স্বাধীন ভাৰতৰ স্থানীয় চৰকাৰ

স্থানীয় চৰকাৰ সংবিধানৰ ৭৩ নং আৰু ৭৪ নং সংশােধনীৰ পিছত সক্রিয় হৈ উঠিছিল । কিন্তু ইয়াৰ আগতেও স্থানীয় প্রশাসনৰ উন্নয়নৰবাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । প্ৰথমতে ১৯৫২ চনত সামূহিক উন্নয়ন চিনিয়ে ( Community Development Programme ) স্থানীয় উন্নয়নমূলক বিছান কার্যত জনসাধাৰণৰ অংশগ্ৰহণৰ ব্যৱস্থা কৰিছিল । এইক্ষেত্ৰত স্থানীয় পর্যায়ত তিনিখলপীয়া পঞ্চায়তৰাজ ব্যৱস্থা প্রবর্তন কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল । কিছুমান ৰাজ্যই ( গুজৰাট , মহাৰাষ্ট ) ১৯৬০ চনতে নির্বাচিত স্থানীয় পৰিষদ গঠন কৰিছিল । কিন্তু বহুতাে ৰাজ্যত এই স্থানীয় গােটবােৰৰ স্থানীয় উন্নয়নমূলক কাম কাজ চোৱা - চিতা কৰিবলৈ যথেষ্ট ক্ষমতা আৰু কার্য নাছিল । এইবােৰে আর্থিক সাহায্যৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল । বহুতাে ৰাজ্যই এনেকুৱা নির্বাচিত স্থানীয় গােট গঠন কৰাটো প্রয়ােজনীয় বুলি ভবা নাছিল । বহু ক্ষেত্ৰত স্থানীয় গােটসমূহ ভংগ কৰি দিয়া হৈছিল আৰু স্থানীয় চৰকাৰৰ দায়িত্ব চৰকাৰী বিষয়াৰ হাতত অৰ্পণ কৰা হৈছিল । বহুতাে ৰাজ্যৰ স্থানীয় গােটৰ নির্বাচন পৰােক্ষ আছিল । আন বহুতাে ৰাজ্যত স্থানীয় গােটৰ নির্বাচন সময়ে সময়ে স্থগিত ৰখা হৈছিল ।

     ১৯৮৭ চনৰ পিছত স্থানীয় প্রশাসনীয় অনুষ্ঠানৰ কাৰ্যাৱলীৰ ওপৰত বিতংভাৱে পুনৰ নিৰীক্ষণ কৰা হৈছিল । ১৯৮৯ চনত পি . কে , থাংগন ( P. K. Thangan ) কমিটীয়ে স্থানীয় প্রশাসন সাংবিধানিক স্বীকৃতি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছিল ।

Type Sumit Patar

Class 11 Political Science