ভাৰতত স্থানীয় চৰকাৰৰ বিকাশ

 এতিয়া আমি ভাৰতত স্থানীয় প্রশাসনে কেনেকৈ বিকাশ লাভ কৰিছে আৰু আমাৰ সংবিধানে এই বিষয়ে কি কৈছে এই বিষয়ে আলােচনা কৰিম । প্রাচীন কালত ভাৰতত স্বশাসিত গ্রামীণ সম্প্রদায়বিলাকক ‘ সভা ’ নামেৰে প্ৰশাসনৰ গােট বুলি বিশ্বাস কৰা হয় । সময়ৰ অগ্ৰগতিৰ লগে লগে এই গাঁৱলীয়া নিকায়সমূহেই পঞ্চায়তৰ ( পাঁচজন সদস্যৰে গঠিত সভা ) ৰূপ লৈছিল , আৰু এই পঞ্চায়তে গাঁও পর্যায়তৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰিছিল । ইয়াৰ কার্যাৱলী আৰু ভূমিকা সময়ৰ লগে লগে পৰিৱৰ্তন হৈ আহিছে । 

    আধুনিক কালত ১৮৮২ চনৰ পিছৰ পৰা স্থানীয় চৰকাৰৰ নির্বাচিত গােটবিলাক সৃষ্টি কৰা হৈছিল । সেই সময়ৰ ভাৰতৰ ভাইচৰয় ( Viceroy ) লর্ড বিপণে ( Lord Ripon ) এই নিকায়সমূহ সৃষ্টি কৰাত আগভাগ লৈছিল । এইবােৰক স্থানীয় পৰিষদ ( Local Board ) বুলি কোৱা হৈছিল । কিন্তু এইবােৰৰ অগ্রগতি লেহেমীয়া হােৱা বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে । এইবােৰৰ দ্রুত বিকাশৰ বাবে প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল । ১৯১৯ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি কেইখনমান প্রদেশত গাঁও পঞ্চায়ত প্রতিষ্ঠা কৰা হৈছিল । এই প্রক্রিয়াটো ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ পিছতাে চলি আছিল । 

    মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ সময়তে ৰাজনৈতিক আৰু অথনৈতিক ক্ষমতা বিকেন্দ্রীকৰণৰ বাবে শক্তিশালী দাবী উত্থাপন কৰিছিল । তেওঁ বিশ্বাস কৰিছিল যে শক্তিশালী বিকেন্দ্রীকৰণৰ অর্থ হ’ল শক্তিশালী স্থানীয় প্রশাসন । সামগ্রিক উন্নয়ন কৃতকার্য হ’বৰ বাবে স্থানীয় লােক জড়িত হ'বই লাগিব । সেয়েহে পঞ্চায়তক বিকেন্দ্রীকৰণ আৰু অংশগ্রহণকাৰী গণতন্ত্রৰ আহিলা হিচাপে লােৱা হৈছিল । দিল্লীত বহি থকা গৱৰ্ণৰ জেনেৰেলৰ হাতত যে অপর্যাপ্ত ক্ষমতা কেন্দ্রীভূত হৈ আছিল , সেই বিষয়ে জাতীয় আন্দোলন উদ্বিগ্ন হৈ পৰিছিল । সেয়েহে আমাৰ আন্দোলনৰ নেতাসকলে মত পােষণ কৰিছিল যে ভাৰতৰ স্বাধীনতাৰ অৰ্থ হ'ল— সিদ্ধান্ত গ্রহণ , কাৰ্যপালিকা আৰু প্রশাসনীয় ক্ষমতাৰ বিকেন্দ্রীকৰণৰ নিশ্চয়তা প্রদান ।

     যেতিয়া সংবিধানখন প্রণয়ন কৰা হৈছিল তেতিয়া স্থানীয় প্রশাসনৰ বিষয়তাে ৰাজ্যসমূহৰ হাতলৈ হস্তান্তৰ কৰা হৈছিল । এইটো নির্দেশাত্মক নীতিটো উল্লেখ কৰিছিল যে স্থানীয় প্রশাসন ৰাষ্ট্রৰ সকলাে চৰকাৰৰ বাবে এটা নির্দেশক নীতি । তােমাললাকে দ্বিতীয় অধ্যায়ত পঢ়ি আহিছা যে এই ব্যৱস্থা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ অন্তর্ভুক্ত হােৱাৰ বাবে সংবিধানত এই ব্যৱস্থা বাদযােগ্য নহয় আৰু প্ৰকৃতিৰ ফালৰ পৰা ঘাইকৈ কিছুমান পৰামৰ্শহে । 

    এইটো অনুভৱ কৰা হ’ল যে স্থানীয় চৰকাৰ বিষয়কে ধৰি পঞ্চায়ত ব্যৱস্থাই সংবিধানত উপযুক্ত গুৰুত্ব লাভ কৰা নাই । এইটো কিয় হৈছিল তােমালােকে জানানে ? ইয়াত কেইটামান কাৰণ উল্লেখ কৰা হ'ল । প্ৰথমতে ভাৰত বিভাজনৰ ফলত উদ্ভৱ হােৱা খেলিমেলিৰ পৰিপ্ৰেক্ষিতত সংবিধানত কেন্দ্রীয় প্রৱণতা অনুভৱ কৰা হয় । নেহৰুৱে কৈছিল যে উগ্র আঞ্চলিকতাবাদ হৈছে জাতিৰ একতা আৰু অখণ্ডতাৰ প্রতি ভাবুকি । দ্বিতীয়তে ডাঃ বি আৰ আম্বেদকাৰৰ নেতৃত্বত পৰিচালিত সংবিধান সভাই অনুভৱ কৰিছিল যে সাম্প্রদায়িকতা আৰু গ্রাম্য সমাজৰ জাতিভেদ প্রকৃতিয়ে স্থানীয় প্রশাসনৰ মহান উদ্দেশ্যবােৰ গ্ৰাম্যস্তৰত বিফল কৰিব । 

    তথাপিতাে উন্নয়নমূলক পৰিকল্পনাত জনসাধাৰণৰ অংশগ্ৰহণৰ গুৰুত্ব কোনেও অস্বীকাৰ কৰা নাই । সংবিধান সভাৰ বহুতাে সদস্যই ভাৰতত গাঁও পঞ্চায়ত গণতন্ত্ৰৰ ভেটি হােৱাটো বিচাৰিছিল । কিন্তু তেওঁলােকে একে সময়তে গাঁৱলীয়া সমাজত থকা বিভেদকামী আৰু অন্যান্য কু - প্রথাবিলাকৰ বিষয়েও উদ্বেগ প্রকাশ কৰিছিল ।

Type Sumit Patar

Class 11 Political science