তাৰী কৰিব? এইবোৰৰ ফলত ইউৰোপ বাণিজ্যই সঘনাই বিভিন্ন প্ৰতিদ্বন্দ্বী ৰাষ্টবোৰৰ মাজত যুদ্ধৰ কাৰণে হৈ পৰিছিল আৰু ই উপনিৱেশ সম্প্ৰসাৰণত অনুপ্ৰেৰণা যোগেইছিল। ফলত ইউৰোপৰ দেশবোৰে বিদেশত ব্যণিজ্য সম্প্ৰসাৰৰ উদ্দেশ্য উপনিৱেশ স্থাপনত গুৰুত্ব দিলে। তেওঁলোকে উপনিৱেশবোৰক অন্য দেশৰ লগত বাণিজ্য চলাবলৈ মানা কৰিলে। ১৬ আৰু ১৮ শতিকাত ইংলণু, নেদাৰলেণু , স্পেইন, পৰ্তুগাল, ফ্ৰণ্স, ডেনমাৰ্ক আদি ৰাষ্টৰ মূল অৰ্থনৈতিক ভেটি আছিল সাম্ৰাজ্যবাদ। নতুন সাগৰীয় পথৰ  আৱিস্কাৰে বিভিন্ন ইউৰোপীয় জাতিক সমৃদ্ধিশালি ভাৰতৰ সৈতে বেহা-বেপাৰ কৰিছিল উৎসাহিত কৰিছিল। বেছি ভাগ দেশেই নিজা নিজা কোম্পানী প্ৰতিষ্ঠ কৰি ভাৰতৰ বিভিন্ন ঠাইত বসতি স্থাপন কৰিছিল। ১৬ শতিকাৰ শেষৰ পিনে গোৱা, ডমন, ডিউ, চালচেটি আৰু তাৰ আশে-পাশে থকা বিস্তীৰ্ণ অঞ্চল পৰ্তুগীজসকলৰ শাসনাধীন আছিল। পিচে আন ইউৰোপীয় নণিকসকল অহা পিছত তেওঁলোক উৎখাত হ'বলগীয়া হ'ল। ওলণুাজসকলৰ ১৬০৯ খ্ৰীষ্টাব্দত ভাৰতৰ পুলিকটত তেওঁলোকৰ বেপাৰৰ কুঠি পাতে। অৱশ্যে ওলণুাজসকলে ভাৰতৰ সাম্ৰাজ্য পতাৰ উদ্দেশ্যৰে অহা নাছিল। তেওঁলোকৰ প্ৰধান উদ্দেশ্য আছিল বেপাৰ-বাণিজ্যৰ দ্বাৰা অৰ্থনৈতিকভাৱে লাভৱান হোৱা। তেওঁলোকে সুদূৰ প্ৰাচ্যৰ দ্বীপবোৰত মছলা ব্যৱসায়তহে অধিক মনোযোগ দিছিল। আন আন ইউৰোপীয়সকলৰ দৰে ইংৰাজসকলৰ  ভাৰতীয়  সামগ্ৰীৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল। তেওঁললোকে ভাৰতৰ লগত পোনপটীয়া বেহা-বেপাৰৰ প্ৰতি মন মেলিছিল। সেই উদ্দেশ্যে ১৬০৯ খ্ৰীষ্টাব্দত ইংৰাজ ইষ্ট ইণুিয়া কোম্পানীয়ে মোগল সম্ৰাট জাহাঈীৰব দৰবাৰলৈ উইলিয়াম হ'কিলক টুৰাটত এটি ফেক্টৰী স্থাপনৰ বাবে অনুমতি ল'বলৈ পঠিয়ায়। কিন্তু পৰ্তুগীজৰ প্ৰভাৱৰ বাবে সম্ৰাটৰ পৰা সেই অনুমতি নাপালে। পিচে ১৬১৩ খ্ৰীষ্টাব্দত চুৰাটত বাণিজ্য কুঠি এচা খুলিবলৈ মোগল সম্ৰাটৰ পৰা অনুমতিনলাভ কৰে। আন এজন ইংৰাজ বণিক ছাৰ থমাচ ৰোবে মোগল সম্ৰাট জাহাঈীৰৰ দৰবাৰলৈ আহি তিনি বছৰ থাকি আগ্ৰা, চুৰাট, আহমেদাবাদ আৰু ব্ৰোচত বাণিজ্যৰ কোঠ পাতিবলৈ অনুমতি পায়। আন এজন ইংৰাজ বণিক ফ্ৰস্ণস্ ডেই এজন স্থানীয় নায়কৰ পৰা মাদ্ৰাজ কিনি লয়। তেওঁ তাত ফোৰ্ট চেণ্ট জৰ্জ নামৰ এটা সুৰক্ষিত কাৰখান স্থাপন কৰে আৰু ১৬৫১ খ্ৰীষ্টাব্দত কলকাতাৰ ওচৰৰ হুগলীত এটা কাৰখানা খোলে। ১৬৬১ খ্ৰীষ্টাব্জত দ্বিতীয় চালৰ্ছে বোম্বাই (মুম্বাই) ইংৰাজ ইষ্ট ইণুিয়া কোম্পানীক লীজত দিয়া। দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকুমাৰীক বিয়া কৰাই বোম্বাই য়ৌতুক হিচাপে লাভ কৰিছিল। আশ্বৰ্যকৰ কথা এয়ে যে সেই  সময়ত বোম্বাইৰ বছৰি  ভাৰা আছিল মাত্ৰ ১০ পাউণু (প্ৰায় ৫০০ টকা)। পৰৱৰ্তী সময়ত ইষ্ট ইণুিয়া কোম্পানীয়ে  ঔৰংজেৱৰ পৰা কলিকতাত আন এচা কাৰাখানা স্থাপনৰ বাবে অনুমতি লাভ কৰে আকু তাত ফোৰ্ট উইলিয়াম নামৰ এটি দুৰ্গ সাজে। ব্যৱসায়-বাণিজ্য আৰু উপনিৱেশ স্থাপনৰ ক্ষেত্ৰত ভাৰতৰ ইংৰাজসকলৰ মুখ্য প্ৰতিদ্বন্দ্বী আছিল ফৰাচীসকল। ফৰাচী ইষ্ট ইণুিয়া কোম্পানী ১৬৬৪ খ্ৰীষ্টাব্দত পতিষ্ঠা হৈছিল। ১৬৬৯ খ্ৰীষ্টাব্দৰ ডিচেম্বৰত মছলিপট্ৰনমত আন এটা ফৰাচী ফেক্টৰী হৈছিল। ১৬৭৪ খ্ৰীষ্টাব্দত পণুিচেৰী ফৰাচীসকলৰ দুৰ্গ আৰু পিছলৈ মুখ্য কাৰ্যালয় হৈ পৰে। ফৰাচীসকলে চন্দনননগৰ বালাচৰ আৰু কাছিমবজাৰতো কুঠি স্থাপন কৰিছিল। মালাবাৰ উউপকূলত ফৰাচীসকলে ১৭২৫ খ্ৰীষ্টাব্দত মাহে আৰু ১৭৩৯ খ্ীষ্টাব্দত কৰমণুল উপকূলত কাৰাইকল লাভ কৰে। ভাৰতৰ লগত বেহা-বেপাৰৰ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰা আন জাতিবোৰ হ'ল ডেনিচ, প্ৰচিয়ান, ছুইচ আৰু অষ্ট্ৰিয়ানসকল। কিন্তু তেওঁলোকে পৰ্তুগীজ, ওলণুাজ, ফৰাচী আৰু ইংৰাজৰ লগত ফেৰ মাৰিব নোৱাৰিলে।সময়ত ইংৰাজ ইষ্ট ইণুিয়া কোম্পানীয়ে আন ইউৰোপীয় জাতিবোৰক আৰু ভাৰতীয় ৰাজ্যবোৰক চেৰ পেলাই ব্যৱসায়িক আৰু ৰাজনৈতিক উভয় ক্ষেত্ৰতে আধিপত্য বিস্তাৰ কৰিছিল। বৃটিছ ইষ্ট ইণুিয়া কোম্পানীৰ একমাত্ৰ উদ্দেশ্য আছিল ভাৰতৰ বেহা-বেপাৰ কৰি ইয়াৰ দ্বাৰা নানা উপায়ে লাভৱান হোৱা। ১৭১৫ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুখছিয়াৰে দিয়া দিযা ফৰমানৰ দ্বাৰা কোম্পানীৰ ভেটি অধিক টনকিয়াল হ'ল কাৰণ এই ফৰমান বিনা শুল্কই গোটেই দেশতে বৃটিছ ইষ্ট ইণুিয়া কোম্পানীক বেহা-বেপাৰ কৰিছিল অনুমতি দিছিল।এই ফমানৰ দ্বাৰা কোম্পানীয়ে মুদ্ৰা প্ৰস্তুত আৰু প্ৰচলন কৰিবলৈকো অনুমতি লাভ কৰিছিল। বৃটিছ ইষ্ট ইণুিয়া কোম্পানীয়ে নিমখ, ধপাত, তামোল আদিৰ দৰে সামগ্ৰীত একচেটিয়া  ব্যৱসায় আৰম্ভ কৰিছিল। এই সুযোগতে কোম্পানীৰ চাকৰিয়ালসকলেও তেওঁলোকেৰ নিজা ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছিল। ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। কোম্পানীৰ চাকৰিয়ালসকলে সূতা  আৰু ৰেচমৰ শিপিনীকৰ তেওঁলোকেৰ তৈয়াৰী বস্তুবোৰ কম দামত বিক্ৰী কৰিবলৈ জোৰ-জুলুম কৰিছিল। কোম্পানীৰ ভাৰতীয় দালাল 'গোমোস্থাসকলেও শিপিনীসকলক কোম্পানীৰ প্ৰয়োজন মতে সামগ্ৰী তৈয়াৰ  কৰিবলৈ দি যথেষ্ট কম দামত বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল। তেওঁলোকৰ কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেওঁলোকৰ উৎপাদিত সামগ্ৰী অধিক মূল্য দি কিনিব খোজা আন ইউৰোপীয় বেপাৰীৰ ওচৰত সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়া নহৈছিল। সেয়েহে উপায়হীন হৈ বহুতে তেওঁলোকেৰ পৰম্পৰাগত বৃত্তি ত্যাগ কৰিছিল। ফলত ভাৰতীয় কুটিৰ উদ্যোগ ক্ৰমান্বয়ে ধ্বংস পিনে গতি কৰিছিল। ১৭৬৫খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট ইণুিয়া কোম্পানী কৰ্তৃপক্ষই বংগ, বিহাৰ, উৰিষ্য়াৰ দেৱনী লাভ কৰাৰ পিছত নতুন ভূমি ৰাজহ ব্যৱস্থা যেনে- চিৰস্থায়ী বন্দবস্ত, ৰায়তবাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদিৰ প্ৰৱৰ্তন কৰিছিল। মাচিৰ খাজনা ৰায়তৱাৰী আৰু মহলদাৰী ব্যৱস্থাত অধিক বৃদ্ধি হৈছিল আৰু খাজনাৰ নিৰিখ সঘনে সলনি হৈছিল। এই ব্যৱস্থাই সমাজত জমিদাৰ, সুদখোৰ মহাজন আদি নতুন শ্ৰেণীৰ সৃষ্টি কৰিছিল। ৰাজহ হিচাপে নগদ ধন উচ্চ হাৰত লৈছিল। কিন্তু মাটিৰ বা কৃষি পদ্ধিতিৰ উন্নীতকৰণৰ বাবে তেনে কোনো ব্যৱস্থা লোৱা নাছিল। ৰাজহ আদায়ৰ কঠোৰ পদ্ধতিয়ে পৰা টকা ধাৰে ল'বলৈ বাধ্য কৰাইছিল। ধাৰ পৰিশোধ কৰিব নোৱাৰিলে সেই কৃষকৰ মাটি কোম্পানীয়ে বাজোয়াপ্ত কৰিছিল। এইদৰে গাওঁ অঞ্চলত ঋণগ্ৰতস্ততা বাঢ়িছিল আৰু ভাৰতীয় কৃষসকল দৰিদ্ৰ সীমাৰেখাৰ তললৈ অৱনমিত হৈছিল। ফলত কৃষি কৰ্মৰ বিস্তৰ ক্ষতিসাধন হৈছিল। এটা শতিকাতলৈ কম সময়ৰ ভিতৰত ইংৰাজসকলে ভাৰতৰ এটা বৃহৎ অংশ দখল কৰিবলৈ সমৰ্থ হৈছিল। ভাৰতত ইংৰাজসকলৰ সফলতাৰ বহুতো কাৰণ আছে। প্ৰথমতে, ভাৰতীয় ৰাজ্যবোৰৰ মাজত একতা নাছিল। পজ্ঞাৱ, মহীশূৰ আৰু মাৰাঠাৰ দৰে শক্তিশালী ৰাজ্যবোৰে বিদেশী শক্ৰৰ বিৰুদ্ধে একগোচ হৈ ঠিয় দিবলৈ অপাৰগ হৈছিল। এই ৰাজ্যবোৰ ইংৰাজৰ 'বিভাজন আৰু শাসন' (Divide and rule) নীতিৰ চিকাৰ হৈছিল। আনহাতে ইংৰাজ সদায় ঐক্যৱদ্ধ আছিল। বিশাল মোগল সাম্ৰাজ্যৰ পতনৰ পিছত ভাৰতীয় শাসকসকলে সামাজিক, ৰাজনৈতিক আৰু আৰ্থিক অৱস্থা মজবুত কৰি তুলিব পৰা নাছিল। তেওঁলোকৰ বেছি ভাগেই নিজ লক্ষ্য অনুধাৱনৰ ক্ষেত্ৰত অদূৰদৰ্শিতাৰ পৰিচয় দিছিল। তেওঁলোকে প্ৰজাৰ আনুগত্য লাভ কৰিব পৰা নাছিল। ভাৰতীয় সৈন্য-বাহিনী ইংৰাজৰ শৃংখলিত প্ৰশিকণ প্ৰান্ত সৈন্যৰ লগত ফেৰ মাৰিব পৰা নাছিল। ইংৰাজ সৈন্যসকলে যেতিয়া যুদ্ধ ক্ষেত্ৰত নতুন উন্নত ৰণকৌশল প্ৰয়োগ কৰিছিল ভাৰতীয় সৈন্য সেই ক্ষেত্ৰত যথেষ্ট পিছপৰা আছিল। ইংৰাজসকল সাগৰীয় নৌবাহিনীত শক্তিশালী নৌবাহিনী নাছিল। এইদৰেই বেহা-বেপাৰৰ উদ্দেশ্যে ভাৰতলৈ অহা ইষ্ট ইণুিয়া কোম্পানীয়ে বেহা-বেপাৰৰ পৰিসৰ বঢ়াবলৈ ক্ৰমান্বয়ে স্থানীয় ৰাজনীতিত হস্তক্ষেপ কৰি পিছত স্থানীয় শাসনো নিয়ন্ত্ৰণ কৰিবলৈ ধৰে। অৱশেষত সামাজিক, ৰাজনৈতিক আৰু প্ৰশাসনিক দিশৰ বিভিন্ন পৰিৱৰ্তন ঘটাই কোম্পানীয়ে ভাৰতৰ ৬৩ শতাংশ অঞ্চল আৰু ৭৮ শতাংশ জনসংখ্যাক নিজৰ নিয়ন্ত্ৰণলৈ আনে। বাহী অংশখিনিও কোম্পানীৰ পৰোক্ষ নিয়ন্ত্ৰণৰ ভিতৰতেই আছিল।



Class 8 Social Science 

Type: Dimi Bora