৭৪ তম সংশোধনী

আমি আগতে উল্লেখ কৰিছো যে ৭৪ তম সংশোধনীত নগৰ অঞ্চলৰ স্থানীয় গোট বা নগৰপালিকাৰ বিষয়ে আলোচনা কৰা হৈছে।

    নগৰ অঞ্চল কাক কয়? মুম্বাই বা৪ কলকাতা আদি ডাঙৰ ডাঙৰ চহৰবোৰ চিনাক্ত কৰা সহজ। কিন্তু যিবিলাক সৰু নগৰ ভাৰতৰ লোকপিয়লে দিয়া সংজ্ঞা মতে- (ক) এটা নগৰ অঞ্চল নিম্নতম জনসংখ্যা ৫০০০ জন, (খ) জনসংখ্যাৰ অন্ততঃ ৭৫ শতাংশ পুৰুষ ব্যক্তি অ- কৃষি বৃত্তি জড়িত থকা ব্যক্তি হব লাগিব আৰু (গ) জনসংখ্যা ঘনত্ব প্ৰতিী বৰ্গ কিলোমিটাৰ ৪০০ হব লাগে। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ প্ৰায় ২৮ শতাংশ লোক নগৰ অঞ্চলত বসবাস কৰে।

    ৭৪ তম সংশােধনীটো নগৰ অঞ্চলত প্রযােজ্য হােৱাৰ বাহিৰে আন প্রকাৰে ৭৩ তম সংশােধনীৰ পুনৰাবৃত্তি বুলিব পাৰি । ৭৩ তম সংশােধনীত থকা বিভিন্ন ব্যৱস্থা , যেনে- প্রত্যক্ষ নির্বাচন , আসন সংৰক্ষণ , বিষয় হস্তান্তৰ , ৰাজ্যিক নির্বাচন আয়ােগে আৰু ৰাজ্যিক বিত্তীয় আয়ােগ ইত্যাদিও ৭৪ তম সংশােধনীৰ অন্তর্ভুক্ত কৰা হৈছে আৰু একেধৰণে নগৰ পালিকাৰ ক্ষেত্ৰত প্রযােজ্য কৰা হৈছে । সংবিধানে ৰাজ্যিক সূচীৰ কিছুমান বিষয় নগৰ অঞ্চলৰ স্থানীয় প্রশাসনলৈ হস্তান্তৰ কৰাত বাধ্যবাধকতা আৰােপ কৰিছে । এই বিষয়বােৰ সংবিধানৰ ১১ নং অনুসূচীত উল্লেখ কৰা হৈছে ।

    Type Sumit Patar

Class 11 Political Science