ন্যায়িক সক্ৰিয়তা

ন্যায়িক সক্ৰিয়াত ৰ ধাৰণাটো তোমালোকে শুনিানে? নাইবা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰ (Public Interest Litigation) বিষয়ে শুনিছানে?

    সাম্প্ৰতিক সময়ত এই ধাৰণা দুটাৰ বিষয়ে যথেষ্ট চৰ্চা হৈছে। এই ধাৰণা দুটাই ন্যায়াপালিকাৰ কাৰ্য্যপৰিধি  ব্যাপকভাৱে সাম্প্ৰসাৰিত কৰিছে? ফলত ন্যায়পালিকাই জনসাধাৰণৰ আশা- আকাংক্ষা বহুপৰিমাণে পূৰণ কৰিবলৈ সক্ষম হৈছে। 

    ভাৰতত ন্যায়িক ,সক্ৰিয়তাৰ মূল চালিকাৰ শক্তি হল ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ। ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ মানে কি? ই কেনেকৈ আৰু কেতিয়া উদ্ভৱ হল? আইনৰ গতানুগতিক প্ৰক্ৰিয়াৰ অনুসৰি এজন নাগৰিকে ব্যক্তিগতভাৱে ক্ষতিগ্ৰস্ত হলেহে আদালতৰ ওচৰ চাপে। অৰ্থাৎ এজন  ব্যক্তিৰ অধিকাৰ খৰ্ব হলে নাইবা কোনো বিবাদত  জড়িত হলেহে  তেওঁ আদালতৰ ওচৰলৈ যায়। সাম্প্ৰতিক সময়ত এই ধাৰণাৰ পৰিৱৰ্তন হৈছে। ১৯৭৯ চনত ন্যায়াপালিকাই এক নতুন ধাৰণা প্ৰৱৰ্তন কৰে। ১৯৭৯ চনত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ এক গোচৰ বিচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মন কৰিবলগীয়া যে ক্ষতিগ্ৰস্ত ব্যক্তিসকলে এই গোচৰ ৰুজু কৰা নাছিল।বৰঞ্চ ক্ষতিগ্ৰস্তসকলৰহৈ আন ব্যক্তিয়ে এই গােচৰটো উচচতম ন্যায়ালয়ৰ মজিয়াত উত্থাপন কৰিছিল । এই গােচৰৰ সৈতে ৰাজহুৱা স্বার্থ জড়িত আছিল আৰু সেইবাবেই এইধৰণৰ গােচৰবােৰ ৰাজহুৱা স্বার্থজড়িত গােচৰ হিচাপে জনাজাত হৈ পৰে । একে সময়তে , উচ্চতম ন্যায়ালয়ে কাৰাবন্দীসকলৰ অধিকাৰ সম্পর্কে এটা গােচৰ বিচাৰৰ বাবে গ্ৰহণ কৰিছিল । এনেদৰেই ন্যায়িক সক্রিয়তাৰ আৰম্ভণি হৈছিল । ৰাজহুৱা স্বার্থ সুৰক্ষাৰ বাবে আগ্রহী সচেতন নাগৰিক আৰু স্বেচ্ছাসেৱী সংস্থাই জনসাধাৰণৰ অধিকাৰৰ ৰক্ষণাবেক্ষণ , দৰিদ্ৰসকলৰজীৱনৰ মানদণ্ডৰ উন্নতি সাধন , পৰিবেশ সুৰক্ষা ইত্যাদি বিষয়ত ন্যায়পালিকাৰ হস্তক্ষেপ বিচাৰি ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিবলৈ আৰম্ভ কৰে ।

 পৰম্পৰাগতভাৱে আদালতৰ মজিয়াত ৰুজ কৰা গোচৰসমূহ নিষ্পত্তিকৰণতে ন্যায়পালিকাৰ ভূমিকা সীমিত হৈ আছিল। ন্যায়িক সক্ৰিয়তাৰ বিকাশ হোৱাৰ পিছৰে পৰা ন্যায়াপালিকাই বাতৰি কাকতৰ প্ৰতিবেদনৰ ভিত্তিত বা পোষ্টকাৰ্ডত চিঠি লিখি জনোৱা অভিযোগৰ ভিত্তিত বহুতো গোচৰ বিচাৰৰ বাবে গ্ৰহণ কৰিছে। গতিকে ন্যায়িক  সক্ৰিয়তাৰ ফলত ন্যায়পালিকাৰ গতানুগতিক ভূমিকাৰ পৰিৱৰ্তন আৰু সম্প্ৰসাৰণ ঘটিছে। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গ্ৰহণ কৰি কাৰ্য্যপালিকাৰ আৰু বিধানমগুলক বিভিন্ন আদেশ বা নিৰ্দেশ জাৰি কৰা দেখা যায়।

    ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰ জৰিয়তে ন্যায়পালিকাই অধিকাৰ অৱধাৰণাটোৰ পৰিসৰ সম্প্ৰসাৰণ কৰিছে। পৰিস্কাৰ আৰু প্ৰদূষণমুক্ত পৰিৱেশ, বিশুদ্ধ খোৱা পানী সুস্থ জীৱন যাপনৰ অধিকাৰ সমাজৰ সকলো নাগৰিকৰে আছে। এইবোৰ অধিকাৰ খৰ্ব হলে সমাজৰ সদস্য হিচাবে সকলো ব্যক্তিয়ে ন্যায়  দাবী কৰাৰ অধিকাৰ আছে।

   ১৯৮০ চনৰ পৰৱৰ্তী সময়ত আদালতৰ ওচৰ চাপিবলৈ অক্ষম আৰু দুৰ্বল শ্ৰেণীৰ জনসাধাৰণৰ অধিকাৰ সুৰক্ষাৰ বাবে ন্যায়পালিকাই যথেষ্ট আগ্ৰহ আৰু সক্ৰিয়তা প্ৰদৰ্শন  কৰিছে। এই উদ্দেশ্যে ন্যায়পালিকাই সমাজসেৱক ব্যক্তি সামাজিক অনুষ্ঠান আৰু অধিবক্তাসকলৰক দৰিদ্ৰ আৰু বঞ্চতসকলৰহৈ ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিবলৈ অনুমতি প্ৰদান কৰিছে। 

   ন্যায়িক সক্ৰিয়তাই ৰাজনৈতিক ব্যৱস্থাৰ বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়ে ন্যায়পালিকাক অধিক গণতান্ত্ৰিকভাৱে গঢ়ি তুলিবলৈ সমৰ্থ হৈছে। ব্যক্তিৰ উপৰিও সমূহৰ নাইবা সংস্থাইও ন্যায়পালিকাৰ ওচৰ চাপিবলৈ সমৰ্থ হৈছে। ইয়ে কাৰ্যপালিকাক দায়িত্বশীল আৰু জবাবদিহি হবলৈ বাধ্য কৰিছে। তদুপৰি, ই নিৰ্বাচন ব্যৱস্থটোকো মুক্ত আৰু নিকা কৰি গঢ় দিবলৈ চেষ্টা কৰিছে। ন্যায়িক সক্ৰিয়তাৰ ফলস্বৰূপে, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলে তেওঁলোকৰ আয় সম্পত্তি হিচাবে আৰু শিক্ষাগত অৰ্হতাৰ বিষয়ে আদালতত শপতনামা দাখিল কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ফলত জনসাধাৰণে সঠিক জ্ঞান আৰু তথ্যৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পৰা হৈছে। 

 ন্যায়িক সক্রিয়তা ’ ৰ কিছুমান ঋণাত্মক পৰিণতি দেখা যায় । প্রথমতে , ন্যায়িক সক্রিয়তাৰ ফলত ন্যায়পালিকাৰ কামৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি হৈছে । গতিকে , ন্যায় প্রদানত পলম হৈছে । দ্বিতীয়তে , ন্যায় পালিকা , কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজৰ প্ৰভেদৰ সীমাৰেখাড়াল অস্পষ্ট হৈ উঠিছে । ন্যায়ালয়ে কার্যপালিকাৰ কামত মনােনিবেশ কৰিব লগা হৈছে । উদাহৰস্বৰূপে , প্ৰদূষণ নিয়ন্ত্রণ বা দুর্নীতি নিবাৰণ বা নির্বাচনী সংস্কাৰ আদি কামবােৰ প্ৰকৃততে ন্যায়পালিকাৰ দায়িত্বৰ অন্তর্ভূক্ত নহয় । সাধাৰণতে এইবােৰ কাম প্রশাসনে বিধানমণ্ডলৰ তত্বাৱধানত কৰিব লাগে । সেইবাবে ন্যায়িক সক্রিয়তাই চৰকাৰৰ তিনিটা প্রধান অংগৰ মাজত থকা ভাৰসাম্য নষ্ট কৰিব পাৰে বুলি কিছুমান চিন্তাবিদে মত প্রকাশ কৰিছে । গণতান্ত্রিক চৰকাৰ এখন সুস্থভাৱে পৰিচালিত হবলৈ হলে। প্ৰতিটো অংগই পৰম্পৰ ক্ষমতা আৰু অধিকাৰ ক্ষেত্ৰক সন্মান কৰিব লাগিব। অন্যথা গণতান্ত্ৰিক শাসন ব্যৱস্থাত জটিলতা সৃষ্টি হব পাৰে।

Type Sumit Patar

Class11 Political Science