3.3.3    আয়ন কি ? (What is an Ion ?)

ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত আধানযুক্ত কণা থাকে । এইবোৰক আয়ন বোলা হয় । আয়ন ঋণাত্মক বা ধনাত্মক হ'ব পাৰে ।ঋণাত্মক আধানযুক্ত আয়ন এটাক এনায়ন  বোলা হয় আৰু ধনাত্মক আধানয়ুক্ত কেটায়ন বোলা হয় । উদাহৰণ স্বৰূপে, ছ'ডিয়াম ক্ল'ৰাইড ত ধনাত্মক আধানযুক্ত ছ'ডিয়াম আয়ন আৰু ঋণাত্মক আধানযুক্ত ক্ল'ৰাইড আয়ন থাকে। আয়ন এটা মাত্ৰ আধানযুক্ত পৰমাণু বা একাধিক পৰমাণুৰ আধানযুক্ত গোট একোতাৰে গঠিত হ'ব পাৰে। একাধিক পৰমাণুৰ আধানযুক্ত গোট একোটাক পাৰমাণৱিক আয়ন বোলা হয়। অধ্য়ায়-4ত আয়ন গঠনৰ বিষয়ে আমি অধিক শিকিম।





Class 9 General Science Chapter 3

Bidyut Thakuria.