ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংঘাত

  ইতিমধ্যে আমি পাইছাে যে , সংবিধানে কেন্দ্ৰক বহুতাে গুৰুত্বপূৰ্ণ ক্ষমতা প্রদান কৰিছে । এইদৰে সংবিধানে ৰাজ্যবােৰৰ পৃথক অস্তিত্বক স্বীকৃতি দিলেও কেন্দ্রক অধিক ক্ষমতা প্রদান কৰিছে । এবাৰ যদি ৰাজ্যসমূহৰ সূকীয়া অস্তিত্ব স্বীকৃতি দিয়া হয় , তেতিয়াহ'লে এয়া অতি স্বাভাৱিক কথা যে ৰাজ্যবােৰে , ৰাজ্য আৰু সমগ্ৰ দেশৰ শাসনৰ ক্ষেত্ৰত অধিক ভূমিকা আৰু ক্ষমতা বিচাৰিব । সেইবাবেই ৰাজ্যবােৰে বিভিন্ন দাবী উত্থাপন কৰে । সময়ে সময়ে ৰাজ্যবােৰে দাবী জনায় যে,তেওঁলােকক অধিক ক্ষমতা আৰু স্বায়ত্ত শাসনৰ অধিকাৰ প্ৰদান কৰা উচিত । ইয়াৰ ফলত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত উত্তেজনা আৰু সংঘাতৰ সৃষ্টি হয় । কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ ( বা দুখন ৰাজ্যৰ মাজৰ ) আইন সংগত বিবাদ ন্যায়পালিকাই মীমাংসা কৰিব পাৰে । কিন্তু , স্বায়ত্ত শাসনৰ বাবে দাবী হৈছে ৰাজনৈতিক প্ৰকৃতিৰ আৰু সেইবাবে ইয়াক আলােচনাৰ জৰিয়তে মীমাংসা কৰা আৱশ্যক ।

Type Sumit Patar

Class 11 Political Science