শক্তিশালী কেন্দ্ৰীয় চৰকাৰ বিশিষ্ট যুক্তৰাষ্ট্ৰবাদ

 ভাৰতৰ সংবিধানে যে এখন শক্তিশালী কেন্দ্রীয় চৰকাৰৰ ব্যৱস্থা কৰিছে,সেইকথা সকলােৱে মানি লৈছে। বিভিন্ন বৈচিত্র আৰু সামাজিক সমস্যা থকা ভাৰত এখন মহাদেশ সদৃশ দেশ । সংবিধান প্রণেতাসকলে বিশ্বাস কৰিছিল যে , বৈচিত্রসমূহক সংস্থাপন কৰিব পৰাকৈ আমাক এখন যুক্তৰাষ্ট্ৰীয় সংবিধান লাগে । কিন্তু , বিভাজন প্রতিৰােধ কৰিবলৈ আৰু সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন ঘটাবলৈ তেওঁলােকে এখন শক্তিশালী কেন্দ্রীয় চৰকাৰৰ ব্যৱস্থা কৰিব বিচাৰিছিল । সেই সময়ত কেন্দ্ৰৰ এনে ধৰণৰ ক্ষমতাৰ প্রয়ােজন আছিল । কিয়নাে স্বাধীনতাৰ সময়ত ভাৰতত বৃটিছে সৃষ্টি কৰা প্রদেশসমূহৰ উপৰিও ৫০০ ৰাে অধিক দেশীয় ৰাজ্য ( Princely State ) আছিল আৰু সেইবােৰক কোনাে ৰাজ্যৰ লগত চামিল কৰাৰ বা নতুনকৈ ৰাজ্য গঠন কৰাৰ প্রয়ােজন আছিল ।

     একতাৰ বাবে চিন্তিত হােৱাৰ উপৰিও , সংবিধান প্রণেতাসকলে বিশ্বাস কৰিছিল যে , দেশখনৰ আর্থ - সামাজিক সমস্যাসমূহ ৰাজ্যবােৰৰ সহযােগত এখন শক্তিশালী । কেন্দ্রীয় চৰকাৰে নিয়ন্ত্রণ কৰা আৱশ্যক । দৰিদ্রতা , নিৰক্ষৰতা আৰু সম্পদৰ ক্ষেত্ৰত থকা অসমতা আদি হৈছে এনে কিছুমান সমস্যা যিবােৰ সমাধানৰ বাবে পৰিকল্পনা আৰু সহযােগিতাৰ প্রয়ােজন । এইদৰে একতা আৰু উন্নয়নৰ চিন্তাই সংবিধান প্রণেতাসকলক এখন শক্তিশালী কেন্দ্রীয় চৰকাৰ গঠন কৰিবলৈ উদগনি দিছিল ।

যিবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থাই শক্তিশালী কেন্দ্ৰীয় চৰকাৰ গঢ়ি তোলে আমি সেইবোৰ লক্ষ্য কৰো আঁহাঃ

 *ৰাজ্যবােৰৰ অস্তিত্ব আৰু ভৌগােলিক অখণ্ডতা সংসদৰ নিয়ন্ত্রণত থাকে । সংসদক ‘ কোনাে ৰাজ্যৰ ভূখণ্ড পৃথক কৰি বা দুখন বা ততােধিক ৰাজ্য লগ লগাই নতুন ৰাজ্য গঠন কৰাৰ দিয়া হৈছে । ই কোনাে ৰাজ্যৰ সীমা বা নাম পৰিৱৰ্তন কৰিব পাৰে । এইক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যৰ মতামত লােৱাৰ ব্যৱস্থা কৰি সংবিধানে সুৰক্ষাৰ ব্যৱস্থা কৰিছে । 

*সংবিধানত কিছুমান যথেষ্ট প্রভাৱপূর্ণ জৰুৰীকালীন ব্যৱস্থা আছে , যিবােৰৰ বাবে এবাৰ জৰুৰী অৱস্থা ঘােষণা হলে আমাৰ ৰাষ্ট্ৰখনৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা একাত্মক ব্যৱস্থাত পৰিণত হ'ব পাৰে । জৰুৰী অৱস্থাৰ সময়ত ক্ষমতা আইন সংগতভাৱেই কেন্দ্রীভূত হয় । সংসদে আনকি ৰাজ্যিক সূচীৰ অন্তর্ভুক্ত বিষয়তাে আইন প্রণয়ন কৰিব পৰা ক্ষমতা লাভ কৰে ।

*আনকি সাধাৰণ অৱস্থাতাে , কেন্দ্রীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বিত্তীয় ক্ষমতা আৰু দায়িত্ব আছে । প্রথমতে , ৰাজহ আহৰণ কৰিব পৰা বিষয়সমূহ কেন্দ্রীয় চৰকাৰৰ অধীনত থাকে । এইদৰে , কেন্দ্রীয় চৰকাৰৰ বহুতাে ৰাজহৰ উৎস আছে । কিন্তু , ৰাজ্যবােৰ প্ৰধানকৈ কেন্দ্ৰৰ অনুদান আৰু বিত্তীয় সাহায্যৰ ওপৰত নিৰ্ভৰশীল । দ্বিতীয়তে , ভাৰতে স্বাধীনতাৰ পিছত দ্রুত অর্থনৈতিক প্রগতি আৰু উন্নয়ণৰ বাবে পৰিকল্পনাক আহিলা হিচাপে গ্ৰহণ কৰিছে । পৰিকল্পনাৰ বাবেও অর্থনৈতিক সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত কেন্দ্ৰৰ প্রাধান্য বৃদ্ধি পাইছে । কেন্দ্রীয় চৰকাৰে নিযুক্তি দিয়া পৰিকল্পনা আয়ােগে সমন্বয়ক্ষক আহিলা ( Coordinating machinery ) হিচাপে ৰাজ্যসমূহৰ সম্পদ ব্যৱস্থাপনা , নিয়ন্ত্রণ আৰু তত্বাৱধান কৰে । ইয়াৰ উপৰিও ৰাজ্যসমূহক অনুদান আৰু ঋণ দিয়াৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে নিজৰ বিবেচনা অনুসৰি সিদ্ধান্ত গ্রহণ কৰে । এনে ধৰণে কৰা সম্পদ বিতৰণ পক্ষপাতিত্বপূর্ণ হয় আৰু বিৰােধী দলৰ দ্বাৰা শাসিত ৰাজ্যসমূহ বৈষম্যৰ সম্মুখীন হয় বুলি অভিযােগ কৰা হয় ।

 *তােমাললাকে পিছত পঢ়িবলৈ পাবা যে , ৰাজ্যপালৰ ৰাজ্য চৰকাৰ বৰ্খাস্ত কৰিবলৈ আৰু সদন ভঙ্গ কৰিবলৈ পৰামর্শ দিয়াৰ কিছুমান ক্ষমতা থাকে । ইয়াৰ উপৰিও আনকি সাধাৰণ অৱস্থাতো , ৰাজ্যপালে ৰাজ্যিক বিধানসভাই অনুমােদন জনােৱা বিধেয়ক ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে সংৰক্ষণ কৰিব পাৰে । এনে ব্যৱস্থাৰ ফলত কেন্দ্রীয় চৰকাৰে ৰাজ্যিক আইন প্রণয়নৰ ক্ষেত্ৰত পলম কৰােৱাৰ আৰু তেনে বিধেয়ক পৰীক্ষা কৰি চাই সম্পূর্ণভাৱে নামঞ্জুৰ  কৰাৰ সুবিধা লাভ কৰে । 

*কেতিয়াবা এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যে কেন্দ্রীয় চৰকাৰে ৰাজ্যিক সূচীৰ বিষয়ত আইন প্রণয়ন কৰাৰ প্রয়ােজন হয় । এনে প্রস্তাৱত ৰাজ্য সভাই সন্মতি জনালেহে সেয়া কাৰ্য্যকৰী হয় । সংবিধানত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ৰাজ্যৰ প্ৰশাসনীয় ক্ষমতাতকৈ কেন্দ্ৰৰ প্ৰশাসনীয় ক্ষমতা অধিক । 

    তদুপৰি , কেন্দ্রীয় চৰকাৰে ইচ্ছা কৰিলে ৰাজ্য চৰকাৰক নির্দেশ দিব পাৰে । তলত উল্লেখ কৰা সংবিধানৰ এটা অনুচ্ছেদৰ কিছু অংশই এই কথা স্পষ্ট হােৱাত সহায় কৰিব ।

    প্ৰত্যেক ৰাজ্যই প্ৰশাসনীয়  ক্ষমতা এনেদৰে প্ৰয়োগ কৰিব যাতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনীয়  ক্ষমতা প্ৰয়োগত বাধা নজন্মায় বা ক্ষতি নকৰে আৰু ভাৰত চৰকাৰে উচিত বিবেচনা কৰা কোনো কামৰ বাবে ৰাজ্যক নিৰ্দেশ দিয়াৰ ক্ষেত্ৰলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনীয় ক্ষমতা সম্প্ৰসাৰিত হব।

* কাৰ্য্যপালিকা অধ্যায়ত তোমালোকে ইতিমধ্যে অধ্যয়ন কৰিছা যে, আমাৰ এটা অখগু প্ৰশাসনীয় ব্যৱস্থা (Integrated Administrative System) আছে । সর্ব ভাৰতীয় সেৱাসমূহ সমগ্ৰ ভাৰতৰ বাবে একে আৰু এনে সেৱাৰ পৰা বাছি উলিওৱা বিষয়াসকলে ৰাজ্যিক প্রশাসনত সেৱা আগবঢ়ায় । এইদৰে ভাৰতীয় প্রশাসনীয় সেৱাৰ বিষয়া এজন উপায়ুক্ত হয় বা এজন ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াই আৰক্ষী আয়ুক্ত হিচাপে সেৱা আগবঢ়ায় । তেওঁলােক কেন্দ্রীয় চৰকাৰৰ নিয়ন্ত্রণত থাকে । ৰাজ্যবােৰে এনে সেৱাৰ বিষয়াসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নােৱাৰে বা অপসাৰণ কৰিব নােৱাৰে ।

* সামৰিক আইন বলবৎ থকা সময়ত কেন্দ্র বা ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়াক শৃংখলা ৰক্ষাৰ বাবে কৰা কাৰ্য্যৰ ক্ষেত্ৰত সুৰক্ষা প্রদান কৰিবলৈ ৩৩ আৰু ৩৪ নং অনুচ্ছেদে সংসদক কর্তৃত্ব প্রদান কৰিছে । এই ব্যৱস্থা অনুসৰি সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইনখন ( Armed Forces Special powers Act . ) প্রস্তুত কৰা হৈছে । কিছুমান ক্ষেত্ৰত এই আইনখনে জনসাধাৰণ আৰু সৈন্যবাহিনীৰ মাজত উত্তেজনাৰৰ সৃষ্টি কৰিছে ।

Type Sumit Patar

Class 11 Political science