ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰবাদ

স্বাধীনতাৰ পূৰ্বেও আমাৰ স্বাধীনতা সংগ্ৰামৰ বেছিভাগ নেতাই ভালদৰে জানিছিল যে ভাৰতৰ নিচিনা ডাঙৰ দেশ এখন সাশন কৰিব লাগিলে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰদেশবোৰৰ মাজত ক্ষমতা ভাগ কৰাৰ প্ৰয়োজন হব। ভাৰতীয় সমাজত যে আঞ্চলিক আৰু ভাষিক বিভিন্নতা আছে সেই বিষয়েও তেওঁলোক সজাগ আছিল। এনে বিভিন্নতাক স্বীকৃতি দিয়াৰ প্ৰয়োজন আছিল। বিভিন্ন অঞ্চল আৰু ভাষাৰ মানুহে ক্ষমতা ভগাই লব লাগিব  আৰু প্ৰত্যক  অঞ্চলত সেই অঞ্চলৰ মানুহে ক্ষমতা ভগাই লব লাগিব আৰু প্ৰত্যক অঞ্চলত সেই অঞ্চলৰ মানুহে নিজকে শাসন কৰাৰ সুবিধা পাব লাগিব।অৱশ্যে আমি এখন গণতান্ত্ৰিক চৰকাৰ বিচাৰিলেহে েই কথা যুক্তিসংগত হব।

    এই ক্ষেত্ৰত একমাত্ৰ প্ৰশ্নটো আছিল আঞ্চলিক চৰকাৰবোৰে কিমান ক্ষমতা লাভ কৰিব? মুছলমানসকলৰ অধিক প্ৰতিনিধিত্ব বাবে মুছলিম লীগে চলোৱা আন্দোলনৰ পৰিপ্ৰেক্ষিতত, বিভাজনৰ আগৰ আলোচনাত অঞ্চলসমূহক যথেষ্ট ক্ষমতা দি এটা বুজাবুজি সূত্ৰত উপনীত হোৱাৰ বিষয়ে বিবেচনা কৰা হৈছিল। ভাৰত বিভাজনৰ বিষয়ে সিদ্ধান্ত গ্ৰহ কৰা পিছত  কেন্দ্ৰ আৰু ৰাজ্যৰ  মাজত একতা আৰু সহযোগীতা আৰু ৰাজ্য বাবে পৃথক ক্ষমতা এনে নীতিৰ ভিত্তিত চৰকাৰ গঠন কৰিবলৈ সংবিধান সভাই সিদ্ধান্ত গ্ৰহণ কৰিছিল। ভাৰতৰ সংবিধানে গ্ৰহণ কৰা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে, কেন্দ্ৰ আৰু ৰাজ্য মাজৰ সম্পৰ্ক সহযোগীতা ভিত্তিত প্ৰতিষ্ঠিতহব। এইদৰে বিভিন্নতাক স্বীকৃতি দি সংবিধানে একতাৰ ওপৰত গুৰুত্ব দিছিল।

Type Sumit Patar

Class 11 Political science 11