কেন্দ্ৰ আৰু ৰাজ্যৰ সম্বন্ধ

সংবিধান হৈছে মূল সংৰচনা বা জঁকা, আচল ৰাজনৈতিক প্ৰক্ৰিয়াই ইয়াত তেজ আৰু মাংসৰ যোগান ধৰে। ভাৰতৰ যুক্তৰাষ্ট্ৰবাদ ৰাজনৈতিক প্ৰক্ৰিয়া পৰিৱৰ্তনশীল  প্ৰকৃতিৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছে। কুৰি শতিকাৰ ৫০ ৰ দশকত আ্ৰৰু ৬০ ৰ দশকৰ  ঈগভাগত জৱাহৰলাল নেহৰুৰ নেতত্বত আমাৰ যুক্তৰাষ্ট্ৰবাদৰ ভেটি স্থাপন কৰা হৈছিল। এই সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্য মাজৰ সম্পৰ্ক সম্পূৰ্ণ স্বাভাৱিক আছিল। ৰাজ্যবোৰ আশাবাদী আছিল যে, কেন্দ্ৰৰ অনুদানৰ  সহায়ত তেওঁলোকে প্ৰগতি লাভ কৰিব পাৰিব। তদুপৰি কেন্দ্ৰই ৰচনা কৰা অৰ্থ- সামাজিক বিকাশৰ নীতিসমূহৰ আশাব্যঞ্জক আছিল। 

    কুৰি শতিকাৰ ৬০ ৰ দশকৰ মাজভাগত কংগ্ৰেছৰ অধিপত্যৰ কিছু অৱনতি ঘটিছিল আৰু কেইবাখনো ৰাজ্যত বিৰোধী দল ক্ষমতাৰ অধিষ্ঠীত হৈছিল। ইয়াৰ ফলত ৰাজ্যবোৰক অধিক ক্ষমতা আৰু অধিক স্বায়ত্ত শাসন প্ৰদানৰ দাবী উত্থাপন হবলৈ ধৰিলে। প্ৰকৃততে, কেন্দ্ৰ আৰু বহুতো ৰাজ্যত পৃথক দলে শাসন কৰা ফলতেই এই দাবীবোৰ উত্থাপন হৈছিল। ৰাজ্যৰ  চৰকাৰবোৰে তেওঁলোকৰ শাসনত কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰৰ অনাৱশ্যক  হস্তক্ষেপৰ বিৰোধীতা কৰিছিল। কংগ্ৰেছও বিৰোধী দলৰ দ্বাৰা পৰিচালিত চৰকাৰৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ ভাল পোৱা নাছিল। এনে অগতানুগতিক ৰাজনৈতিক অৱস্থাৰ ফলত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অধীনত স্বায়ত্তশাসন প্ৰদানৰ ধাৰণাটোৰ বিষয়ে আলোচনাৰ সূত্ৰপাত হল।

    শেষত, ১৯৯০চনৰ পৰা কংগ্ৰেছৰ আধিপত্য যথেষ্ট পৰিমাণে নোহোৱা হল আৰু আমি বিশেষকৈ কেন্দ্ৰত সংযুক্ত ৰাজনীতিৰ এটা নতুন যুগত প্ৰৱেশ কৰিলো। ৰাজ্যবোৰতো ৰাষ্ট্ৰীয় আৰু বেলেগ বেলেগ আঞ্চলিক দলে ক্ষমতা লাভ কৰিলে। ইয়াৰ ফলত ৰাজ্যবোৰৰ গুৰুত্ব বাঢ়িল বৈচিত্ৰই সন্মান লাভ কৰিলে আৰু এটা অধিক পৰিপক্ক যুক্তৰাষ্ট্ৰবাদৰ  আৰম্ভণী হল। এইদৰে দ্বিতীয় পৰ্য্যায়ত স্বায়ত্ত শাসনৰ বিষয়টো ৰাজনৈতিকভাৱে অধিক শক্তিশালী হৈ পৰিল। 

Type Sumit Patar

Class 11 Political Science