ন্যায়পালিকাৰ স্বাধীনতা

সহজ অৰ্থত ন্যায়পালিকাৰ স্বাধীনতা অৰ্থ হলঃ-

* চৰকাৰৰ অন্যান্য অংগ যেনে কাৰ্যপালিকাৰ কামত এনে কোনো সীমাবদ্ধতা আৰোপ কৰিব নালাগে যাৰ ফলত ন্যায়পালিকাই ন্যায় প্ৰদানত অসমৰ্থ হয়। 

* চৰকাৰৰ অন্যান্য অংগই ন্যয়পালিকাৰ সিদ্ধান্তত হস্তক্ষেপ কৰা উচিত নহয়। 

* শংকামুক্ত আৰু নিৰপেক্ষভাৱে ন্যায়াধীশসকলে নিজৰ দায়িত্ব পালন কৰিব পৰা হব লাগে।

    ন্যায়পালিকাৰ স্বাধীনতাই স্বেচ্ছাচাৰিটা নাইবা দায়িত্বহীনতাক নুবুজায়। ন্যায়পালিকাৰ গণতান্ত্ৰিক ৰাজনৈতিক গাঁথনিৰ এক অভিন্ন অংগ। সেইবাবেই ৰাষ্ট্ৰৰ সংবিধান, গণতান্ত্ৰিক পৰম্পৰা আৰু জনসাধাৰণৰ প্ৰতি ন্যায়পালিকাৰ দায়বদ্ধতা আছে। 

ন্যায়পালিকাৰ স্বাধীনতা কেনেকৈ সুৰক্ষিত কৰিব পাৰি?

 ভাৰতীয় সংবিধানে ন্যায়পালিকাৰ স্বাধীনতা সুৰক্ষিত কৰিবলৈ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে।  ন্যায়াধীশসকলৰ নিযুক্তি প্ৰক্ৰিয়াত বিধানমগুল জড়িত নহয়। ন্যায়াধীশৰ নিযুক্তি প্ৰক্ৰিয়াৰ দলীয় ৰাজনীতিৰ কোনো প্ৰভাৱ নাই বুলি বিশ্বাস কৰা হয়।  ন্যায়াধীশৰ নিযুক্তিৰ ক্ষেত্ৰত সংবিধানে কিছুমান মানদগু নিৰ্ধাৰণ কৰিছে। অভিজ্ঞ, মেধাৱী আৰু বিশিষ্ট আইনজ্ঞ ব্যক্তিকহে ন্যায়াধীশ পদত নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। ন্যায়াধীশৰ নিযুক্তিত দলীয় বিবেচনা দলীয় আনুগত্য আৰু ৰাজনৈতিক মতামতক স্থান দিয়া হোৱা নাই। 

    ন্যায়াধীশসকলৰ এক নিৰ্ধাৰিত কাৰ্যকাল থাকে। অৱসৰৰ নিৰ্দিষ্ট বয়স নোহোৱালৈকে তেওঁলোকে ন্যায়াধীশ পদত অধিষ্ঠিত থাকে। কিছুমান বিশেষ কাৰণতহে তেওঁলোকে ন্যায়ধীশ এজনক পদৰ পৰা অপসাৰণ কৰিব পাৰি। অন্যথা তেওঁলোকৰ কাৰ্য্যকালৰ নিৰাপত্তা থাকে। সেইবাবে ন্যায়ধীশসকলে নিৰ্ভয়ে আৰু নিৰপেক্ষভাৱে কৰ্তব্য পালন কৰিব পাৰে। সংবিধানে ন্যায়াধীশসকলৰ অপসাৰণৰ বাবে এক কঠিন পদ্ধতি গ্ৰহণ কৰিছে। অপসাৰণ এক কঠিন পদ্ধতি অৱলম্বণ কৰিলেহে ন্যায়াধীশ পদৰ নিৰাপত্তা নিশ্চিত হব বুলি সংবিধান প্ৰণেতাসকলে বিশ্বাস কৰিছিল।

  ন্যায়পালিকাৰ বিত্তীয় ক্ষেত্ৰত কাৰ্যপালিকাৰ নাইবা বিধানমগুল ওচৰত নিৰ্ভৰশীল নহয়। অৰ্থাৎ ন্যায়াধী1সৰ দৰমহা আৰু অন্যান্য ভাট্ৰাসমূহৰ বিধানমগুলৰ অনুমোদন সাপেক্ষে নহয়। ন্যায়াধীশসসলৰ কাৰ্য্য় আৰু সিদ্ধান্ত ব্যক্তিগত সমালোচনাৰ উৰ্দ্ধত। আদালতক অসন্মান বা অৱমাননাৰ অপৰাধত কোনাে ব্যক্তিক শক্তি বিহিব পৰা ক্ষমতা ন্যায়পালিকাৰ আছে। আদালত এই ধৰণৰ কৰ্তৃত্বই ন্যায়াধীশসকলক অনুচিত সমালােচনাৰ পৰা ৰক্ষা কৰে । ন্যায়াধীশ এজনৰ অপসাৰণ প্রক্রিয়া চলি থকা সময়ৰ বাহিৰে আন সময়ত বিধানমণ্ডলে ন্যায়াধীশৰ আচৰণ সম্পর্কে আলােচনা কৰিব নােৱাৰে । এইদৰে সংবিধানে ন্যায়পালিকাৰ স্বাধীনতা নিশ্চিত কৰিছে ৷ ইয়াৰ ফলত ন্যায়পালিকাই সমালােচনাৰ পৰা মুক্ত হৈ বিচাৰ কাৰ্য্য সম্পাদন কৰিব পাৰিছে ।

Type Sumit Patar

Class 11 Political Science