2.2.2 প্ৰলম্বন কি? (What is a suspension?)


    এটা অসমসত্ব মিশ্ৰণ য'ত গোটা পদাৰ্থ তৰলত বিস্তাৰিত (dispersed) হৈ থাকে তাকে প্ৰলম্বন বোলে। প্ৰলম্বন এটা অসমসত্ব মিশ্ৰণ য'ত দ্ৰাৱ্য় পদাৰ্থ দ্ৰাৱকত দ্ৰৱীভূত হোৱাৰ পৰিবৰ্তে সমগ্ৰ দ্ৰাৱক মাধ্য়মটোতে ওপঙি বা প্ৰলম্বিত (Suspended) হৈ থাকে। প্ৰলম্বন দ্ৰৱণত প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখি।

প্ৰলম্বনৰ ধৰ্ম
       প্ৰলম্বন এবিধ অসমসত্ব মিশ্ৰণ।
       প্ৰলম্বিত কণিকাবোৰ খালি চকুৰে দেখি।
       প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ (scatter) ঘটাব                 পাৰে আৰু পোহৰ ৰশ্মিৰ গতি দৃশ্য়মান কৰি তোলে।
      নোজোকাৰাকৈ থৈ দিলে প্ৰলম্বনৰ এটাৰ কণিকাবোৰ তলিত জমা হয়গৈ অৰ্থাৎ প্ৰলম্বন দ্ৰবৰ অস্থিৰ। প্ৰলম্বিত কণিকাবোৰ পৰিস্ৰাৱন প্ৰণালীৰে পৃওথক কৰিব কাৰি। কণিকাবোৰ তলিত পৰি থাকোতে ই প্ৰলম্বন হৈ নাথাকে আৰু ই পোহৰ ৰশ্মিৰ বিচ্ছুৰণ নঘটাই।






Class 9 Science
Bidyut Thakuria