সংসদে কাৰ্যপালিকাক কেনেকৈ নিয়ন্ত্রণ কৰে ?

সংসদীয় গণন্ত্ৰত লােকসভাত সংখ্যাগৰিষ্ঠতা থকা এটা দল বা সন্মিলিত দল কেইটামানৰ পৰা কাৰ্যপালিকা বাছি লােৱা হয় । সংখ্যাগৰিষ্ঠ দলৰ সমর্থন কাৰ্যপালিকাই সীমাহীন ভাৱে বা স্বেচ্ছাচাৰীভাৱে ক্ষমতা প্রয়ােগ কৰাত কোনাে ধৰণৰ অসুবিধা নহয় । এনে অৱস্থাত সংসদীয় গণতন্ত্র মন্ত্রীসভা একনায়কত্ববাদত পৰিণত হ'ব পাৰে , য'ত মন্ত্রীসভাই নেতৃত্ব দিয়ে আৰু সংসদে কেৱল অনুসৰণ কৰে । সংসদ সক্রিয় আৰু সতর্ক হলেহে কাৰ্যপালিকাক নিয়মীয়া আৰু ফলপ্রসূভাৱে নিয়ন্ত্রণ কৰি ৰাখিব পাৰে । সংসদে কাৰ্যপালিকাক বিভিন্ন ধৰণে নিয়ন্ত্রণ কৰিব পাৰে । কিন্তু এইবােৰৰ মূলতেই সাংসদসকলৰ জনসাধৰণৰ প্রতিনিধি হিচাপে ফলপ্রদ আৰু নির্ভীকভাবে কাম কৰাৰ ক্ষমতা আৰু স্বাধীনতা থাকিব লাগিব । উদাহৰণস্বৰূপে , বিধানমণ্ডলত সদস্য এজনে যিয়েই নকওক লাগিলে তেওঁৰ বিৰুদ্ধে কোনাে ব্যৱস্থা গ্রহণ কৰিব পৰা নাযায় । ইয়াক সংসদীয় বিশেষাধিকাৰ ( Parliamentary privilege )বুলি জনা যায়। বিৰোধিকাৰ ভঙ্গৰ বিষয়ত সদনৰ সভাপতি সিদ্ধান্তই চূড়ান্ত ।

  এনে বিশেষধিকাৰৰ মূল উদ্দেশ্য হৈছে বিধানমণ্ডলৰ প্রতিনিধি সকলক জনসাধাৰণক প্রতিনিধিত্ব কৰিবলৈ আৰু কাৰ্য্যপালিকাক নিয়ন্ত্রণ কবিলৈ সক্ষম কৰি তােলা । এনে ধৰণৰ নিয়ন্ত্ৰণ সংসদে কাৰ্য্যক্ষেত্ৰত কেনেকৈ প্ৰয়োগ কৰে? ই কেনে ধৰণৰ উপায় অৱলম্বন কৰিব পাৰে?কাৰ্য্যপালিকাৰ আতিশয্য কৰ্তন কৰিবলৈ সংসদ সমৰ্থ হৈছেনে ?

Type Sumit Patar

Class 11 Political Science