ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

ইউৰেপীয় বেপাৰী জাতিবোৰ কেনেকৈ বেহা-বেপাৰ কৰিবলৈ আহি ভাৰতৰ আৰ্থ-সামাজিক অৱস্থা আৰু ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল সেই বিষয়ে আগৰ পাঠৰ পৰা নিশ্চয় জাতিব পাৰিছা। এই অধ্যায়ত আমি ইংৰাজ আৰু ফৰচীসকলৰ মাজৰ তীব্ৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ অৱসান ঘটাই কেনেকৈ ইংৰাজসকলে আৰতত নিগাজীকৈ থাকিবলৈ এখন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তাৰ বিষয়ে আলোচনা কৰিম। ভাৰতত ইংৰাজসকলৰ যেনেকৈ প্ৰধান ঘাটি বোম্বাই (মুম্বাই), মাদ্ৰাজ (চেন্নাই) আৰু কলিকতা (কলকাতা) আছিল তেনেকৈ ফৰাচীসকলৰ প্ৰধান ঘাটি বোম্বাই আছিল দক্ষিণৰ পূব উপকূলত অৱস্থিত পণুিচেৰী (পুডুচেৰী) আৰু বংগদেশৰ কলিকতাৰ ওচৰৰ চন্দননগৰ। ইংৰাজ ইষ্ট ইণুিয়া কোম্পানীয়ে লাহে লাহে মোগল সাম্ৰাজ্য আৰু আন আন দেশীয় ৰাজ্যবোৰৰ দুৰ্বলতাৰ বিষয়ে বুজি উঠিছিল আৰু দুয়োটা কোম্পানীয়ে ভাৰতৰ নিজৰ নিজৰ একোখন সাম্ৰাজ্য গঢ়ি তোলাৰ সপোন দেখিছিল। সেয়ে দুয়ো পক্ষই ভাৰতত ৰাজনৈতিক আধিপত্য বিস্তাৰৰ বাবে সুযোগৰ অপেক্ষাত আছিল। অনতি পলমে তেওঁলোকৰ আগত সেই সুযোগো আহি পৰিছিল। ১৭৪০ খ্ৰীষ্টাব্দত অষ্ট্ৰীয়াৰ  উত্তৰাধিকাৰৰ যুদ্ধ আৰম্ভ হৈছিল তাত দুই ইউৰোপীয় শক্তি ক্ৰমে ইংৰাজ আৰু ফৰাচীসকলে পৰস্পৰে পৰম্পৰা বিৰোধী পক্ষত যোগ দিছিল। ফলত এই ঘটনাই ভাৰতত থকা ইংৰাজ আৰু ফৰাচীৰ সম্পৰ্কতো প্ৰভাৱ পেলাইছিল। সুযোগ সন্ধানী ইংৰাজৰ নৌবাহিনীয়ে ১৭৪৫ খ্ৰীষ্টাব্দত ভাৰতৰ দক্ষিণ-পূব উপকূলত ফৰাচী জাহাজ অৱৰুদ্ধ কৰি পণুিচেৰীলৈ ভাবুকিৰ সৃষ্টি কৰিলে। সেই সময়ত যোচেফ ফ্ৰাস্ণচ ডুপ্লে পণুিচেৰীৰ গৱৰ্ণৰ আছিল। চতুৰ, দূৰদৰ্শী আৰু তীক্ষ্ন বৃদ্ধি সম্পন্ন গৱৰ্ণৰ ডুপ্লেই প্ৰত্যুত্তৰত ইংৰাজৰ অধীনত থকা মাদ্ৰাজ দখল কৰিছিল। ইংৰাজসকলে নিৰূপায় হৈ কৰ্ণাটকৰ নৱাবৰ সহায় বিচাৰিলে। কৰ্ণাটকৰ নৱাবে ইংৰাজৰ সহায়ৰ বাবে পঠোৱা প্ৰকাণু সৈন্যবাহিনীও ফৰাচীৰ হাতত পৰাজয় বৰণ কৰিছিল। কিন্তু হঠাতে ইউৰোপত দুই জাতিৰ মাজত হোৱাসন্ধিৰ লগে লগে ভাৰততো ইংৰাজ আৰু ফৰাচীৰ মাজত সন্ধি হয়। সেই সন্ধি মৰ্মেফৰাচীসকলে ইংৰাজৰ পৰা দখল কৰা ঠাইবোৰ পুনৰ ঘূৰাই দিয়েই ইতিহাসত কৰ্ণাটকৰ প্ৰথম যুন্ধ বুলি জনাজাত। ভাৰতবৰ্ষত ইংৰাজ আৰু ফৰাচী দুয়োপক্ষৰে যিহেতু একেই উদ্দেশ্য পূৰণ নোহোৱাকৈ তেওঁলোক ক্ষান্ত হৈ থকা নাছিল। সোনকালেই তেওঁলোকে ভাৰতীয় ৰাজনীতিত হস্তক্ষেপ কৰিবলৈ সুযোগ বিচাৰি পালে। ১৭৪৮ খ্ৰীষ্টাব্দত হায়দৰবাদৰ নিজমৰ মৃত্য হোৱাত তেওঁৰ পুতেক নাছিৰ জং হায়দৰাবাৰ নিজাম হৈছিল। কিন্তু মৃত  নিজামৰ নাতিয়েক মুজাফৰ জঙো নিজাম পদবীৰ প্ৰৱল দাবীদাৰ আছিল। ঠিক একে সময়তে কৰ্ণাটকতো তেনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছিল। পূৰ্বৰ নৱাব দোষ্ট আলী জোৱায়েক চান্দ চাহিব মাৰাটাসকলৰ কবলৰ পৰা মুক্ত হৈ আহিছিল। তেওঁ কৰ্ণাটকৰ নাৱাব আনোৱাৰ অদ্দিনক আঁতৰাই নিজে নৱাব হ'বলৈ বিচাৰিছিল। সুযোগ সন্ধানী ডুপ্লেই গোপনে মুজাফৰ জং আৰু চান্দ চাহিবক সহায় কৰিব দুয়োখন ৰাজ্যৰ আভন্তৰীণ ঘটনাত হস্তক্ষেপ কৰিছিল। ফৰাচী, চান্দ চাহিব আৰু মুজাফৰ জঙৰ মিলিত আক্ৰমণত আনোৱাৰউদ্দিনৰ মৃত্য হয় আৰু তেওঁৰ পুতেৰ মহস্মদ আলীয়ে ত্ৰিচিনপল্লীত আশ্ৰয় লয়। ফৰাচীসকলৰ এই কাৰ্যৰ প্ৰত্যুত্তৰ হিচাপে ইংৰাজে প্ৰতিপক্ষ নাছিৰ জং আৰু মহস্মদ আলীক সহায় কৰিবলৈ সিন্ধান্ত লয়। কিন্তু নাছিৰ জঙৰ আততায়ীৰ হাতত মৃত্যু হোৱাত ফৰাচীৰ সমৰ্থিত মুজাফৰ জঙেই হায়দৰাবাদৰ নিজাম হয়। কিছুদিন পিছত মুজাফৰ জঙকো শক্ৰৱে হত্যা কৰাত ভূতপূৰ্ব নিজামৰ তৃতীয় পুত্ৰ চালাবৎ  জঙক ফৰাচীসকলে নিজাম পাতে। মুজাফৰ জং আৰু চালাবৎ জং দুয়োজনেই কৃতজ্ঞতাৰ চিৰ স্বৰূপে ফৰাচীসকলৰ মছলিপট্ৰনম বন্দৰ, তাৰ ওচৰৰ ভালেখিনি ঠাইৰ উপৰি কৃষ্ণা নৈৰ দক্ষিণৰ সমগ্ৰ ভূ-খণু দান কৰিছিল। কৰ্ণাটকৰ নৱাব চান্দ চাহিবেও ফৰাচীসকলক পণুপিচেৰীৰ আশে পাশে প্ৰায় ৮০ খন গাঁও তৰ্কৃত্ব সমৰ্পন কৰিছিল। এইদৰে হায়দৰাবাদ আৰু কৰ্ণাটকত ফৰাচীসকলৰ প্ৰতিপত্তি যথেষ্ট বাঢ়িছিল। এনেকুৱা সংকটণূৰ্ণ পৰিস্থিতিত ইংৰাজ গভৰ্ণৰ চাণুাৰ্চে ৰবাৰ্ট ক্লাইৱ নামৰ এজন ডেকা বিষয়াক আৰ্কট অভিযানৰ পাছত ক্লাইৱে বিজয় সাব্যস্ত কৰিলে। আৰ্কট অভিযান চমকপ্ৰদ কৃতকাৰ্য ইংৰাজসকলৰ বাবে ভাৰতবৰ্ষত ৰাজনৈছিক উহুানৰ পথ প্ৰশস্ত কৰে। ইংৰাজে চান্দ চাহিবৰ বিতাৰিত কৰি মহম্মদ আলীক কৰ্ণাটকৰ নৱাব পাত। ইতিমধ্যে নিজ নিজ গৃহ চৰকাৰে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ সিন্ধান্ত লোৱাত দুয়োখন ৰাষ্ট্ৰই যুদ্ধৰ পৰা বিৰত থকে। ডুপ্লেক গৃহ চৰকাৰে স্বদেশলৈ ঘূৰাই নিযে। এনেকৈয়ে দ্বিতীয় কৰ্ণাটক যদ্ধৰ অন্তত দাক্ষিণাত্যত ইংৰাজৰ বাট মুকলি হৈ পৰে। নিজ নিজ চৰকাৰৰ নিৰ্দেশ মানি যুদ্ধ সামৰিবলগীয়া হৈঠিল যদিও ইংৰাজ আৰু ফৰাচী দুয়োপক্ষি কিন্তু পুনৰ  বিবাদ কেনেকৈ ঘটে তাৰ বাবে আগ্ৰহেৰে বাট চাই আছিল। ১৭৫৬ খ্ৰীষ্টাব্দত ইউৰোপত আৰম্ভ হোৱা সাত বছৰীয়া ৰণৰ প্ৰতিক্ৰিয়া ভাৰততো দেখা দিয়ে। ফ্ৰাস আৰু  ইংলেণুে ইউৰোপত এই যুদ্ধত নামি পৰম্পৰৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছিল।ৰাজনৈতিক আধিপত্যৰ সুযোগ বিচাৰি থকা ফৰাচী আৰু ইংৰাজসকলে ভাৰততো পুনৰ যুন্ধত নামি পৰিল। সেইসময়ত বংগদেশত থকা ৰৱাৰ্ট ক্লাইৱে ফৰাচী অধিকৃত চন্দন নগৰ দখন কৰে।ইপিনে ১৭৫৮ খ্ৰীষ্টাব্দত নতুন ফৰাচী গৱৰ্ণৰ তথা সেনাধ্যক্ষ লালিয়ে মাদ্ৰাজত থকা ইংৰাজৰ টেণ্ট ডেভিদ দুৰ্গ জয় কৰে। ইয়াৰ পাছত লালিয়ে তাজ্ঞোৰ অৱৰোধ কৰি ব্যস্ত কথা সময়তে মাদ্ৰাজ ইংৰাজ কোম্পানীয়ে কলিকতাৰ পৰা সাহ্যয্য বিচাৰে। অতিৰিক্ত সৈন্য-বাহিনী আহি পোৱাৰ পিছত ৱান্দিয়াছৰ যুদ্ধত ইংৰাজ সেনাপতি চাৰ আয়াৰ কূটৰ হাতত ফৰাচী সেনাধ্যক্ষ লালি আৰু বুচীয়ে পৰাজয় বৰণ কৰে। ৱান্দিয়াছৰ যুন্ধই ভাৰতত ফৰাচী প্ৰভাৱ লুপ্ত কৰিলে বুলি ক'ব পাৰি। অন্যহাতে এই যুদ্ধই ভাৰতত ইংৰাজসকলৰ  উহুান, প্ৰসাৰ আৰু আধিপত্য় বিস্তাৰৰ পথ সুগম কৰে।



Class 8 Social Science 

Type: Dimi Bora