আনুস্থানিক ব্যৱস্থা

সংবিধান এখন সক্ৰিয় কৰি ৰখাৰ তৃতীয় কাৰকটো হৈছে চৰকাৰৰ অনুষ্ঠানসমূহৰ মাজত ভাৰসাম্য বজাই ৰখা। ইয়াৰ মূল নীতিটোৰ হৈছে যে চৰকাৰ গণতান্ত্ৰিক হব লাগিব আৰু জনসাধাৰণৰ কল্যাণ প্ৰতি দায়াবদ্ধ হৈ থাকিব লাগিব । সংবিধান সভাই কাৰ্য্যপালিকা বিধানমগুল আৰু ন্যায়পালিকাৰ মাজত উপযুক্ত ভাৰসাম্য বজাই ৰাখিবলৈ যথেষ্ট সময় ধৰি আলোচনা কৰিছিল । ইয়াৰ ফলতেই সংসদীয় গণতন্ত্ৰ আৰু যুক্তৰাষ্ট্ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যাৰ জৰিয়তে বিধান মগুল আৰু কাৰ্য্যপালিকা তথা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ক্ষমতা বিতৰণ কৰা হৈছিল ।

    চৰকাৰৰ অনুষ্ঠানসমূহৰ মাজত ভাৰসাম্য ভিত্তিক ব্যৱস্থা কৰিবলৈ যাওতে সংবিধান প্ৰণেতা সকলে আন আন দেশৰ পৰীক্ষাৰ - নিৰীক্ষা তথা অভিজ্ঞতাৰ পৰা যথেষ্ট পাঠ গ্ৰহণ কৰিছিল। এইদৰে ভাৰতীয় সংবিধানৰ প্ৰণেতা সকলে আন আন দেশৰ সাংবিধানিক পৰম্পৰাসমূহৰ ভাৰতীয় সংবিধানত অন্তৰ্ভূক্ত কৰিছিল । এই সকলোবোৰ কথাই তেওঁলোকক যিকোনো ধৰণৰ ব্যৱস্থা পক্ষৰ বৌদ্ধিক আৰু ঐতিহাসিক উদাহৰণ দিবলৈ শিকাইছিল । সেইদৰে তেওঁলোকে বেলেগ বেলেগ দেশৰ পৰা সাংবিধানিক ব্যৱস্থাসমূহৰ অনুসৰণ কৰিছিল ।

    কিন্তু এই অনুসৰণসমূহ আন আন দেশসমূহৰ সম্পূর্ণ অনুসৰণ নাছিল । ইয়াৰে প্রত্যেক ব্যৱস্থাকেই ভাৰতীয় সমস্যা আৰু আশা আকাংক্ষাৰ লগত জড়িত কৰা হৈছিল । দৰাচলতে আমি আটায়ে অতি ভাগ্যবান যে আমি এনেকুৱা এখন সংবিধান সভা পাইছিলো যিখনে সংকীৰ্ণ মনোভাৱ দেখুৱাৰ পৰিৱৰ্তে পৃথিৱীৰ সকলো দেশৰ পৰা ভাল ভাল ব্যৱস্থাৰসমূহৰ সংগ্ৰহ কৰি ভাৰতীয় সংবিধানত সেইবোৰ অন্তৰ্ভূক্ত কৰিছে।

 Type Sumit Patar

Class 11 Political Science