3.2.2   পাৰমাণৱিক ভৰ (Atomic mass)

ডেল্টনৰ পৰমাণুবাদৰ সবাতোকৈ মন কৰিবলগীয়া ধাৰণাটো হ'ল পাৰমাণৱিক ভৰৰ ধাৰণাটো। তেওঁৰ মতে প্ৰতিটো মৌলৰে এক বিশিষ্ট পাৰমাণৱিক ভৰ থাকে। তত্ত্বটোৱে স্থিৰানুপাত বিধিটো ইমান ভালকৈ ব্য়াখ্য়া কৰিব পাৰিছিল যে পৰমাণু এটাৰ পাৰমাণৱিক ভৰ জুখিবৰ বাবে বিজ্ঞানীসকলক ই উদ্য়োগী কৰি তুলিছিল।

  অকলশৰীয়াকৈ পৰমাণু এটাৰ ভৰ নিৰ্ণয় কৰাটো তুলনামূলকভাবে এটা কঠিন কাম। সেইবাবে ৰাসায়নিক সংযোগৰ বিধিসমূহ ব্য়ৱহাৰ কৰি সংগঠিত যৌগবোৰৰ আপেক্ষিক পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা হৈছিল।

    কাৰ্বন আৰু অক্সিজেনৰ দ্বাৰা গঠিত যৌগ কাৰ্বন মন'ক্সাইড (CO) ক উদাহৰণ দিচাপে লোৱা হওঁক। পৰীক্ষাত দেখা গৈছিল যে 3g কাৰ্বন 4g অক্সিজেনৰ সৈতে লগ হৈ CO গঠন হয়। আন ধৰণে ক'বলৈ গলে কাৰ্বন তাৰ 4/3 গুণ ভৰৰ অক্সিজেনৰ সৈতে লগ হয় । কাৰ্বনৰ এটা পৰমাণুৰ ভৰক পাৰমাণৱিক ভৰৰ একক (পূৰ্বে 'amu' হিচাপে সংক্ষিপ্তকৰণ কৰা হৈছিল, কিন্তু IUPAC ৰ শেহতীয়া অনুমোদনাৱলী অনুসৰি এতিয়া ইয়াক 'u'- একত্ৰিত ভৰ হিচাপে লিখা হয়) বুলি ধৰিলে কাৰ্বনৰ পাৰমাণৱিক ভৰ হ'ব 1.0 u আৰু অক্সিজেনৰ ভৰ হ'ব 1.33 u। এই সংখ্য়াবোৰ পূৰ্ণসংখ্য়া বা পূৰ্ণসংখ্য়া এটাৰ যথাসম্ভৱ ওচৰত হ'লে বেছি সুবিধাজনক। নানবিধৰ পাৰমাণৱিক ভৰ এককবোৰ অনুসন্ধান কৰোতে বিজ্ঞানীসকলে আৰম্ভণিতে প্ৰাকৃতিকভাৱে উপলব্ধ অক্সিজেনৰ পৰমাণু এটাৰ ভৰৰ 1/16 ভগকৰ একক হিচাপে লৈছিল। দুটা কাৰণত ইয়াক সংগত বুলি বিবেচনা কৰা হৈছিল।

    অক্সিজেনে বহুসংখ্য়ক মৌলৰে সৈতে বিক্ৰিয়া কৰি যৌগ গঠন কৰিছিল।

•    এই পাৰমাণৱিক ভৰৰ এককে অধিকাংশ মৌলৰে ভৰসমূহ পূৰ্ণসংখ্য়া হিচাপে দিছিল।

    যেই হওঁক 1961 চনত সৰ্বত্ৰে গ্ৰহণযোগ্য় এটা পাৰমাণৱিক ভৰ একক পাবলৈ C-12 সমস্থানিকক পাৰমাণৱিক ভৰ  নিৰ্ণয়ৰ বাবে প্ৰমাণ নিৰ্দেশক হিচাপে বাচি লোৱা হৈছিল। C-12ৰ এটা পৰমাণু এটাৰ ভৰৰ ঠিক 1/12 অংশৰ সমান ভৰেই এক পাৰমাণৱিক ভৰ একক। সকলো মৌলৰে আপেক্ষিক পাৰমাণৱিক ভৰসমূহ C-12 ৰ পৰমাণু এটাৰ লগত তুলনা কৰি নিৰ্ণয় কৰা হয়।

    ধৰা, এজন ফল বিক্ৰেতাৰ লগত জোখ- মাখ কৰিবলৈ নিৰ্দিষ্ট কোনো দগা নাই। তেওঁ তৰমুজ এটাকে লৈ তাৰ ভৰ 12 এঅকক অৰ্থাৎ 12তৰমুজ একক বা ফল একক বুলি ধৰি ল'লে আৰু তৰমুজটোক তেওঁ 12 টা সমান টুকুৰাত ভগালে। টুকুৰা একোটাৰ ভৰৰ সৈতে তুলনা কৰি তেওঁ প্ৰতিটো ফলৰ ভৰ এককত বিক্ৰি কৰিলে (চিত্ৰ-3.4)।


একেদৰেই C-12 ৰ এটা পৰমাণুৰ ভৰৰ 1/12 অংশৰে সৈতে তুলনা কৰি মৌলৰ পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা হয় । এনেদৰে পোৱা মৌলৰ পৰমাণু এটাৰ গড় ভৰকে মৌলটোৰ আপেক্ষিক পাৰমাণৱিক ভৰ বোলা হয়।

 

তালিকা-3.2 কিছুমান মৌলৰ পাৰমাণৱিক ভৰসমূহ

 

মৌল

পাৰমাণৱিক ভৰ (ii)

    হাইড্ৰজেন

1

    কাৰ্বন

12

    নাইট্ৰজেন

14

    অক্সিজেন

16

    ডিয়াম

23

    মেগনেছিয়াম

24

    ছালফাৰ

32

    ক্লৰিণ

35.5

    কেলছিয়াম

40





Class 9 General Science Chapter 3
Bidyut Thakuria