৯.৩. মাটিৰ প্ৰকাৰঃ

তােমালােকে জানা যে শিলাখণ্ডৰ বিচুর্ণীভৱনৰ ফলত বিভিন্ন পদাৰ্থৰ সৰু সৰু কণিকাবােৰৰ সৃষ্টি হয়। এইবােৰৰ ভিতৰত আছে বালি আৰু বােকা। বালি আৰু বােকাৰ তুলনামুলক পৰিমাণটো নিৰ্ভৰ কৰে কোনবিধ শিলৰপৰা ই গঠন হৈছে। অর্থাৎ মূল শিল (parent rock) ৰ ওপৰত নিৰ্ভৰ কৰ। শিলৰ কণিকাবােৰ আৰু হিউমাছৰ মিশ্ৰণটোকে মাটি বুলি কোৱা হয়। বিভিন্ন জীৱ যেনে— বেক্টেৰিয়া , কেঁচু আৰু উদ্ভিদৰ শিপা আদিও যিকোনাে মাটিৰ দৰকাৰী অংশ। 

    বিভিন্ন আকাৰৰ কণিকাবােৰৰ অনুপাতৰ ওপৰত ভিত্তি কৰি মাটিৰ শ্রেণীবিভাগ কৰা হয় । ডাঙৰ কণিকাৰ অনুপাত বেছি থকা মাটিক বালিহীয়া মাটি ( sandy soil ) বােলে । তান্যহাতে মিহি কণিকাৰ অনুপাত তুলনামূলকভাবে অধিক থকা মাটিক আলতীয়া মাটি ( clayey soil ) বুলি কোৱা হয় । যদি ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্রায় সমান হয় তেতিয়া সেই মাটিক দোমােজা মাটি ( loamy soil ) বুলি কোৱা হয় । সেয়েহে , মাটিক বালিহীয়া , আলতীয়া আৰু দোমােজা মাটি হিচাপে শ্রেণীবিভাগ কৰিব পাৰি ।

     মাটিত থকা কণিকাবােৰৰ আকাৰে মাটিৰ গুণাগুণৰ ওপৰত অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় । বালিৰ কণিকাবােৰ যথেষ্ট ডাঙৰ । এইবােৰে একেলগে ওচৰা - উচৰিকৈ খাপ খাই থাকিব নােৱাৰে , সেয়েহে সিহঁতৰ মাজত বহুতাে খালী ঠাই ৰৈ যায় । এই খালীঠাইবােৰ বায়ুৰে পূৰ্ণ হৈ থাকে । গতিকে আমি ক’ব পাৰোঁ যে মাটিত থকা বালিৰ মাজত বায়ু সঞ্চাৰিত হৈ থাকে । পানী সহজে বালিৰ কণিকাবােৰৰ মাজেৰে পাৰ হৈ যাব পাৰে । সেয়েহে বালিচহীয়া মাটি পাতল , বায়ু সঞ্চাৰিত আৰু সাধাৰণতেশুকান হয় । বােকাৰ কণিকাবিলাক সৰু হােৱা বাবে একেলগে টানকৈ বান্ধখাই থাকে আৰু এইবােৰৰ মাজত বায়ুৰ কাৰণে ঠাই কম থাকে । বালিচহীয়া মাটিৰ বিপৰীতে আলতীয়া মাটিয়ে কণিকাবােৰৰ মাজত থকা ক্ষুদ্র খালী ঠাইবােৰত পানী ধৰি ৰাখিব পাৰে । সেয়েহে আলতীয়া মাটিত বায়ু কম পৰিমাণে থাকে । কিন্তু বালিচহীয়া মাটিতকৈ বেছি পানী ধৰি ৰখা বাবে ই গধুৰ হয় । 

    উদ্ভিদৰ বৃদ্ধিৰ বাবে অতি উত্তম মাটি হ’ল , দোমােজা মাটি । এই দোয়ােজা মাটি হ’ল বালি , বােকা আৰু পলস নামেৰে অন্য এক ধৰণৰ মাটিৰ মিশ্রণ । পলসক নদীৰ তলিত জমা হােৱা অৱক্ষেপ হিচাপে পােৱা যায় । পলসৰ কণিকাৰ আকাৰ বালি আৰু বােকাৰ কণিকাৰ মাজত হয় । দোমােজা মাটিত হিউমাছাে থাকে । উদ্ভিদৰ বৃদ্ধিৰ কাৰণে ইয়াৰ উপযুক্ত পানী ধাৰণ ক্ষমতা থাকে ।





 ক্রিয়াকলাপ ৯.৩

 বালিচহীয়া , আলতীয়া আৰু দোমাজা বা পলসুৱা মাটিৰ নমুনা সংগ্রহ কৰা । তাৰে এটা নমুনাৰপৰা এমুঠি মাটি লােৱা । ইয়াৰ পৰা সৰু মিহি শিল , শিলৰ টুকুৰা বা ঘাঁহ পাতবােৰ আঁতৰােৱা । এতিয়া এটোপ এটোপকৈ পানী দিয়া আৰু মাটিখিনি হাতেৰে পিটিকা [ চিত্রঃ ৯.৪ ( ক ) ] । পর্যাপ্ত পৰিমাণৰ পানী দিয়া যাতে [ চিত্র ৯.৪ ( খ ) ] ইয়াৰ পৰা এটা লাড়ু তৈয়াৰ কৰিব পাৰি । কিন্তু এই লাডুটি আঠালতীয়া হ'ব নালাগে । এই মাটিখিনিৰপৰা এটা লাড়ু তৈয়াৰ কৰিবলৈ চেষ্টা কৰা [ চিত্র ৯.৪ ( গ ) ] । এখন সমানপৃষ্ঠৰ ওপৰত এই লাড়ুটো বেলি এটা চুঙা বনােৱা [ চিত্র ৯.৪ ( ঘ ) ] । এই চুঙাটোৰপৰা এটা আঙুঠি তৈয়াৰ কৰিবলৈ চেষ্টা কৰা [ চিত্র ৯,৪ ( ঙ ) ] । এই ক্রিয়াকলাপ আন নমুনালৈও পুনৰাই কৰিব পাৰা । এটুকুৰা মাটিৰ পৰা কিমান দূৰলৈকে আকৃতি দিব পাৰি , সেয়া মাটিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে নেকি বাৰু ? 

    পাত্র , পুতলা আৰুমূর্তি তৈয়াৰ কৰিবলৈ কেনেকুৱা মাটি উপযুক্ত সেই বিষয়ে কিছু আভাস দিব পাৰিবানে ?


Type: Ankur Raj Deka 

class 7 Science SCERT Book