সংসদে কেনেকৈ আইন প্ৰণয়ন কৰে?

যি কোনো বিধানমগুল মূল কাৰ্য্য হৈছে জনসাধাৰণ বাবে আইন প্ৰণয়ন কৰা। আইন প্ৰণয়নৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া  অনুসৰণ কৰা হয়। আইন প্ৰণয়ন কিছুমান পদ্ধতি  সংবিধানত উল্লখ কৰা হৈছে আৰু আন আন কিছুমান প্ৰথাৰ পৰা উদ্ভৱ হৈছে। আইন প্ৰণয়ন প্ৰক্ৰিয়াৰদ্বাৰা বিধেয়ক এখন কেনেদৰে আইত পৰিণত হয় সেইকথা লক্ষ্য কৰিলে গম পোৱা যায় আইন প্ৰণয়ন প্ৰক্ৰিয়া কাৰিকৰী দীঘলীয়া আৰু বিৰক্তিকৰ। 

বিধেয়ক হৈছে প্ৰস্তাৱিত আইনৰ এখনৰ খচৰা। বিধেয়ক বিভিন্ন ধৰণৰ হব পাৰে। মন্ত্ৰীৰ বাহিৰে আন সদস্যই বিধেয়ক উত্থাপন কৰিলে ইয়াক বেচকাৰী বিধেয়ক বুলি কোৱা হয়। মন্ত্ৰীয়ে প্ৰস্তাৱ কৰা বিধেয়কক চৰকাৰী বিধেয়ক বুলি কোৱা হয়। এতিয়া আমি এখন বিধেয়কৰ  বিভিন্ন কাৰ্য্যয় লক্ষ্য কৰো আঁহা। সংসদত বিধেয়ক এখন উত্থাপন কৰাৰ  আগতেও বিধেয়ক খন উত্থাপন কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে যথেষ্ট বিৰ্তক হব পাৰে। কোনো ৰাজনৈতিক দলে চৰকাৰক নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ বা আসন্ন নিৰ্বাচনত জয় লাভৰ সম্ভাৱনা উন্নত কৰিবলৈ কোনো বিধেয়ক ফত্থাপনৰ বাবে হেঁচা  প্ৰয়োগ কৰিব পাৰে স্বাৰ্থ গোষ্ঠী সংবাদ মাধ্যম আৰু নাগৰিকৰ মঞ্চয়ো কোনো বিশেষ আইৰ প্ৰয়োজনীয়তাৰ বিষয়ে চৰকাৰক প্ৰত্যেয় জন্মব পাৰে। গতিকে আই প্ৰণয়ন কেৱল আইনগত প্ৰক্ৰিয়া নহয় ইয়াৰ লগত বিভিন্ন ৰাজনৈতিক কাৰ্য্যও জড়িত হৈ থাকে।  বিধেয়ক এখন প্ৰস্তুত কৰোতেই আইনখন ৰূপায়ণ কৰিবলৈ প্ৰয়োজন হোৱা সম্পদ বিধেয়কখন সৃষ্টি কৰিব পৰা সঁহাৰি আৰু বিৰোধ ভৱিষ্যত নিৰ্বাচনত শাসক।দলত আইনখনে পেলাব কৰা প্ৰভাৱ  আদি বিভিন্ন কথা বিবেচনা কৰা হয়।  বৰ্তমানৰ সংযুক্ত  ৰাজনীতিৰ সময়ত চৰকাৰে প্ৰস্তাৱ কৰা বিধেয়ক এখন সহযোগী দলসমূহৰ বাবেও গ্ৰহণযোগ্য হব লাগে। এনেধৰণৰ বাস্তৱত বিবেচনা কৰিবলগীয়া কথাবোৰ আওকাণ কৰিব পৰা নাযায়।  আইন এখন প্ৰণয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে মন্ত্ৰীসভাই এই আটাইতকৈ কথা বিবেচনা কৰি চায়। 

    আইন প্ৰণয়নৰ পৃষ্ঠভূমিত থকা নীতিয়ে মন্ত্ৰীসভাত অনুমোদন লাভ কৰাৰ পিছত আইনৰ খৰচ প্ৰস্তুত কৰা কাৰ্য্য আৰম্ভ হয়। বিধেয়ক এখনৰ খচৰা প্ৰস্তুত কাৰ্য্য সংশ্লিষ্ট  মন্ত্ৰণালয়ে কৰে। উদাহৰণস্বৰূপে, ছোৱালীৰ বিয়াৰ বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰিবলৈ আইন মন্ত্ৰাণায়লে এখন বিধেয়ক উত্থাপন কৰিব পাৰে। মহিলা আৰু শিশু কল্যাণ মন্ত্ৰাণায়লো এই কাৰ্য্যত জড়িত হব পাৰে। এখন বিধেয়ক লোকসভাৰ বা ৰাজ্যসভাৰ যি কোনো এখন সদনত সদনৰ সদস্যৰদ্বাৰা উত্থাপন কৰিব পৰা যায়। ( প্ৰায়ে সংশ্লিষ্ট মন্ত্ৰীয়ে বিধেয়ক উত্থাপন কৰে)।এখন বিত্ত বিধেয়ক কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰি। লোকসভাত অনুমোদন লাভ কৰাৰ পিছত বিধেয়কখন ৰাজ্য সভালৈ পঠিওৱা হয়।

    বিধেয়ক বিলাকৰ ক্ষেত্ৰত বেছিভাগ আলােচনা কমিটিবিলাকত হয় ।কমিটিৰ পৰামর্শ সদনলৈ পঠিওৱা হয় । সেইবাবে কমিটিবিলাকক ক্ষুদ্র বিধান মণ্ডল বুলি কোৱা হয় । এয়া হৈছে আইন প্রণয়ন প্রক্রিয়াৰ দ্বিতীয় পৰ্য্যায় । তৃতীয় আৰু শেষ পৰ্য্যয়ত বিধেয়কখনত ভােট গ্রহণ কৰা হয় । অন্য বিত্ত বিধেয়কসমূহ এখন সদনত অনুমােদিত হােৱাৰ পিছত আনখন সদনলৈ পঠিওৱা হয় আৰু তাতে বিধেয়কখন একে প্রক্রিয়াৰ মাজেৰে আগবাঢ়ে ।

    তোমালোকে জানা যে আইন প্ৰণয়নৰ ক্ষেত্ৰত বিধেয়ক এখনে দুয়োখন সদনত অনুমােদন লাভ কৰিব লাগে । প্রস্তাৱিত বিধেয়ক এখনত দুয়ােখন সদনৰ মাজত মতানৈক্য হলে সংসদৰ যুটীয়া অধিবেশনত ইয়াক দূৰ কৰিবলৈ চেষ্টা কৰা হয় । সংসদৰ অচল অৱস্থা দূৰ কৰিবলৈ ইতিমধ্যে যি কেইবাৰ যুটীয়া অধিবেশন আহবান কৰা হৈছিল , সেই আটাইকেইবাৰ লােকসভাৰ পক্ষতেই সিদ্ধান্ত গ্রহণ কৰা হৈছে । 

    বিত্ত বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাই বিধেয়ক খনত অনুমােদন জনাব পাৰে বা সংশােধনৰ বাবে পৰামর্শ দিব পাৰে , কিন্তু নাকচ কৰিব নােৱাৰে । যদি ১৪ দিনৰ ভিতৰত ই কোনাে ব্যৱস্থা গ্রহণ নকৰে তেতিয়াহলে বিধেয়কখন গৃহীত হােৱা বুলি ধৰি লােৱা হয় । ৰাজ্যসভাই আগবঢ়োৱা সংশােধনী পৰামর্শ লােকসভাই গ্রহণ কৰিবও পাৰে বা নকৰিবও পাৰে । দুয়ােখন সদনত গৃহীত হােৱাৰ পিছত , বিধেয়ক এখন ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে পঠিওৱা হয় । ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলে বিধেয়কখন আইনত পৰিণত হয় ।

Type Sumit Patar

Class 11Poiltical Science