মৰাণসকল


    মৰাণসকল অসমৰ এক অতি প্ৰাচীন কিৰাত-মঙ্গোলীয় মূলৰ জনগোষ্ঠী। এওঁলোক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আদিম অধিবাসী। বিশাল হিমালয় পৰ্বতমালাৰ দক্ষিণ পাদদেশৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এই জীপাল ৰম্যভূমিত মৰাসকলে আবহমান কালৰে পৰা বসতি কৰি আহিছে। কোনোবা অজান কাৰে পৰা এই ভূ-প্ৰাকৃতিক অঞ্চলত বসবাস কৰি অহা মৰাণসকলক সেয়ে এই ভূ-খণ্ডৰ প্ৰাকঐতিহাসিক মানৱ প্ৰজাতিৰ এক নিৰ্দষ্ট গোট ৰূপে চিহ্নিত কৰা হৈছে। অসমৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ মানৱ বিষ্ণু ৰাভাদেৱে তেওঁৰ 'অসমীয়া কৃষ্টি' নামৰ পুস্তিকাত এইদৰে উল্লেখ কৰিছে- 'এওঁলোকৰ দিনতে অসমত অসমত দ্ৰুতভাৱে তাম্ৰ যুগ, ব্ৰোঞ্জ যুগ আৰু লৌহ যুগ আৰম্ভ হৈছিল।'  ড° স্বৰ্ণলতা বৰুৱাৰ মাতে 'খ্ৰীষ্ট জন্মৰ বহু শতিকাত পূৰ্বৰে পৰা মৰাণসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি কৰি আহিছে।' মৰাণসকল যে অসমৰ আদিম অধিবাসী এই সম্পৰ্কত পণ্ডিতসকল একমত। একালত এই মৰাণসকল যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে হিমালয়ৰ নিকটতম নামনি অঞ্চলজুৰি বিস্তৃত হৈ আছিল, এই সম্পৰ্কত ভালেমান ঐতিহাসিক সূত্ৰৰ সন্ধান পোৱা যায়। যুগবিবৰ্তনৰ প্ৰৱাহমান ধাৰাত আন আন আদিম জনগোষ্ঠীসূহৰ দৰেই মৰাণসকলেও অৱস্থানগতভাৱে কিছু পৰিবৰ্তিত অৱস্থাৰে সম্প্ৰতি সংখ্যাধিকভাৱে তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা আৰু অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাত বসতি কৰি থকাৰ লগতে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ধেমাজি আদি জিলাসমূহতো বুজন পৰিমাণৰ বসতি আছে। তদুপৰি গোলাঘাট, নগাঁও, শোণিতপুৰ, লক্ষীমপুৰ আদি জিলাবিলাকতো মৰাণৰ সেৰেঙা বসতি দেখা যায়. মৰাণসকলৰ গৰিষ্ঠ সংখ্যক লোকেই সংৰক্ষিত বনাঞ্চলৰ কাষে-পাজেৰে দুৰ্গম অঞ্চলসমূহত গাঁ পাতি বসবাস কৰে। অতি কম সংখ্যক লোকহে ক্ষুদ্ৰ বিকাশমুখী কেন্দ্ৰস্থলসমূহৰ উপকন্ঠত বাস কৰে ।

    মৰাণসকলৰ নৃগোষ্ঠীগত পৰিচয় ঃ মৰাণসকল বৃহৎ কিৰাট মঙ্গোলীয় গোষ্ঠীৰ এক অন্যতম জনজাতীয় গোট। ড° সূৰ্য কুমাৰ ভূঞাদেৱে তেওঁৰ 'কছাৰী বুৰঞ্জী'ত বাৰঘৰ কছাৰী আছিল বুলি উল্লেখ কৰিছে। সোনোৱাল কছাৰীসকলৰ এজন লেখক ৰজনীকান্ত হাজৰিকাৰ 'মঙ্গোল কছাৰীৰ তপ্ত ইতিহাস নামৰ পুথিতো বাৰঘৰ কথা উল্লে আছে। তদুপৰি উজনিৰ কছাৰীসকলৰ জনপ্ৰবাদ মতেও কছাৰীৰ বাৰটো বংশ আছিল। এই বংশবোৰ হ'ল- দমচয় (ডিমাচা), ইনটুহজয় (হোজাই), বিহদয় (বড়ো), জুহল-লুইৱা (লালুং বা সম্প্ৰতি তিৱা), বাদু সোনলয় (সোনোৱাল), ইনটু মিনখঁয় (মৰাণ), দিউনয় (দেউবী), ইনটু-মেচয় (মেছ), কুচুবয়ঁ (কোচ), ইনটু-গাৰোয় (গাৰো), ৰাভা কিৰাটয় (ৰাভা), বাদু হজয় (হাজাং)। প্ৰণিধানযোগ্য যে পৰৱৰ্তী এক সময়ৰ পৰা এই কিৰাট কছাৰীসকল সামুহিক ভাৱে বৃহৎ বড' বা গোষ্ঠী বুলিও অভিহিত হ'ল আৰু সেয়েহে আজিকালি মৰাণাসকলৰ লগতে অন্যান্য সকলকো  একেলগে বড়োমূলীয় লোক বুলি গণ্য কৰা হয় তদুপৰি বড়োমূলৰ আন কেইবাটাও ফৈদ আছে যেনে - ত্ৰিপুৰা, নেপাল মেছে ইত্যাদি। 

     অতীজতে মৰাণসকলৰ মাজত বড়ােৰূচী’ নামৰ এটা বড়ােমূলীয় ভাষা আছিল। এই ভাষা ওঠৰ শতিকাৰ শেষ ভাগলৈকে চলি আছিল বুলি এডৱার্ড গেইট চাহাবে উল্লেখ কৰিছে। অতীতৰ মৰাণ ভাষাৰ কেইটামান শব্দ হ'ল দি (পানী), সিম (নিমখ), মাই (ধান), মাইম (চাউল), মিয়াম (ভাত), মহন (মাংস), চান (সূর্য), দান (চন্দ্র), হাটাৰাই (তৰাবােৰ), মকুহাং (বৰষুণ), চেনফং (গছ), হিংকা (কাপােৰ), খেৰাে (মূব), হান (চাহ), হাটাই (দাঁত), হাপাতােলা (ভৰি), হিরা (মতা), হিচি (মাইকী), মাদাই (সন্মানীয় লােক), তাদাই (ডেকা ল'ৰা), চেখলা (ছােৱালী)। অতীতৰ মৰাণ ভাষা লুপ্ত প্রায় যদিও উল্লিখিত শব্দবােৰৰ লগতে আৰু বহু উক্ত ভাষাৰ শব্দৰাজিৰ মৰাণ গ্রাম্য সমাজত আজিও প্রচলন হৈ আছে। শব্দবােৰ বড়াে, ডিমাছা, দেউৰী আদি ভাষাৰ সৈতে মিল আছে। 

    চাওলুং চুকাফা অহাৰ সময়ত মৰাণসকলৰ এখন স্বাধীন ৰাজ্য ছিল। ৰাজ্যখনৰ সীমা আছিল উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূৱে চফ্রাই আৰু পশ্চিমে ব্রহ্মপুত্র। সেই সময়ত মৰাণৰ ৰজাজনৰ নাম আছিল বড়ােচা বা বদৌছা। বদৌছা শব্দৰ অৰ্থ হ'ল বড়ােৰ সন্তান। এই বদৌছাই মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজনা বজা। বদৌছাৰ পূর্বে আঠজন বজাই বিভিন্ন সময়ত অসমৰ ভিন্ন ভিন্ন খণ্ডত শাসন কৰাৰ সম্ভেদ পােৱা যায়।

     সাংস্কৃতিকভাৱে মৰাণসকল অতি চহকী। বিহুবেই মবাণসকলৰ প্রধান উৎসৱ। অতীজতে মৰাণসকলে শদিয়াৰ কেঁচাইখাতী থানৰ লগতে তিনিচুকীয়া জিলাৰ মাকুমৰ যত্তোখােৱা, দেওশাল, চৰাইদেউ আদিত শাল পাতি দেৱ-দেৱী পূজা কৰিছিল। বহাগৰ প্রথম মঙ্গলবাৰে দেৱ-দেৱীৰ পূজা-অর্চনা কৰি বিহু নমাইছিল আৰু মঙ্গলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু ৰূপে সাত দিন, সাত বাতি বিহু মাৰিছিল আৰু এনেদৰে অন্যান্য অসমীয়াতকৈ ভিন্ন দিন-বাৰত আজিও তেওঁলােকে বিহু পালন কৰে। অতি সম্প্রতি দেউৰীসকলৰ বিহুৰ দৰেই মৰাণসকলৰ বিহুক মৰাণ বিহু’ নামেৰে জনা যায়। গছতলৰ বিহু, ৰাতি বিহু, ধর্ম হুঁচৰি, বৰমগা আদিয়ে মৰাণ বিহুক সমৃদ্ধ কৰিছে। মৰাণসকলৰ ঢােলৰ আকৃতি, বাদনৰ লয়-তাল, বিহু নৃত্যৰ ভংগিমা, গীতৰ তাল-লহৰ আদিৰ নিজস্ব বৈশিষ্ট্য বিদ্যমান। আনহাহে মৰাণসকলৰ অন্যান্য সাংস্কৃতি সম্ভাৰসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল কুলাবুঢ়ী নৃত্য, যঁজা নৃত্য, ৰণুৱা নৃত্য-গীত, ধ্ৰুতং, গৰখীয়া গীত, ঝুম তলীৰ গীত, হাতী শিকোৱা গীত, বিভিন্ন খেৰি ইত্যাদি।

    মৰাণসকলৰ মাজত বহুতো খেল-বংশ আছে। এই খেল-বংশবোৰ বৃত্তিসূচক, স্থানবাচক, গুণবাচক, জাতিবাচত, যেনে- তেল পৰা তেলেপীয়া  নাও নিৰ্মাণ কৰাসকলক নাওশলীয়া, চিকৰি, গনতা, কাঁড়ী গঞা, দহোটীয়া, ডিমৌগুৰীয়া, দাওচলীয়া, পেটুধুৱা, হাতীমূৰীয়া, ৰংযোগনীয়া, ৰুপাই গনতা, মাজুলী গঞা, হালধিবৰীয়া, সৌকাধৰা, খাটোৱাল ইত্যাদি।

    মৰাণসকলৰ সমাজ-গাঁথনি বা সমাজ পৰিচালনা ঃ মৰাণসকলৰ প্ৰতিখন গাঁৱত ৰাইজৰ  দ্বাৰা নিৰ্বাচিত এজন গাঁওবুঢ়া থাকে লগতে প্ৰয়োজন অনুসৰি দুজন বা ততোধিক বৰবুঢ়া থাকে। এওঁলোকৰ অধীনতে ধৰ্মীয়. সামাজিক কাম-কাজ, বিচাৰ প্ৰক্ৰিয়া পৰিচালিত হয়। সেইদৰে ডেকাসকলৰ মাজতো এজন দলপতি আৰু উপ-দলপতি থকে। এওঁলোকে সমাজ পৰিচালনাত আগভাগ লয়।

    এই মৰাণসকলৰ জাতীয় খেতিৰ ভিতৰত সুমথিৰা বা কমল টেঙা অন্যতম। ঠিক তেনেকৈ জাতীয় পশু হাতী আৰু জাতীয় গছ হোলুং।

    মৰাণসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল-

সমন্বয়ৰ জনক কিৰাত শৌর্য বদৌচা

     অসমৰ অন্যতম আদিম অধিবাসী কিত-মঙ্গোলীয় গােষ্ঠীৰ অন্তৰ্গত মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিম জনা বজা আছি বদৌচা। ১২২৮ খ্রীষ্টাব্দত চাউলুঙ চুকাফাই অসমত প্ৰৱেশ কৰাৰ সময়ত বদৌচাৰ অধীনত উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চফ্ৰাই আৰু পশ্চিমে ব্রহ্মপুত্র মহানদীৰ মাজৰ ভূখণ্ডৰ এখন সমৃদ্ধিশালী মবাণ ৰাজ্য আছিল। সাম্প্রতিক কালৰ শিৱসাগৰ জিলা আৰু ডিব্ৰুগড় জিলাৰ একাংশ সামৰি মৰাণ ৰাজ্যৰ অৱস্থিতি আছিল। মৰাণ ৰাজ্যৰ কাষতে বৰাহী ৰাজ্য আছিল আৰু অন্যান্য তাঞ্চলত চুটীয়া, কছাৰী, ভূঞা ৰাজ্যৰ উপৰিও পাহাৰ-ভৈয়ামৰ সকলােবােৰ আদিম গােষ্ঠীৰ নিজ নিজ ভূখণ্ড আছিল। সেই প্রাচীন ৰাজ্যবােৰৰ মাজত, জাতি-জনগােষ্ঠীসকলৰ মাজত কোনাে ধৰণৰ অসূয়া অপ্রীতি , দ্বন্দ-সংঘাত, যুদ্ধ-বিগ্রহ আদি হােৱাৰ সম্ভেদ বুৰঞ্জীত পােৱা নাযায়। কাজেই সমগ্র ভূ-ভাগতে কৌটিকলীয়া শান্তি-সম্প্রীতি আৰু সমন্বয়ৰ পৰিৱেশ বিৰাজমান হৈ আছিল বুলি সহজেই অনুমান কৰিব পাৰি।

     কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ অসমীয়া কৃষ্টি' শীর্ষক পুস্তিকাত সেই কালৰ মৰাণসকলক প্রবল প্রতাপী বুলি কৈ গৈছে। এই বৰেণ্য গৱেষকজনৰ ভায্যই বদৌচাৰ শক্তিশালী প্রভাৱৰ কথাও সূচাইছে। সেই সময়ৰ সুদূৰ আৰু অগম্য পাহাৰ-পৰ্বতলৈকে মৰাণসকলৰ আধিপত্য থকাৰ সম্ভেদে, বিশাল বিস্তৃত অঞ্চলটোত সম্প্ৰীতি বৰ্তাই ৰখা দিখত বদৌচাৰ শক্তিশালি ভূমিকাৰে ইঙ্গিত বহন কৰে।

        চাউল্যুঙ চ্যুকাফাই সেয়েহে ৰাজ্য প্ৰতিষ্ঠাৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ মানসেৰেই ইয়াৰ মৰাণসকলকে প্ৰথম লগত ধৰিছিল। অতিথি পৰায়ণ মানুভৱ বদৌচাই চ্যুকাফাৰে সৈতে লগত অহা টাইসকলক আদৰি লৈছিল। ৰজা বদৌচাৰ অনুমতি আৰু আতিথ্যত চ্যুকাফা আৰু তেওঁৰ অনুগামীসকলে ইয়া থলুৱা মৰাণ, বৰাহী, চুতীয়া, কছাৰী সমাজৰ সৈতে বহু কালজুৰি সমিলমিলেৰে বসবাস কৰি সকলো ৰে আপোন আৰু থলুৱা সমাজখনৰ অবিচ্ছিদ্য অংগ হৈ পৰিছিল। লগত তিৰোতা লৈ নহা টাইসকলে ইয়াৰ থলুৱা গাভৰু বিবাহ কৰাই মহামিতি হৈ পৰিছিল।

    অপুত্ৰক বদৌচাই সুলক্ষযুক্ত, সুদৰ্শন যুৱক চ্যুকাফালৈ নিজৰ কন্যা বিয়াৰ সূত্ৰে শহুৰ-জোৱাই সম্বন্ধেৰে বান্ধ খাইছিল। সেয়েহে বদৌচাই নিজৰ বৃদ্ধ বসয়ত জোঁৱায়েক চ্যুকাফাৰ হাতত মৰাণ ৰাজ্যৰ শাসনভাৰ অৰ্পণ কৰিছিল আৰু পৰম বুজা-বুজি অনুসৰি বৰাহী ৰাজ্যও চামিল হৈছিল। বদৌচা আৰু বৰাহী ৰজা থাকুমথাৰ পৰামৰ্শক্ৰমে চ্যুকাফাই মৰাণ-বৰাহীৰ পবিত্ৰ পূজাৰথলি চৰাইদেউত ৰাজধানী পাতি, মৰাণ ৰাজ্যক আহোম ৰাজ্য নামকৰণ কৰি এখন সন্মিলিত ৰাজ্যৰ পাতনি মেলিছিল। এনেদৰেই চ্যুকাফাই বৰ অসম আৰু বৃহত্তৰ  অসমীয়া জাতিসত্বাৰ বীজ ৰোপণ কৰিলে। কিন্তু চ্যুকাফাৰ এনে মহৎ কাৰ্যৰ আঁৰত থকা বদৌচাৰ বিৰাট অৱদান কোনো কালেই স্বীকৃত নহ'ল। এতেকে চাউল্যুঙ চ্যুকাফাক অসমীয়া জাতিৰ পিতৃ আখ্যা  দিয়াত সমানেই বদৌচাক অসমীয়া জাতিৰ 'পিতামহ' আখ্যাৰে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ঐক্য যাউতিযুগীত কৰি ৰখাৰ বাট মূকলি হ'ব।

বীৰাঙ্গণা ৰাধা-ৰুকুণী 

    বিশ্ব ইতিহাসৰ গণাবিপ্লৱসমূৰহ ভিতৰত মধ্যযুগৰ অসম মুলুকত সংঘটি মোৱামৰীয়া গণবিপ্লৱো  অন্যতম। এই সৰ্বাত্মক গণবিপ্লৱত নাৰীশক্তিৰ সবল যোগদান এক বিস্ময়কৰ অধ্যায়ৰূপে চিহ্নিত হৈছে। 

    ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায়-অবিচাৰ, অনচাচাৰ-অত্যাচাৰৰ বিৰুদ্ধে, সকলো জাতি-উপজাতি সাধাৰণ কৃষক প্ৰজাই সৰ্বাত্মকভাৱে অংশগ্ৰহণ কৰা এই বিপ্লৱৰ নেতৃত্ব দিছিল মৰাণসকলে। বীৰ ৰাঘৱ মৰাণ আৰু নাহৰখোৱা মৰাণৰ (শইকীয়া) অগ্ৰণী ভূমিকাৰ সমানেই প্ৰজা সাধাৰণক সংগঠিত কৰিবৰ বাবে শক্তিশালি অংশ গ্ৰহণ কৰিছিল নাহৰৰ দুই পত্নী ভাতুকী, ভাবুলী ওৰফে ৰাধা-ৰুকুণীয়ে। 

    মোৱামৰীয়া বিপ্লৱৰ বৰ্হিপ্ৰকাশো ঘটিছিল এই দুই থকাৰ সময়তে। ৰজা লক্ষীসিংহই বৰঢাক সাজিবৰ বাবে গছ কাটিবলৈ হাবিলৈ মানুহ পঠাইছিল। ৰাধা-ৰুকুণীয়ে গাঁৱৰ মানুহ একত্ৰিত কৰি 'এইখন থলুৱা জনগণৰ আবহমান কালৰ হাবি, যাউতিযুগীয়া প্ৰকৃতিক সম্পদ, ইয়াত ৰজাৰ অধিকাৰ নাই।' বুলি কৈ ৰজাৰ মানুহক ওভতাই পঠিয়াইছিল।

    প্ৰণিধানযোগ্য যে এই দুই বীৰঙ্গণাই সেই কালৰ পৃথিৱীত নোহোৱা-নোপজা এক শক্তিশালি যুঁজাৰো নাৰী বাহিনী গঠন কৰিছিল। প্ৰথম যেতিয়া বিপ্লৱী বাহিনী আৰু ৰজাঘৰীয়া সৈন্য বাহিনীৰ মাজত মুখামুখি যুদ্ধ হৈছিল, তেতিয়া ৰাধা আৰু ৰুকুণীৰ প্ৰবল পৰাক্ৰৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৰাজকীয় বাহিনী বিষমভাৱে পৰাজিত হৈছিল। ৰাধা-ৰুকুণীৰ বীৰত্ব সন্দৰৰভত পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ 'অসম বুৰঞ্জী'ত উল্লেখ কৰিছে এনেদৰে- 'সেই ৰণত ৰাধা আৰু ৰুকুণীয়ে পুৰুষৰ সাজত ধনু-কাঁড় লৈ ৰণ দিছিল। এই তিৰোতা দুগৰাকী বৰ চতুৰ আছিল আৰু গুপুতে ৰণত কৌশল জনাৰ বাবে সিবিলাকৰ গাত কেৱেঁ ধনুৰ কাঁড় কিম্বা হিলৈৰ গুলি লগাব নোৱাৰিছিল।' তদুপৰি এই দুই নেত্ৰীৰ অসীম বীৰত্বৰ এনে সত্য-গাঁথা বুৰঞ্জীৰ পাতত সন্নিবিষ্ট হৈ আছে। বিপ্লৱী বাহিনীয়ে ৰংপুৰ দখল কৰি ৰমাকান্তক ৰজা পতাৰ সময়তো এই দুগৰাকী পৰামৰ্শদাত্ৰী ৰূপেই অৱতীৰ্ণ হৈছিল। 

    পৰৱৰ্তী সময়ত ৰাজতন্ত্ৰৰ ষড়যন্ত্ৰৰ বলি হৈ দুয়ো গৰাকীৰে মৃত্যু হ'ল যদিও, পক্ষপাতদুষ্ট ৰাজঘৰীয়া বুৰঞ্জীৰ কৃপণালিয়েও তেওঁলোকৰ অজেয় কীৰ্তি ঢাকি ৰাখিব নোৱাৰিলে। এতেকে নিপীড়িত মানুহৰ মুকুতিপ্ৰয়াসী এই দুগৰাকী মহান নাৰী ইতিহাস পৰিক্ৰমাত যুগে যুগে অসম হৈ থাকি আৰু আজিৰ বিশাল নাৰীসমাজৰ সাহ আৰু প্ৰেৰণাৰ অমল উৎস হৈ ৰ'ব। 

ঝপৰা জগধা 

    ঝপৰা জগধা দশম শতিকাৰ মৰাণ জনজাতিৰ এগৰাকী বীৰ পুৰুখ আছিল। তেওঁৰ পিতৃৰ নাম আছিল যদিওবা ত্ৰয়োদশ শতিকাতেই অসমলৈ চাওলুং চ্যুকাফাই আহি মৰাণ, বৰাহী, কছাৰী আদি জাতি সামৰি বৃহত্তৰ আহোম ৰাজ্যৰ পাতনি মেলিছি; পঞ্চদশ শতিকাৰো পাছলৈকে মৰাণসকলৰ দৰে বহু জনজাতিয়ে ঘন অৰণ্যৰ মাজত অৰণ্যবাসী হিচাপে জীৱন নিৰ্বাহ কৰিছিল। সেইসকলৰ দলপতি বা মুৰব্বীৰ দ্বাৰা পৰিচালিত সমাজ পাতি  বসবাস কৰিছিল। তেনে এগৰাকী দলপতি আছিল খাওখাই। প্ৰচীন সৌমাৰখণ্ডৰ এক বিস্তৃত অঞ্চলত তেওঁৰ তত্ত্বাৱধানত উল্লেখযোগ্য় ভূমিকা লৈছিল। উল্লেখযোগ্য যে মৰাণসকলে আহোম ৰাজ্য তথা অসমীয়া জাতি প্ৰতিষ্ঠাত প্ৰধান ভূমিকা লৈছিল। সেয়েহে তেওঁলোকে আহোম ৰাজ্য প্ৰশাসনলৈ কৰ-দিব নেলাগিছিল। খাওখাই আৰু দাৰবীৰ ছয়জন পুত্ৰ খাদুন, কিচিম, ফেফেলা, হুইলাও, জগধা, খাওখাই আৰু চিকচৌ। জগধা পঞ্চম পুত্ৰ আছিল। তেওঁ সকলোতকৈ পাহুৱাল, বলী আৰু সাহাসী আছিল। ল'ৰাকালিতে তেওঁ বাৰিষা ডিব্ৰু নদী পাৰ হৈ অৰণ্যত মেলি থোৱা হাতী ধৰি ঘৰলৈ আনিম পাৰিছিল। আন দহজন ল'ৰাতকৈ জগধা সাহস, বল বিক্ৰম আৰু চিন্তাধাৰাত বৰ আগবঢ়া আছিল। সমনীয়াৰ সৈতে সৈতে খেল-ধেমালি, চৰাই চিকাৰ, চেমেনিয়াৰ চিকাৰী ভোজ আদিত জগধাই ককায়েকহঁততকৈও ওখোপ আগবঢ়া, সেয়ে সকলোৱে তেওঁক মুখ্য স্থান   দিছিল। ক্ৰমান্বয়ে ডাঙৰ অহাত সি বিহু দলৰ, ডেকা-ডেকেৰীহঁতৰ দলপতি হৈ পৰিল। সেই সময়ত সিহঁতে শতিয়াৰ কেঁচাইখাতী শালৰ পৰা বুধবাৰে গৰু বিহু নমাই আনিছিল।

    সেই সময়ত আন জনজাতি লগত প্ৰায় যুদ্ধ-বিগ্ৰহ চলিছিল। খাওখাইৰ পুত্ৰ জগাধৰ নেতৃত্বত এক বিশাল যুঁজাৰু সৈনিক দল গঠন হৈছিল। জগধাৰ গাৰ গঠন আনতকৈ বেলেগ আৰু সাহসৰ দিশৰ পৰা তেওঁ খামিডাঠ আছিল। তেওঁ একে ঘাপে এডাল চোৱাগছ কাটি বগৰাই দিব পাৰিছিল। জগধাকেই সকলোৱে সেনাপতিৰ দায়িত্ব দিছিল। অভিজ্ঞজনৰ পৰা যুদ্ধৰ ৰণকৌশল শিকি জগধাই সৈনিকসকলক প্ৰশিক্ষণ দি ৰণত পাৰ্গত কৰি তুলিছিল।  বিভিন্ন সময়ত  তেওঁৰ সৈন্য-বাহিনী বিভিন্ন জাতি-উপজাতিক মহা পৰাক্ৰমেৰে কুৰিবাৰকৈ পৰাস্ত কৰিছিল। আন আন মৰাণ প্ৰধান অঞ্চলত উপদ্ৰপ কৰা পাহাৰীয়া জাতি-জনজাতিক খেদিবলৈ জগধাৰ সৈন্য দলক আহ্বানে জনোৱা হৈছিল। জগধাৰ মূৰটো  বহুত  ডাঙৰ আৰু চুলিৰে ভোবোৰো হৈ থকা বাবে মানুহে তেওঁক ঝপৰা বুলি কৈছিল। পাছলৈ সকলোৱে তেওঁক ঝপৰা জগধা বুলিছিল।

    এবাৰ খামতিসকলে মৰাণ গাঁও এফালৰ পৰা আক্ৰমণ কৰি আহিছিল। সেনাপতি ঝপৰা জগধাই সাতদিন দেউচাঙত শত্ৰু ৰুধিবৰ বাবে কেঁচাইখাতীৰ পূজা অৰ্চনা কৰিছিল। তেওঁ তৰোৱাল (মৰাণ ভাষাত সেনাপতি ঝপৰা জগধাই নিপৰাত কৰি পাহাৰলৈকে খেদি পঠিয়াছিল।

    এনে ধৰণৰ অনেক যুদ্ধত ঝপৰা জগধাই নিজ জাতিক ৰক্ষা কৰি জাতীয় বীৰৰূপে পৰিগণিত  হৈছিল। আজিও মৰাণ সমাজত তেওঁৰ নাম ৰৈ বৈ যোৱাকৈ প্ৰচলিত হৈ আছে। 

মোহন শইকীয়া 

    মৰাণসকলৰ আধুনিক কালছোৱাৰ পুৰোধা ব্যক্তিসকলৰ অন্যতম প্ৰয়াত হোহন শইকীয়া। অতীত অসমৰ এক শক্তিশালি জনগোষ্ঠী অথচ বিভিন্ন ঐতিহাসিক বিড়ম্বনাৰ কবলত পৰি সাম্প্ৰতিক কালত অতিকে জৰ্জৰিত আৰু সৰ্বদিশতে অনগ্ৰসৰ মৰাণ সমাজখনৰ প্ৰথমচাম মুষ্টিমেয় শিক্ষিত লোকৰ অন্যতম শইকীয়াদেৱ। 

    তেওঁৰ জন্ম হয় ১৯৩০ চনত ২২ নৱেম্বৰ তিৰিখে তিনিচুকীয়া জিলাৰ তালাপৰ এক অতি ভিতৰুৱা অঞ্চলৰ ২২নং তামূলি গাঁৱত। পিতৃৰ নাম আছিল জ্ঞানেন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম আছিল শুকানি শইকীয়া। প্ৰথমিক শিক্ষা জন্মগাঁৱতে গ্ৰহণ কৰি  ১৯৫০ চনত ডাঙৰী উচ্চ মাধ্যমিক  বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৫ চনত ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ পৰা বি.কম. পাছ. কৰি প্ৰথম ডিব্ৰুগড় জিলাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কেৰাণী পদত যোগদান কৰে। তেওঁৰ মেধা আৰু দক্ষতা সম্পৰ্কে সমগ্ৰ উজনি অসমতে প্ৰচাৰিত হোৱাৰ সূত্ৰে মহাকালী চাহ বাগিচা কৰ্তৃপক্ষই মেনেজাৰৰ পদ যাঁচিছিল। তদুপৰি অ' এন জি চিত লোভনীয় চাকৰি পাইছিল। কিন্তু এই সকলোবৰ মোহ ত্যাগ কৰি তেওঁ পিছ পৰা অঞ্চলৰ সমাজত শিক্ষাৰ পোহৰ পেলোৱাৰ  মানসেৰে কাকপথাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক ৰূপে যোগদান কৰি পিছলৈ টঙনা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধন শিক্ষাকৰ দায়িত্ব গ্ৰহম কৰে।

    সামাজিক জীৱনত তেওঁ মৰাণ জনগোষ্ঠীয় সমাজখনলৈ অনন্য বৰঙণি আগবঢ়ায়। কেইজনমান শিক্ষিত ব্যক্তিক লগত লৈ প্ৰথমে গঠন কৰে ১৯৬৫ চনত 'অসম মৰাণ সভা'। মৰাণ সভাৰ জৰিয়তে তেওঁ মৰাণ সমাজক কোঙা কৰি পেলোৱা কানিৰ নিবাৰণ অভিযান আৰম্ভ কৰি গাঁৱে-ভূঞে সজাগতা সভা-সমিতি অনুষ্ঠিত কৰিছিল। এই মহৎ কৰ্মৰ বাটত তেওঁ দুষ্কৃতিকাৰীসৱৰ প্ৰতিবাদ, ককৰ্থনা আৰু অজ্ঞান সমাজৰ বহু লোকৰ পৰা সমালোচনাৰ সন্মুখীন হৈছিল। তেওঁৰ  দিনতেই মৰাণসলক আদিকে ধৰি বহু দাবী সম্বলিত স্মাৰত পত্ৰ চৰকাৰৰ ওচৰত প্ৰদান হৈছিল। তেওঁ অসম মৰাণ সভাৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপে কেইবাটাও কাল কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ প্ৰস্তুত কৰি চৰকাৰক প্ৰদান কৰা 'Moran Devolpment Plan নামৰ আঁচনিখন মৰাণৰ অগ্ৰণী সমাজত আজিও চাৰ্চিত বিষয় ৰূপে পৰিগণিত হৈ আছে। তেওঁ জাতীয় ইতিহাস, সংস্কৃতিৰ ওপৰত ভালেমান উন্নতমানৰ লেখা লিখি থৈ গৈছে আৰু তেওঁৰ প্ৰচেষ্টাতে ডিগবৈৰ ওচৰত বানাবিধ্বস্ত লোকসকলক লৈ তামুলি বনগাঁও প্ৰতিষ্ঠা হৈছিল।

    স্বকীয় বৈশিষ্ট্যপূৰ্ণা 'মৰাণ বিহু'ক তেৱেঁই এখন গোড়া সমাজত পৰা বাহিৰলৈ উলিয়াই বহল সমাজত পৰিচয় কৰাই দিছিল। তেওঁ পোনপ্ৰথমবাৰৰ বাবে ১৯৫১ চনত কাকপথাৰৰ পৰা বিহুদল লৈ অসমৰ বিভিন্ন মঞ্চত মৰাণ বিহুক সৰ্বজন সমাদৃত কৰিছিল। এনে কাৰণেতো তেওঁ বহুতৰে সমালোচনাৰ সন্মুখীন হৈছিল। তেওঁ সৃষ্টি কৰা মৰাণ বিহুগীতৰ কেছেট 'হোতৌ-পতৌ মৰাণ সংস্কৃতিৰ এক অনুপম চানেকি। অসমৰ বিদেশী বাহিষ্কাৰ আন্দোলনতো তেওঁ ভূমিকা গ্ৰহণ কৰিছিল আৰু অশেষ নিৰ্যাতন ভুগিবলগীয়া  হৈছিল। পৰৱৰ্তী সময়ত তেওঁ অসম গণ পৰিষদৰ এগৰাকী উল্লেখনীয় নেতা ৰূপে প্ৰতিষ্ঠিত হৈছিল। এইজনো আপোচবিহীন সংগ্ৰামীয়ে জীৱনত যাপন কৰিছিল। এইজনা মহৎ ব্যক্তি মৰাণ সমাজত চিৰকাল স্মৰণীয় হৈ থাকিব।

ৰাঘৱ মৰাণ

    অসম মুলুকত সংঘটিত হোৱা মোৱাৰীয়া গণবিপ্লৱৰ প্ৰাৃধান নেতাজনৰ নামেই আছিল বীৰ ৰাঘৱ মৰাণ। ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ ফালে সেবেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্য়ায়-অবিচাৰ, শোষণ-নিষ্পেষণৰ কবলৰ পৰা ৰাজ্যখনৰ সকলো জাতি-উপজাতিৰ খাটিখোৱা প্ৰজাসাধাৰণৰ মুকুতিৰ হকে এইজনা বীৰৰ সুদক্ষ নেতৃত্বতে সূচনা হৈছিল বিশ্বৰ প্ৰথম এই সৰ্বাত্মক বিপ্লৱ।

    ৰজাঘৰৰ বুৰঞ্জীত পাতে পাতে এই বিপ্লৱক মৰাণৰ দৌৰাত্ম্য, ৰাঘৱ মৰাণক নিষ্ঠুৰ, অত্যাচাৰী, নাৰীহৰণকাৰীৰূপে অপব্যাখ্যা বিপৰীতে আনুনিক কালৰ প্ৰাগতিবাদী পণ্ডিত ড° অমলেন্দু গুহ, ড° হীৰেনে গোহাঁই ড° স্বৰ্ণলতা বৰুৱা ড° ধ্ৰুৱজ্যোতি বৰা, ড° দেৱব্ৰত শৰ্মাকে ধৰি আন বহু চিন্তাবিদে, ৰাঘৱৰ মুখেৰে নিৰ্গত হোৱা ৰাইজেই ৰজা' মহামন্ত্ৰৰে সূচনা কৰা এই বিপ্লৱক শোষক শোষিতৰ মাজত হোৱা গৃহযুদ্ধ আখ্যা দিছে। উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ ফৰাচী বিপ্লৱৰ কুৰি বছৰৰ পূৰ্বেই এই বিপ্লৱ সংঘটিত হৈছিল।

    এই কথাও আজি পৰিষ্কাৰ যে সাধাৰণ কৃষক সন্তা ৰাঘৱ মৰাণে যুদ্ধবিদ্যাত অপ্ৰশিক্ষিত সাধাৰণ প্ৰজা, বাঁহৰ লাঠি, যাঠি, ধনু-কাঁড় আদি সাধাৰণ অস্ত্ৰেৰে বিৰাট ৰাজকীয় বাহিনীক পৰাস্ত কৰি ৰাজশাসন ওফৰাই দিয়াৰ দৰে নজিৰবিহীন আৰু বিস্ময়কৰ ঘটনা বিশ্বৰ বুৰঞ্জীতে বিৰল।  

    বিপ্লৱৰ সমস্ত প্ৰেক্ষাপট অধ্যয়ন-বিশ্লেষণে ৰাঘৱ মৰাণৰ মহৎ চৰিত্ৰক পোহৰলৈ আনে। 

    ৰাঘৱৰ আহ্বানত জাতি-গোষ্ঠী নিৰ্বিশেষে সকলো প্ৰজা জাগৰিত হৈ সদলবলে ওলাই অহা ঘটনাই তেওঁ যে সৰ্বজন গ্ৰহণীয় নেতা আছিল তাৰেই ইঙ্গিত দিয়ে। ৰাজ্যখনৰ চাৰিওফালে  ৰাজতন্ত্ৰক ঘেৰাও কৰি বিপ্লৱী বাহিনীক গোট গোট কৈ কৈয়াৰ কৰা, যুদ্ধত গেৰিলা কৌশল প্ৰয়োগ আদিয়ে ৰাঘৱৰ মৰাণৰ প্ৰচুৰ সাংগঠনিক দক্ষতা, যুদ্ধ-কুশলতা দাঙি ধৰে। তদুপৰি ৰজা লক্ষী সিংহক বন্দী কৰি ৰাজকীয় মৰ্যাদা দিয়া, প্ৰকৃত গণশত্ৰুসকলক মৃত্যুদণ্ড দিয়াৰ বাহিৰে লঘু দোষত দোষীসকলকৰ সামান্য শাস্তি দি ৰেহাই দিয়া, পলৰীয়া ৰাজকীয় সৈন্যক যাবলৈ এৰি দিয়া, দোষীসলৰ বিচাৰ মুকলি ঠাইত ৰাইজৰ সন্মুখত ৰাইজৰ পৰামৰ্শৰে সিদ্ধান্ত গ্ৰহণ কৰা প্ৰতিফলিত কৰে। এতেকে সকলো মানুহে বিচৰা শ্ৰেণী বৈষম্যবিহীনৰ ধাবমান গতিধাৰাত মসৃণ ৰূপ বিবৰ বাবে ঐক্যবদ্ধ, শক্তিশালি সমাজ বৰ্তাই ৰাখিবলৈকে ৰাঘৱ মৰাণক অসমৰ সমাজে আদৰ্শৰূপে গ্ৰহণ কৰিব লগীয়াটোও প্ৰণিধানযোগ্য হৈ থাকিব,। 


Type : Priyam Jyoti Patar