আন্তঃ ৰাজ্যিক সংঘাত

 ৰাজ্যবােৰে কেন্দ্ৰৰ লগত স্বায়ত্ত শাসন আৰু ৰাজহৰ উৎসব অংশ আদি বিষয়ত বিবাদত লিপ্ত হৈ থাকে । কিন্তু , দুখন বা ততােধিক ৰাজ্যৰ মাজৰ বিবাদৰাে বহুত উদাহৰণ আছে । এই কথা সঁচা যে , আইনসঙ্গত প্ৰকৃতিৰ বিবাদসমূহত ন্যায়পালিকাই মধ্যস্থতাকাৰী আহিলা হিচাপে কাম কৰে । কিন্তু , প্রকৃততে এই বিবাদসমূহত কেৱল আইনৰ কথাই জড়িত হৈ নাথাকে । এইবােৰৰ ৰাজনৈতিক তাৎপৰ্য্যও আছে । সেইবাবে আলােচনা আৰু পাৰস্পৰিক বুজাপৰাৰ মাজেৰেহে এইবােৰ মীমাংসা কৰিব পৰা যায় ।

     বহলভাৱে , দুই ধৰণৰ বিবাদ বাৰে বাৰে উদ্ভৱ হৈ থাকে । এটা হৈছে সীমান্ত সম্পৰ্কীয় বিবাদ । ৰাজ্যবােৰৰ নিজৰ চুবুৰীয়া ৰাজ্যৰ ভূখণ্ডতাে কিছু দাবী থাকে । ৰাজ্যৰ সীমা নিদ্ধাৰণৰ ক্ষেত্ৰত ভাষা মূল ভিত্তি হলেও , প্রায়ে সীমান্ত অঞ্চলসমূহত এটাতকৈ অধিক ভাষিক গােষ্ঠী থাকে । সেইবাবে কেৱল ভাষিক সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত বিবাদ নিষ্পত্তি কৰাটো সহজ নহয় । বেলগাম চহৰৰ বাবে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ মাজৰ বিবাদ বহুদিনৰ পৰা চলি আছে । পূর্ব পাঞ্জাৱ ৰাজ্যৰ হাৰিয়ানাক পৃথক ৰাজ্য হিচাপে গঠন কৰাৰ পিছত দুয়ােখন ৰাজ্যৰ মাজত সীমান্ত অঞ্চলৰ উপৰিও ৰাজধানী চহৰ চণ্ডীগড়ক লৈও বিবাদ চলি আছে । বর্তমান এই চহৰখন দুয়ােখন ৰাজ্যৰ ৰাজধানী হিচাপে আছে । ১৯৮৫ চনত সেই সময় প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে চণ্ডীগড়খন পাঞ্জাৱক হস্তান্তৰ কৰা হ'ব বুলি পাঞ্জাৱৰ নেতাসকলৰ লগত বুজাপৰাত উপনীত হৈছিল । কিন্তু , এতিয়ালৈ ইয়াক কাৰ্য্যকৰী কৰা হােৱা নাই । 

    সীমান্ত সম্পর্কীয় বিবাদসমূহ প্ৰধানকৈ আৱেগৰ লগত জড়িত । কিন্তু , নদীৰ পানী বিতৰণৰ সমস্যাটো তাতকৈও অধিক গুৰুত্বপূর্ণ । কিয়নাে ইয়াৰ লগত সেই ৰাজ্যবােৰৰ জনসাধাৰণৰ খােৱাপানী আৰু কৃষিৰ সমস্যাৰ কথা জড়িত হৈ আছে । তােমালােকে নিশ্চয় কাবেৰী নদীৰ পানীৰ বাবে হােৱা বিবাদৰ কথা শুনিছা । তামিলনাড়ু আৰু কৰ্ণাটকৰ  মাজত ই হৈছে এটা প্রধান বিবাদৰ বিষয় । দুয়ােখন ৰাজ্যৰ কৃষকসকল কাবেৰী নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল । নদীৰ পানী সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ বাবে এখন ‘ ৰিভাৰ ৱাটাৰ ট্রাইবুনেল আছে যদিও ইতিমধ্যে এই বিবাদ উচ্চতম ন্যায়ালয় পাইছেগৈ । এনে ধৰণৰ আন এটা বিবাদত গুজৰাট , মধ্যপ্রদেশ আৰু মহাৰাষ্ট্ৰই নর্মদা নদীৰ পানীৰ বিতৰণৰ বাবে বিবাদত লিপ্ত হৈ আছে। নদী হৈছে এবিধ প্ৰধান সম্পদ আৰু সেইবাবে নদীৰ পানীৰ বাবে হোৱাৰ বিবাদে ৰাজ্যবোৰৰ ধৈৰ্য্য আৰু সহযোগীতা মনোবৃত্তিৰ পৰীক্ষা চায়।

Type sumit patar

 Class 11 Political science