অনুমান

অনুমানঃ

    অনুমান হ'ল একপ্ৰকাৰ মানসিক ক্ৰিয়া। সাধাৰণতে মানসিক ক্ৰিয়া তিনি প্ৰকাৰৰ- চিন্তা, ইচ্ছা আৰু অনুভূতি (Thinking, Willing And Feeling)। অনুমান হ'ল চিন্তাৰ লগত জড়িত মানসিক ক্ৰিয়া। চিন্তা কৰিব নোৱাৰিলে অনুমান কৰিব নোৱাৰি। তৰ্কবিজ্ঞানৰ সংজ্ঞাত কোৱা হয় যে 'তৰ্কবিজ্ঞান অনুমান সম্পৰ্কীয় বিজ্ঞান।' যদিও এই সংজ্ঞাটো তৰ্কবিজ্ঞানৰ সম্পূৰ্ণ সংজ্ঞা নহয়, তথাপি ইয়াৰ পৰা স্পষ্ট হয় যে 'অনুমান' তৰ্কবিজ্ঞানৰ গুৰুত্বপূৰ্ণ আলোচনাৰ বিযয়।

    'যি মানসিক প্ৰকিয়াৰ দ্বাৰা এক বা একাধিক জ্ঞাত সত্যৰ ভিত্তিত কোনো অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায় তাক অনুমান বোলে।'

    উদাহৰণ-

(1) সকলো মানুহ মৰণশীল ৰাধাকৃষ্ণণ হয় মানুহ                                         আশ্ৰয়বাক্য়

ஃ ৰাধাকৃষ্ণণ হয় মৰণশীল।- সিদ্ধান্ত

(2) ছক্ৰেটিছ হয় মৰণশীল প্লেটো হয় মৰণশীল এৰিষ্টটল হয় মৰণশীল         আশ্ৰয়বাক্য়

ஃ সকলো মানুহ হয় মৰণশীল।- সিদ্ধান্ত

    অনুমানত আমি এক বা একাদিক জ্ঞাত সত্যৰ ভিত্তিত নতুন সত্যত উপনীত হওঁ। এপৰৰ প্ৰথম উদাহৰণটোত আমি প্ৰথম দুটা জ্ঞাত সত্যৰ ভিত্তিত নতুন সত্য 'ৰাধাকৃষ্ণণ হয় মৰণশীল' শিদ্ধান্তলৈ আহিছো। দ্বিতীয় উদাহৰণটোত প্ৰথম তিনিটা জ্ঞাত সত্যৰ ভিত্তিত 'সকলো মানুহ হয় মৰণসীল' নতুন অজ্ঞাত সিদ্ধান্তলৈ আঙিছো। এইদৰে জ্ঞাত বা প্ৰত্যক্ষ জ্ঞানৰ ভিত্তিত পৰোক্ষ জ্ঞান বা নতুন জ্ঞান লাভেই হৈছে অনুমানৰ মূল উদ্দেশ্য।

অনুমান আৰু যুক্তিঃ

    তৰ্কবিজ্ঞানৰ মূল আলোচ্য বিষয় হৈছে যুক্তি। প্ৰত্যেক যুক্তিতে এক বা একাধিক বচনৰ সহায়ত এটা নতুন বচন প্ৰতিষ্ঠা কৰা হয়। সেয়েহে প্ৰত্যেক যুক্তিতে দুটা অংশ থাকে- আধাৰ বচন বা যুক্তিবাক্য বা আশ্ৰয়বাক্য আৰু সিদ্ধান্ত। যিবোৰ বচনৰ সহায়ত সিদ্ধান্ত বা নতুন সত্যটো প্ৰতিষ্ঠা কৰা হয় তাক আশ্ৰয়বাক্য বা আধাৰ বচন বা যুক্তিবাক্য বোলা হয় আৰু আধাৰ বচনৰ বা আশ্ৰয়বাক্যৰ ওপৰত ভিত্তি কৰি যি নতুন সত্যত উপনীত হোৱা যায় তাক কোৱা হয় সিদ্ধান্ত।

    সাধাৰণতে অনুমান আৰু যুক্তি একে অৰ্থত ব্যৱহাৰ কৰা হয়। তৰ্কবিজ্ঞানত দুয়োটাকে বিশেষ অৰ্থত ব্যৱহাৰ কৰা হয়। অনুমান হৈছে এক মানসিক প্ৰক্ৰিয়া অৰ্থাৎচিন্তাৰ এক প্ৰক্ৰিয়া। চিন্তাক যেতিয়া ভাষাত প্ৰকাশ কৰা হয় তেতিয়া অনুমানটোক যুক্তি (Argument) বোলা হয়। এি যুক্তিয়েই হৈছে তৰ্কবিজ্ঞানৰ বিষয়বস্তু।



অনুমানৰ প্ৰকাৰঃ

    যুক্তিৰ বিভিন্নতা অনুযায়ী বা প্ৰকাশভংগী অনুযায়ী অনুমানক দুটা ভাগত ভাগ কৰা হয়- নিগমন অনুমান (Deductive Inference) আৰু আগমন অনুমান (Inductive Inference)।

(a) নিগমন অনুমানঃ

    যি অনুমানত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত নাইবা আশ্ৰয়বাক্যত থকা সম্বন্ধতকৈ কম সাৰ্বিকতা থকা জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে।

    নিগমন অনুমানত আমি সামান্য বচনলৈ বা তাতকৈ কম সামান্য বচনলৈ আহোঁ। গতিকে নিগমন অনুমানৰ প্ৰধান বৈশিষ্ট হৈছে ইয়াৰ সিদ্ধান্ত কেতিয়াও আশ্ৰয়বাক্যতকৈ বেছি ব্যাপক হ'ব নোৱাৰে।

উদাহৰণ-

    সকলো কবি হয় দাৰ্শনিক (আশ্ৰয়বাক্য)

    ৰবীন্দ্ৰ নাথ হয় কবি (আশ্ৰয়বাক্য়)

    ஃ ৰবীন্দ্ৰ নাথ হয় দাৰ্শনিক (সিদ্ধান্ত)

    ওপৰৰ উদাহৰণটোত সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক হােৱা নাই। গতিকে ই নিগমন অনুমান। 

(b) আগমন অনুমানঃ 

    যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হােৱা যায় তাক আগমন অনুমান বােলে। 

উদাহৰণ— 

    ৰাম হয় মৰণশীল 

    হৰি হয় মৰণশীল 

    ஃ সকলাে মানুহ হয় মৰণশীল। 

    ওপৰৰ উদাহৰণটোত সিদ্ধান্তটো আশ্রয়বাক্যতকৈ বেছি ব্যাপক। কাৰণ সকলাে মানুহ হয় মৰণশীল’— সিদ্ধান্তটো কিছুমান বিশেষ বিশেষ দৃষ্টান্ত যেনে ৰাম, হৰি, যদু আদিৰ মৰণশীলতাৰ পৰা পােৱা গৈছে। গতিকে ই এটা আগমন অনুমান।

Type Himanku Bora