চাহ জনগোষ্ঠীসকল


    অসমলৈ বিভিন্ন সময়ত বিভিন্ন প্রান্তৰ পৰা অনেক নৃ-গােষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। ভাৰতবৰ্ষৰ কেইবাখনাে ৰাজ্যৰ পৰা চাহ জনগােষ্ঠীৰ লােকসকল অসমলৈ আহিছিল। কিন্তু এই জনগােষ্ঠীৰ লােকৰ প্রব্রজন স্বাভাৱিক নাছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাহ শ্ৰমিকৰ চাহিদা পূৰণ কৰিবলৈ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি আনিছিল। কোম্পানীয়ে ১৮৩৫ চনৰ পৰা উজনি অসমৰ চাবুৱাত প্রথমে চাহৰ পদ্ধতিগত ৰােপণ কার্য আৰম্ভ কৰে । ইয়াৰ চাৰি বছৰৰ পাছত অসম চাহ কোম্পানী  (The Assam Tea Company) গঠন হয়। অসম চাহ কোম্পানীৰ অধীনত চাহ খেতি লাহে লাহে তা প্ৰসাৰিত হৈছিল। কিন্তু প্রয়ােজন অনুসৰি থলুৱা শ্ৰমিকৰ অভাৱ আছিল ৷ সেয়ে চীন দেশ আৰু ভাৰতবৰ্ষৰ বাট বিভিন্ন ঠাইৰ পৰা শ্রমিক সংগ্রহ কৰাৰ কথা চিন্তা কৰে। তাৰ কাৰণে কোম্পানীয়ে কিছু মধ্যভােগী হও নিয়ােগ কৰিছিল। এইসকল মধ্যভােগীয়ে পশ্চিমবংগ, বিহাৰ, ঝাড়খণ্ড, ছত্তিশগড়, মধ্যপ্রদেশ, উত্তৰপ্ৰদেশ, অন্ধ্রপ্রদেশ, মাদ্রাজ আদি ৰাজ্যৰ পৰা শ্রমিক সংগ্রহ কৰি আনিছিল। এনেদৰে অসমলৈ লে শ্রমিক সংগ্রহ কৰি অনা কার্যক মজদুৰ চালান বুলি কোৱা হৈছিল। মজদুৰ চালান দুই ধৰণৰ আছিল। চাই এটা হ'ল গিৰমিটিয়া চালান আৰু আনটো হ’ল আড়কাঠিয়া চালান। লিখিত চুক্তি (Agreement) এক অনুসৰি নির্দিষ্ট সময়ৰ বাবে শ্রমিক অনাটোক গিৰমিটিয়া চালান আৰু কোনাে চুক্তি নকৰাকৈ চলে- ক বলে কৌশলে সংগ্রহ কৰাটোক আড়কাঠিয়া চালান বুলি কোৱা হৈছিল। 

    অসম চাহ কোম্পানীয়ে উনৈশ শতিকাৰ মাজভাগত হাজাৰিবাগ জিলাৰ পৰা পােন প্রথমে ৬৫২-৩ জন শ্রমিক সংগ্রহ কৰি আনিছিল, যদিও সেইসকল শ্রমিক অসম আহি নাপালেই। ৰােগাক্রান্ত হৈ আধাখিনি শ্ৰমিকৰ আধাবাটতে মৃত্যু হ'ল আৰু বাকীসকল উভতি গ'ল। ইয়াৰ পাছত ছােটনাগপুৰ অঞ্চলৰ পৰা কোম্পােনীয়ে মধ্যভােগীৰ দ্বাৰা শ্রমিক সংগ্রহ কৰে। এইসকল শ্রমিকৰাে কিছু অংশহে অসমৰ মাটিত ভৰি দিবলৈ সক্ষম হয়। আন একাংশৰ বাটতে মৃত্যু ঘটে। কিন্তু লাহে লাহে শ্ৰমিকৰ সংখ্যা বৃদ্ধি পায়। ১৮৭৭ চনত চুক্তিবদ্ধ শ্ৰমিকৰ সংখ্যা হয়গৈ ৪৬,৭৬৫- জন। যিহেতু ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তৰ পৰা শ্ৰমিকসকল আহিছিল, সেয়ে তেওঁলােকৰ জাতি, বর্ণ, ধর্ম, ভাষা, কৃষ্টি-সংস্কৃতি আছিল বেলেগ বেলেগ। কিন্তু অসমলৈ আহি চাহ বাগিচাৰ একে পৰিৱেশত থাকি কাম কৰিব লগা হয়। প্ৰথমাৱস্থাত কিছু অসুবিধাৰ সৃষ্টি হ'লৈ সময় বাগৰাৰ লগে লগে পাৰস্পৰিক সংযোগ আৰু সৌহাৰ্দ্যৰভাৱ গঢ়ি উঠিল। চুক্তিবদ্ধ এচাম কৰ্মী নিজ ঠাইলৈ উবতিল যদিও বাকীসকল এই অসমকে নিজ তুমি বুলি ভাবি ৰৈ গ'ল। অসমতে স্থায়ীভাৱে থাকি যোৱা শ্ৰমিকসকল মাজত উমৈহতীয়া এটা সংযোগী ভাষা গঢ় লৈ উঠিল যাক বানগানীয়া ভাষা বুলি অভিহিত কৰা হয়। দৰাচলতে বাগানীয়া ভাষা এটি দোৱানহে, ই এতিয়াও ভাষাৰ পৰ্যায়লৈ উন্নীত হোৱা হয়। 

    চাহ জনগোষ্ঠী এতিয়া অসমৰ জীৱনৰ এক অন্যতম বৃহৎ অংশ। চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰামিকসকলকে ধৰি জনগোষ্ঠীৰ লোকৰ সংখ্যা প্ৰায় ষাঠি লাখ। এওঁলোকৰ  ভিতৰত হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা সহৰ। হিন্দুসকলৰ বেছিভাগেই শাক্তধৰ্মী আৰু জড় উপাসক। দুৰ্গা, কালি, মনসা আদি অনেক দেৱ-দেৱীৰ পূজা কৰে। অনুকুল ঠাকুৰৰ অনুগামীৰ সংখ্যাও একেবাৰে তাকৰ নহয়।

    চাহ জনগোষ্ঠী সমাজখনৰ মাজত অনেক জাতি, উপজাতি আৰু সম্প্ৰদায় আছে। ইয়া ৰে কিছুমান হ'ল- ওৰাওঁ মুণ্ডা,  চাওতাল কৰ্মী, তাঁতী ঘাটোৱাৰ গোৱালা, কমাৰ, কঁহাৰ কালিন্দী, কিষান, কৈৰী, খাড়িয়া, খণ্ডাইত, খদাল, গঁড়, গৰাইত, গঞ্জু, গাজলু ঘাঁছি, গন্দ, চাওঁৰা, বৰাইক, চুঁড়ি, চবৰ, তাছা, তেলী, তুৰী, তেলেঙা, চাহু, হাজাম, নাগবংশী, পাতৰ, ধানোৱাৰ, পাণিকা, পৰজা, বাউৰী, বাকতি, বাঢ়ৈ, বেদিয়া ভূমিজ, ভক্তা, মানকি, মাহলি, মোদী, মিৰ্ধা, ৰবিদাস, ৰাজোৱাৰ ৰোহিদাস, লোহাৰ, হাড়ী ইত্যাদি। 

    অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ চাহ বাগিচাত দীৰ্ঘকাল ধৰি বসবাস কৰি অহা চাহ জনগোষ্ঠী লোকসকল অসমীয়া সমাজৰ অপৰিহাৰ্য অংগ হৈ পৰিছে। অসমীয়া ভাষা-সংস্কৃতি আঁকোৱালি ল'লেও চাহ জনগোষ্ঠীৰ লোকসকলৰ নিজস্ব পৰিচয় আছে। তেওঁলোকৰ নিজা কৃষ্টি-সংস্কৃচতি, আচাৰ-ব্যৱহাৰ চাহ একেবাৰে লোপ পোৱা নাই। কৰম, টুচু আৰু সহঁৰাই চাহ জনগোষ্ঠী সমাজৰ অতি জনপ্ৰিয় উৎসৱ। কৰম পৰৱৰ ঝুমুৰ নৃত্য-গীতে চাহ জনগোষ্ঠী সমাজৰ নিজস্ব পৰিচয় দাঙি ধৰে।

    অসমৰ সমাজ জীৱন এক গুৰুত্বপূৰ্ণ অঙ্গ হৈয়ো চাহ জনগোষ্ঠী সমাজখন বহু দিশত পিছত পিছ পৰি আছে। ৰাজ্যৰ অৰ্থনীতিত উল্লেখযোগ্য ভুূমিকা গ্ৰহণ কৰা চাহ শ্ৰমিকসকলৰ আৰ্থিক অৱস্থা টনকিয়াল নহয়। জীৱন ধাৰণৰ মান অতি নিম্নখাপৰ। চাহ শ্ৰমিকৰ দৈনিক মজুৰী তুলনামূলকভাৱে কম। নিৰক্ষৰতাৰ হাৰ ৰাজ্যৰ গড় হাৰতকৈ বহু বেছি। ভালদৰে শিক্ষাৰ পোহৰ নপৰা চাহ জনগোষ্ঠী সমাজখনক অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আৱৰি ৰাখিছে। ভূত-প্ৰেত, ডাইনী, বেজ-মন্ত্ৰ, পুজা-পাত-পাতল আদিয়ে প্ৰভাৱিত কৰি ৰাখিছে। দৰাচলতে যুগ -যুগ ধৰি বাগিছা কৰ্তৃপক্ষৰ কঠোৰ অনুশাসন আৰু আৰ্থিক সংকটৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হোৱা কাৰণে বহিৰ্জগতৰ প্ৰভাৱৰ পৰা চাহ শ্ৰমিকসকল বহু দূৰতে ৰৈ গৈছিল। কিন্তু লাহে লাহে অৱস্থাৰ পৰিৱৰ্তন হ'বলৈ ধৰিছে। বাগিচাৰ কৰ্তৃপক্ষৰ লগতে চৰকাৰে কল্যাণমূলক আঁচনি গ্ৰহণ কৰিলে চাহ জনগোষ্ঠী সমাজখন সময়ৰ লগত খোজ মিলাই আগবাঢ়িব পাৰিব।

    চাহজনগোষ্ঠীৰ বহুতো বিশিষ্ট ব্যক্তিৰ ভিতৰত কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তিৰ চমু পৰিচয় তলত দাঙি ধৰা হ'ল-

মেঘৰাজ কৰ্মকাৰ

    চাহ জনগোষ্ঠীসকলৰ যিসকল লোকে সমীয়া ভাষা-সাহিত্য চৰ্চা কৰি সুনাম অৰ্জন কৰিছে তাৰে ভিতৰত উজনি অসমৰ জামিতা চাহবাগিচাৰ মেঘৰাজ কৰ্মকাৰ হ'ল প্ৰথম সাহিত্যিক পেঞ্চনাৰ। তেওঁ 'চালুক বচন'কে আদি কৰি ভালেমান গ্ৰন্থ প্ৰকাশ কৰিছে। অসম প্ৰকাশন পৰিষদে 'মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী' প্ৰকাশ কৰিছে। তেওঁ বৰবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল।

সন্তোষ কুমাৰ তপ্ন

    মৰাণৰ সন্তোষ কুমাৰ তপ্নই লিখা 'মুণ্ডা জাতিৰ চমু পৰিচয়'খন হ'ল চাহ জনগোষ্ঠীৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তেওঁ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। ১৯৯২৪ চনত জন্ম লাভ কৰা তপ্ন পিতৃৰ নাম দয়াল তপ্ন আৰু মাতৃৰ নাম মাৰঠা তপ্ন আছিল। যোৰহাট জে.বি. কলেজৰ কৰা স্নাতক ডিগ্ৰী লাভ কৰা তপ্নই সমাজ সেৱাৰ সমান্তৰালভাৱে সাহিত্য-চৰ্চাও কৰিছিল। অসমৰ বিভিন্ন কাকত-আলোচনীত তেওঁৰ তথ্যগধুৰ লিখথনি প্ৰকাশ পাইছে। সহজ-সৰল জীৱন যাপন কৰা এইগাৰী মহান ব্যক্তিৰ  ১৯৯৪ চনত ২১ নৱেম্বৰত মৃত্যু হয়। 

চাইমন সিং হ'ৰ

    চাইমন সিং হ'ৰৰ ১৯২৯  চনত জন্ম হয়। পিতৃ  মাছিৰাম হ'ৰ আৰু মাতৃ ছাৰা হ'ৰ। শিৱসাগৰৰ মিছন স্কুলত শিক্ষা  জীৱন আৰম্ভ কৰা হ'ৰই যোৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। চৰকাৰী চাকৰী প্ৰত্যাখ্যান কৰি সমাজৰ কামত ব্ৰতী থকা হ'ৰ বৰ উদাৰ মনৰ আছিল। খ্ৰীষ্টান ধৰ্মীয় লোক হৈয়ো হিন্দু ধৰ্মৰ নামঘৰ পাতিবলৈ নিজৰ মাটি দান কৰি আগভাগ লৈছিল। শিক্ষাৰ কথা চিন্তা কৰি পিছ পৰা ভিতৰুৱা অঞ্চলত স্কুল পাতি শিক্ষাৰ পোহৰ বিলাইছিল। এইগৰাকী নমস্য ব্যক্তিয়ে ১৯৭৯ চনৰ ২৬ জুনত ইহলীলা সম্ভৰণ কৰে।

    কলেজীয়া শিক্ষাৰে শিক্ষিত এই দুগৰাকী ব্যক্তিয়ে চাহ জনগোষ্ঠীৰ সমাজখনক খনিকৰ বুলি অভিহিত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। সেয়ে তেওঁলোকক চাহ জনগোষ্ঠ সমাজখনক সংগঠিত কৰাত কৰা হয়।

দেশৰ স্বাধীনতা সংগ্ৰামত অসমৰ চাহ  জনগোষ্ঠী সমাজৰ অৰিহণা যথেষ্ট আছে। সংগ্ৰামৰ বিভিন্নকার্যসূচীত অংশগ্রহণ কৰি বহুলােক চৰকাৰী নির্যাতনৰ বলী হ'ব লগা হৈছিল। আনকি বহুতে মৃত্যুক আকোৱালি লৈছিল। ১৯২১ চনৰ অসহযােগ আন্দোলনত যােগদান কৰি বৰ্তমানৰ শােণিতপুৰ জিলাৰ তেজপুৰ এণ্ড ঘগৰা টি ইষ্টেটৰ মাংৰি ওৰাওঁয়ে প্রাণ আহুতি দিয়ে। তেওঁ হ’ল স্বাধীনতা সংগ্রামত জীবন উছৰ্গা কৰা অসমৰ প্রথম মহিলা শ্বহীদ। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনতাে চাহ জনগােষ্ঠীৰ লােকসকলে সক্রিয়ভাৱে অংশগ্রহণ কৰিছিল। চৰকাৰী দমন- নির্যাতনৰ বলী হৈ কিছুলােকে প্রাণ হেৰুৱাইছিল। ১৯৮০ চনত মৃত্যু বৰণ কৰা দৰং জিলাৰ কৌপাতি চাহবাগিচাৰ বাধনা ওৰাওঁ হ'ল অসম আন্দোলনত মৃত্যু বৰণ কৰা চাহ জনগােষ্ঠীৰ প্রথম শহীদ।


Type : Priyam Jyoti Patar