5.2.5    (ii) গলজি সংঘ [Golgi Apparatus]

    কেমলি' গলজিয়ে পোন প্ৰথমে গলজি সংঘৰ বিষয়ে বৰ্ণনা দাঙি ধৰি কৈছিল যে এইবিলাক কিছুমান আৱৰণী বিশিষ্ট মোনাকাৰ গঠন যিয়ে পৰস্পৰ সমান্তৰালকৈ সজ্জিত হৈ থকা চিষ্টাৰনি ঠাকৰ সৃষ্টি কৰে। এইবিলাকৰ আৱৰণীখন অন্তঃপ্ৰৰসমূহে জালিকাৰ আৱৰণৰ লগত সংযোগ হৈ থাকে আৰু সেইবাবেই ইহঁতে কোষস্থ আৱৰণীয় অন্য় এক জটিল গঠনৰ সৃষ্টি কৰে।

        অন্তঃপ্ৰৰসীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলজি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশ গ্ৰহণ কৰে। গলজি সংঘৰ কাৰ্য হ'ল সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰণ। কোনো কোনো ক্ষেত্ৰত, গলজি সংঘই সৰল শৰ্কৰাৰ জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। গলজি সংঘই লাইছ'জম গঠন কৰোটো সহায় কৰে (5.2.5(iii) দফাটো চাবা)

কেমিলগলজিৰ 1843 চনত ব্ৰেচিকাৰ ওচৰৰ কাৰ্টেনো নামে ঠাইত জন্ম হৈছিল। তেখেতে পেভিয়া বিশ্ববিদ্য়ালয়ত চিকিৎসা শাস্ত্ৰত অধ্য়ন কৰিছিল। 1865 চনত চিকিৎসা শাস্ত্ৰত স্নাতক উপাধি লাভ কৰাৰ পাচত পেভিয়াৰ চেইন্ট মেটিঅ চিকিৎসালয়ত চাকৰীত যোগদান কৰিছিল সেই সময়ত তেখেতে স্নায়ুতন্ত্ৰৰ বিষয়ত গৱেষণামূলক অনুসন্ধানত ব্ৰতী হৈ আছিল।সেই চিকিৎসালয়খনতে 1872 চনত আবিয়েটগ্ৰাছ নামে ঠাইত হোৱা চিৰকলীয়া ৰোগ এটাৰ মুখ্য় চিকিৎসা বিষয়া হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিছিল। তাতে তেখেতে প্ৰথমে সৰু ৰান্ধনি শালৰ কোঠা এটাতে স্নায়ুতন্ত্ৰৰ বিষয়ত গৱেষণামুলক অধ্য়য়নৰ বাবে সজু কৰি লয়। সি যি কি নহওক, গলজিয়ে তাতে স্নায়ুকোষৰ গঠনক ৰঞ্জক পদাৰ্থৰে ৰঙীন কৰি নিৰীক্ষণ কৰা এটা পদ্ধতি উদ্ভাৱন বুলি কৰিবলৈ সক্ষম হয়। এই পদ্ধিতিটোক তিমিৰ বিক্ৰিয়াএই পদ্ধতিত চিলভাৰ নাইট্রেট (Silver Nitrate ) ৰ লঘু দ্ৰৱ প্ৰয়োগ কৰি কোষৰ সকলো অংশৰ লগতে প্রত্যেকটো স্নায়ু কোষৰ শাখা প্রশাশাৰ সূক্ষ্মাতিসূক্ষ্ম গঠনৰ বিষয়ে প্রতিলিপি তৈয়াৰ কৰিব পাৰি। তেখেতে গোটেই জীৱন জুৰি এই বিষয়তে অধ্যয়ন কৰি নিজে উদ্ভাৱন কৰা পদ্ধতিটোৰ আমূল পৰিৱৰ্তন সাধি উন্নত কৰে। এই কামৰ স্বীকৃতিস্বৰূপে গলজিয়ে উচ্চ সম্মান ও পদক লাভ কৰিবলৈ সক্ষম হয়। স্নায়ুতন্ত্রৰ গঠনৰ ওপৰত কৰা অধ্যয়নৰ বাবে 1906 চনত কেমিল’ গলজি (Camillo Golgi) আৰু চানটিগো ৰেমনয় কাজলএ যুটীয়াভাৱে তেখেতসকলৰ কামৰ স্বীকৃতি হিচাবে নোবেল বটা লাভ কৰিছিল।









Class 9 Science Assam SCERT Book
Type : Bidyut Thakuria