ন্য়ায়পালিকাৰ আৰু সংসদ

নাগৰিকৰ অধিকাৰ সুৰক্ষা দিয়াৰ উপৰিও সংবিধানখন ৰাজনৈতিক প্ৰচেষ্টা জৰিয়তে যাতে বিকৃত  কৰিব নোৱাৰে তাৰ বাবে ন্যায়পালিকাই সৰ্তক দৃষ্টি ৰাখিছে। যিবোৰ ক্ষেত্ৰ ন্যায়িক সমীক্ষাৰ  পৰিসৰৰ অন্তৰ্ভূক্ত নহয় আনকি সেইবোৰ ক্ষেত্ৰতো ন্যায়পালিকাই নিজৰ নিয়ন্ত্ৰণ খটুৱাবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে ৰাষ্ট্ৰপতি াৰু ৰাজ্যপালকো জবাবদিহি কৰিছে। 

    উচ্চতম ন্যায়লয়ে সময়ে সময়ে কাৰ্যপালিকাক কিছুমান নিৰ্দেশ প্ৰদান কৰি ন্যায়দানৰ  উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। উদাহৰণস্বৰূপে হাৱাৱা গোচৰ নৰসিংহ ৰাওঁ গোচৰ পেট্ৰোল পাম্পৰ আবৈধ অনুমোদনৰ গোচৰ ইত্যাদিত জড়িত ৰাজনীতিবিদ আৰু আমোলাসকলৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিবলৈ চি. বি. আই. ক উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল। হয়তো তোমালোকে এইবোৰ গোচৰৰ বিষয়ে শুনিছা। এইবোৰ ন্যায়িক সক্ৰিয়তাৰে পৰিণতি। 

    সীমিত পৰিসৰত  ক্ষমতাৰ পৃথকীকৰণ আৰু ক্ষমতাৰ ভাৰসাম্য নীতিৰ সুন্দৰ সংমিশ্ৰণত ভাৰতীয় সংবিধানখন ৰচিত হৈছে। অৰ্থাৎ চৰকাৰৰ প্ৰতিটো অংগৰে এক স্পষ্ট কাৰ্য্যক্ষেত্ৰ বা অধিকাৰ ক্ষেত্ৰ নিৰ্দ্ধাৰণ কৰা হৈছে। সংসদৰ আইনৰ প্ৰণয়ন আৰু সংবিদান সংশোধনৰ সৰ্বোচ্চ ক্ষমতা আছে। কাৰ্যপালিকাৰ আইনৰ ৰূপায়নৰ সৰ্বোচ্চ  ক্ষমতা আছে। সেইদৰে ন্যয়পালিকাৰ সংসদে প্ৰণয়ন কৰা আইনৰ সাংবিদানিক বৈধতা বিচাৰ কৰা আৰু বিবাদ নিষ্পত্তি কৰাৰ সৰ্চোচ্চ ক্ষমতা আছে। ক্ষমতা বিভাজনৰ স্পষ্ট বিভাজন থকা স্বত্বেও এহাতে সংসদ  আৰু ন্যায়পালিকাৰ মাজত অন্যহাতে কাৰ্যপালিকাৰ আৰু ন্যায়পালিকাৰ মাজত সময়ে বিবাদৰ সূত্ৰপাত হৈ আহিছে।   

    সম্পত্তিৰ অধিকাৰ কৰ্তন আৰু সংসদৰ সংবিদান সংশোধনৰ ক্ষমতাৰ বিষয়ত সংসদ াৰু ন্যায়পালিকাৰ  মাজত উদ্বৱ হোৱা মতানৈক্যৰ কথা আমি ইতিমধ্যে আলোচনা কৰিছো।আমি এই বিষয়ে পুনৰ উল্লেখ কৰো আঁহাঃ-

    সংবিধানখন কাৰ্য্যকৰী হোৱা সময়ৰে পৰা সম্পত্তিৰ অধিকাৰ  সীমিতকৰণৰ বিষয়ে বিবাদ চলি আছিল। সংসদে সম্পত্তি অধিকাৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰি ভূমি সংস্কাৰ প্ৰৱৰ্তন কৰিব বিচাৰিছিল। কিন্তু সংসদে মৌলিক অধিকাৰ ংসুচিত বা ক্ষুন্ন কৰিব নোৱাৰে বুলি ন্যায়ালয়ে মত পোষণ কৰিছিল। তেতিয়া সংসদে সংবিধান সংশোধন কৰি মৌলিক অধিকাৰ কৰ্তন কৰা চেষ্টা কৰিছিল। আকৌ ন্যায়পালিকাই ঘোষণা কৰিছিল যে সংবিধান সংশোধন কৰিও সংসদে মৌলিক অধিকাৰ সংকুচিত বা ক্ষন্ন কৰিব নোৱাৰে। 

    সংসদ আৰু ন্যায়পালিকাৰ মাজৰ প্ৰধান বিবাদ বিষয়সমূহ তলত উল্লেখ কৰা হলঃ-

* ব্যক্তিগত সম্পত্তি অধিকাৰ পৰিসৰ কিমান?

* সংসদৰ মৌলিক অধকাৰ কৰ্তন আৰুসংকোচন কৰা ক্ষমতাৰ পৰিসৰ কিমান?

* সংসদৰ সংবিধান সংশোধন ক্ষমতাৰ পৰিসৰ কিমান?

*নিৰ্দেশত্মক নীতি ৰূপায়ণ কৰিবলৈ সংসদে মৌলিক অধিকাৰ খৰ্ব কৰিব পৰা আইন প্ৰণয়ন কৰিব পাৰেনে?


    ১৯৬৭ চন আৰু ১৯৭৩ চন মাজৰ সময়ছোৱাত সংসদ আৰু ন্যায়পালিকাৰ মাজৰ বিবাদে গুৰুতৰ ৰূপ ধাৰণ কৰিছিল। ভূমি সংস্কাৰ আইনৰ উপৰিওনিবাৰক নিৰোধ আইন, সংৰক্ষণ আই, ৰাজহুৱা স্বাৰ্থত ব্যক্তিগত সম্পত্তি নিয়ন্ত্ৰণ আইন, ক্ষতিপূৰণ প্ৰদান আইন ইত্য়াদি সংসদ আৰু ন্যায়পালিকাৰ মাজত সৃষ্টি হোৱা বিবাদৰ কিছুমান গুৰুত্বপূৰ্ণ উদাহৰণ।

     ১৯৭৩ চনত উচ্চতম ন্যায়ালয়ে এটা শুৰুত্বপূৰ্ণ ৰায়দান কৰিছিল । তেতিয়াৰ পৰাই এই ৰায়টোৱে সংসদ আৰু ন্যায়পালিকাৰ মাজৰ সম্পর্ক নিয়ন্ত্ৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে । এই শােচৰতে ' সেৱানন ভাৰতী ' নামেৰে বিখ্যাত । সংবিধানৰ এটা মূল গাঁথানি আছে আৰু ইয়াক কোনেও ভংগ কৰিব নােৱাৰে বুলি উচ্চতম ন্যায়ালয়ে এই গােচৰটোৰ ৰায়দানত ঘােষণা কৰিছিল । আনকি সংসদে সংবিধান সংশােধন কৰিও মূল গাঁথনিৰ পৰিৱৰ্তন কৰিব নােৱাৰে । এই ৰায়টোৰ দুটা উল্লেখনীয় দিশ আছিল ৷ ইয়াৰ প্রথমটো হ'ল— সম্পত্তিৰ অধিকাৰ সংবিধানৰ মূল গাঁথনিৰ অন্তর্ভূক্ত নহয় , গতিকে প্রয়ােজন সাপেক্ষে সম্পত্তিৰ অধিকাৰ উপযুক্তভাবে সংশােধন কৰিব পাৰি । দ্বিতীয়টো হ'ল—– সংবিধানৰ কোনাে এটা অংশ মূল গাঁথনিৰ অন্তর্ভুক্ত হয়নে নহয় তাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উচ্চতম ন্যায়ালয়ে নিজৰ হাতত সংৰক্ষিত কৰি ৰাখিছে । সম্ভৱত , এইটো উচ্চতম ন্যায়ালয়ৰ সংবিধান ব্যাখ্যাৰ ক্ষমতা প্রয়ােগৰ এক উৎকৃষ্ট উদাহৰণ । 

    কেশৱানন্দ ভাৰতী গােচৰৰ ৰাটোৱে বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজৰ বিবাদৰ প্রকৃতি সলনি কৰিছে । ইতিমধ্যে আমি আগৰ অধ্যায়ত পাই আহিছে যে ১৯৭৯ চনত মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ কৰ্তন কৰা হৈছে । অৱশ্যে , কিছুমান বিষয়ত বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত এতিয়াও বিবাদ চলি আছে।ন্যায়পালিকাই বিধানমণ্ডলৰ কামত হস্তক্ষেপ আৰু নিয়ন্ত্রণ কৰিব পাৰেনে সংসদীয় শাসন ব্যৱস্থাত বিধানমণ্ডলে নিজৰ সদস্যসকলৰ আচৰণ আৰু কাৰ্য্য নিয়ন্ত্রণ কৰিব পৰা ক্ষমতা আছে । বিধানমণ্ডলৰ বিশেষাধিকাৰ ভংগ কৰাৰ অপৰাধত দোষী ব্যক্তিক বিধানমণ্ডলে শাস্তি দিব পৰা ক্ষমতা আছে । এইখিনিতে প্রশ্ন হয় বিধানমণ্ডলৰ বিশেষাধিকাৰ ভংগৰ অপৰাধত দোষী ব্যক্তি এজনে ন্যায়পালিকাৰ সহায় বিচাৰিব পাৰেনে ? যদি বিধানমণ্ডলে ইয়াৰ সদস্য এজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে , তেওঁ আদালত সুৰক্ষণ বিচাৰি পাৰেনে ? এই বিষয়সমূহ এতিয়াও সমাধান হােৱা নাই , যাৰ যত বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত তীব্র মতবিৰােধ সৃষ্টি হৈ আছে । সংবিধান অনুসৰি ন্যায়াধীশৰ আচৰণ সম্পর্কে সংসদত আলােচনা কৰিব নােৱাৰি । সংসদ আৰু বিধানমণ্ডলে ন্যায়পালিকাৰ কাৰ্য্য সম্পর্কে অশােভনীয় মন্তব্য দিয়াৰ উদাহৰণ আছে । আনহাতে , ন্যায়পালিকাই বিধানমণ্ডল সমালােচনা কৰিছে আৰু বিধায়নী কাৰ্য্য পৰিচালনা সম্পর্কে নির্দেশ দিছে । ন্যায়পালিকাৰ এনেধৰণৰ কাৰ্য্যই সংসদীয় সার্বভৌমত্বৰ নীতিত আঘাত হানিছে বুলি বিধানমণ্ডলে মন্তব্য কৰিছে ।

    এইধৰণৰ বিতৰ্কিত বিষয়সমূহে চৰকাৰৰ প্ৰধান অংগবোৰৰ মাজৰ এক জটিল সম্পৰ্ক প্ৰতিফলিত কৰিছে। তদুপৰি চৰকাৰৰ প্ৰতিটো অংগই পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰাটো গণতন্ত্ৰৰ বাবে কিমান গুৰুত্বপূৰ্ণ ইয়াৰ পৰাই বুজিব পাৰি। গণতান্ত্ৰিক শাসনত চৰকাৰৰ অংগবোৰৰ মাজত এক সুস্থ ক্ষমতাৰ ভাৰসাম্য বৰ্তি থকা প্ৰয়োজন।

type sumit Patar

Class 11Political Science