সংসদে নিজকে কেনেকৈ নিয়ন্ত্ৰণ কৰে?

 আগতেই উল্লেখ কৰা হৈছে যে সংসদ হৈছে এখন বিতর্কৰ মঞ্চ সংসদে বিতর্কৰ জৰিয়তে ইয়াৰ সকলাে কাৰ্য্য সম্পাদন কৰে । এই আলােচনাবােৰ অর্থবহ আৰু শৃংখলাবদ্ধ হ’ব লাগে যাতে সংসদ কাৰ্য্যবােৰ বাধাহীনভাৱে আগবঢ়াই নিব পাৰি আৰু ইয়াৰ মৰ্য্যাদা অক্ষুন্ন থাকে । সংসদৰ কাৰ্য্য যাতে মসৃনভাৱে চলিব পাৰে তাৰ কাৰণে সংবিধানেই কিছুমান ব্যৱস্থা কৰিছে । বিধানমণ্ডলৰ কাম কাজ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিধানমণ্ডলৰ সভাপতি গৰাকীৰ চূড়ান্ত কর্তৃত্ব থাকে । 

    আন এটা উপায়েৰেও সদনৰ অধ্যক্ষই সদস্যসকলক নিয়ন্ত্রণ কৰিব পাৰে । তােমালোকে কিজানি দলত্যাগ বিৰােধী আইনখনৰ( Anti defection Law) কথা শুনিছা । বিধানমণ্ডলৰ বেছিভাগ সদস্যই কোনাে ৰাজনৈতিক দলৰ টিকটত নির্বাচিত হৈ আহে । নির্বাচিত হৈ তেওঁলােকে দলত্যাগ কৰিব বিচাৰিলে কি হ'ব ? স্বাধীনতাৰ পিছত বহু বছৰলৈ এই বিষয়টোৰ কোনাে সমাধান সূত্র ওলােৱা নাছিল । অৱশেষত ৰাজনৈতিক দলবোৰে একমতত উপনীত হৈছিল যে এটা ৰাজনৈতিক দলৰ টিকটত নির্বাচিত হৈ অহা বিধানমণ্ডলৰ সদস্য এজনে সেই দলটো ত্যাগ কৰি আন দলত যােগদান কৰাত বাধা আৰােপ কৰিব লাগে । সেইবাবে ১৯৮৫ চনত সংবিধানখন সংশােধন ( ৫২ তম সংশােধনী বুলি জনা যায় ) কৰা হ'ল । পিছত অৱশ্যে ৯১ তম সংশােধনী অনুসৰি ইয়াত কিছু সাল সলনি ঘটোৱা হৈছে । এনে বিষয়ত সদনৰ সভাপতিৰ শেষ সিদ্ধান্ত গ্রহণ কৰাৰ কর্তৃত্ব থাকে । কোনাে সদস্যই দলত্যাগ কৰা বুলি প্রমাণিত হলে , সদনত সদস্য পদ হেৰুৱাবলগীয়া হয় । এনে সদস্যই কোনাে ৰাজনৈতিক বিষয় বাব যেনে— মন্ত্রিত্ব আদি গ্ৰহণৰ বাবে অৰ্হতাহীন হয় ।

     দলত্যাগ কি ? দলৰ নেতাই উপস্থিত থাকিবলৈ কোৱা সত্বেও কোনাে সদস্য যদি সদনত অনুপস্থিত থাকে , বা দলীয় নির্দেশৰ বিপৰীতে ভোট - প্রদান কৰে , বা ইচ্ছাকৃতভাৱে দলৰ সদস্যপদ ত্যাগ কৰে , তেতিয়া তেওঁক দল ত্যাগ কৰা বুলি কোৱা হয় । 

    যােৱা বিশ বছৰৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰি যে দলত্যাগ বিৰােধী সংশােধনীয়ে দলত্যাগ কমাবলৈ সক্ষম হােৱা নাই । কিন্তু ইয়াৰ ফলত দলীয় নেতা আৰু বিধানমণ্ডলৰ সভাপতিয়ে সদস্যসকলৰ ওপৰত কিছু অতিৰিক্ত ক্ষমতা প্রয়ােগ কৰাৰ সুবিধা লাভ কৰিছে ।


Type Sumit Patar

Class 11 Political science