বচনৰ চতুবৰ্গীয় শ্ৰেণীবিভাগ (Four Fold Scheme of Proposition)ঃ

    আমি আগতে পাই আহিছাে যে গুণ অনুসৰি বচনক সদর্থক আৰু নঞর্থক এই দুটা ভাগত ভাগ কৰিব পাৰি আৰু পৰিমাণ অনুসৰি বচনক সামান্য আৰু বিশেষ এই দুটা ভাগত ভাগ কৰিব পাৰি। সার্বিক বা সামান্য বচন সদর্থকো হ'ব পাৰে নঞর্থকো হ’ব পাৰে। ঠিক তেনেদৰে বিশেষ বচনাে সদর্থকো হ'ব পাৰে নঞর্থকো হ’ব পাৰে। গতিকে গুণ আৰু পৰিমাণৰ মিশ্ৰনীতি অনুসৰি অর্থাৎ গুণগত আৰু পৰিমাণগত উভয় দিশৰ পৰা বচনক চাৰি ভাগত ভগােৱা হৈছে। 

যেনে- সার্বিক বা সামান্য সদর্থক, সার্বিক বা সামান্য নঞর্থক, বিশেষ সদর্থক, বিশেষ নঞর্থক। 

(1) সামান্য সদর্থক বচনঃ যি বচনত বিধেয় পদক সমগ্র উদ্দেশ্য পদ সম্পর্কে অর্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত প্রত্যেকৰ ক্ষেত্ৰতেই স্বীকাৰ কৰা হয় তাক সামান্য সদর্থক বচন বােলে। যেনে— সকলাে মানুহ হয় মৰণশীল। 

(2) সামান্য নঞর্থক বচনঃ যি বচনত বিধেয় পদক সমগ্র উদ্দেশ্য পদ সম্পর্কে অর্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত প্রত্যেকৰ ক্ষেত্ৰতেই অস্বীকাৰ কৰা হয় তাক সামান্য নঞর্থক বচন বােলে।

যেনে- কোনাে মানুহ নহয় পূর্ণ। 

(3) বিশেষ সদর্থক বচনঃ যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ এটা অংশ অর্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰতহে স্বীকাৰ কৰা হয় তাক বিশেষ সদর্থক বচন বােলে। যেনে— কিছুমান মানুহ হয় জ্ঞানী। 

(1) বিশেষ নঞর্থকঃ যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ এটা অংশ অর্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰতহে অস্বীকাৰ কৰা হয়। তাক বিশেষ নঞর্থক বচন বােলে। যেনে— কিছুমান মানুহ নহয় সাধু। 

    আলােচনাৰ সুবিধাৰ বাবে এই চাৰি প্ৰকাৰ বচনক সংক্ষেপে A, E, I আৰু 0 এই চাৰিটা সাংকেতিক চিনেৰে প্ৰকাশ কৰা হয়। সার্বিক সদর্থক বচন বুজাবলৈ ‘A’ সার্বিক নঞর্থক বচন বুজাবলৈ ‘E’ বিশেষ সদর্থক বচন বুজাবলৈ ‘I' আৰু বিশেষ নঞর্থক বচন বুজাবলৈ ‘O' প্রতীক ব্যৱহাৰ কৰা হয়। 

    মিশ্রনীতি (গুণ+পৰিমাণ) অনুসৰি 

(1) সার্বিক সদর্থক (A) সকলাে S হয় P 

(2) সার্বিক নঞর্থক (E) কোনাে S নহয় P 

(3) বিশেষ সদর্থক (I) কিছুমান S হয় P 

(4) বিশেষ নঞর্থক (O) কিছুমান S নহয় P 

    ইয়াত উদ্দেশ্যক সংক্ষেপে S আৰু বিধেয়ক P ৰে বুজোৱা হৈছে। 

 

ছাত্ৰ-ছাত্ৰীৰ বাবে কৰ্মসূচী

 

(1) প্ৰত্যয় আৰু অৱধাৰণৰ বিষয়ে শিকিলা। এতিয়া কেইটামান প্ৰত্যয় মনতে সংযোগ কৰি অৱধাৰণ গঠন কৰা।

(1) সচৰাচৰ ব্যৱহাৰ কৰা 12 টা বাক্য গুণ, পৰিমাণ, সম্বন্ধ আৰু তাৎপৰ্য অনুযায়ী বাচি উলিওৱা।

(1) বৰ্ণনামূলক বচনৰ বিষয়ে জানিলা। এতিয়া তোমাৰ অভিজ্ঞতাত পোৱা বৰ্ণনামূলকবচনৰ এখন তালিকা প্ৰস্তুত কৰা।



পাঠৰ মুলকথাঃ


    প্রত্যয় বুলিলে এটা সামান্য বা সাধাৰণ ধাৰণাক বুজা যায়। দুটা প্রত্যয় যেতিয়া মনতে পৰস্পৰক তুলনা কৰি সংযােগ কৰা হয় তেতিয়াই অৱধাৰণ গঠিত হয়। আনহাতে, ইয়াৰ পৰিণামটোকো অৱধাৰণ বুলি জনা যায়। তর্কবিজ্ঞানত কিন্তু পৰিণাম’ অর্থতহে ‘অৱধাৰণ’ শব্দটো ব্যৱহৃত হয়। অৱধাৰণক ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰিলে ই বচন হিচাপে পৰিগণিত হয়। 

বচনঃ  বচন হ’ল দুটা পদৰ মাজৰ সম্পৰ্কৰ উক্তি। বচনত তিনিটা অংশ পােৱা যায়। উদ্দেশ্য, সং   যােজক আৰু বিধেয়। উদ্দেশ্য আৰু বিধেয় দুয়ােটাই পদ কিন্তু সংযােজক পদ হ’ব নােৱাৰে। সংযােজক হ’ল পদ দুটাৰ মাজৰ সম্বন্ধসূচক চিন। 

বচনত যাৰ বিষয়ে কোৱা হয় তাক উদ্দেশ্য, উদ্দেশ্যৰ বিষয়ে যি কোৱা হয় তাক বিধেয় বােলে। উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ বুজোৱা চিন বা শব্দক সংযােজক বােলে। সংযােজক অকল ভূ-ধাতুৰ নিত্য বর্তমান কালৰহে হ’ব লাগে। সংযােজক সদর্থক বা নঞর্থক হ'ব পাৰে। বচনত সংযােজকটো ক্রম অনুযায়ী আৰু স্পষ্টকৈ থাকিব লাগে। 

    সকলাে বচনেই বাক্য হ'ব পাৰে কিন্তু সকলাে বাক্যই বচন হ’ব নােৱাৰে। গুণ অনুসৰি বচনক সদর্থক আৰু নঞর্থক বচনত ভাগ কৰা হয়, পৰিমাণ অনুসৰি বচনক সার্বিক বা সামান্য আৰু বিশেষ, সম্বন্ধ অনুসৰি বচনক নিৰপেক্ষ আৰু সাপেক্ষ, নিশ্চয়তা অনুসৰি অনিবার্য , বিৱৰণাত্মক আৰু সম্ভাৱ বচনত ভাগ কৰা হয়। 

    যি বচনত বিধেয় পদক উদ্দেশ্য পদ সম্পর্কে স্বীকাৰ কৰা হয় তাক সদর্থক বচন বােলে। যি বচনত বিধেয় পদক উদ্দেশ্য পদ সম্পর্কে অস্বীকাৰ কৰা হয় তাক নঞর্থক বচন বােলে। যি বচনত বিধেয়ক সমগ্র উদ্দেশ্য সম্পর্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক সার্বিক বা সামান্য বচন বােলে। যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশ সম্পর্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিশেষ বচন বােলে। বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ যদি কোনাে চৰ্তৰ ওপৰত নিৰ্ভৰ নকৰে, তেনেকুৱা বচনক নিৰপেক্ষ বচন বােলে। বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ যদি চৰ্তৰ ওপৰত নিৰ্ভৰ কৰে তেনেহ'লে তেনে বচনক সাপেক্ষ বচন বােলে। যদি বা ইয়াৰ সমার্থক কোনাে শব্দৰ জৰিয়তে সাপেক্ষ বচনৰ চৰ্তটো স্পষ্টভাৱে উল্লেখ থাকিলে তাক 1 সকল্পক বচন বােলে। যি সাপেক্ষ বচনত চৰ্তটো 7 স্পষ্টভাৱে উল্লেখ নাথাকে, অথচ হয়-নহয়’, নাইবা। 1 আদি শব্দ প্রয়ােগ কৰি বিকল্প এটা নিহিত হৈ থকাৰ ইংগিত দিয়ে তেনেকুৱা বচনক বিকল্পক বচন বােলে। সকল্পক বচনৰ গুণ বচনৰ পৰৱর্তী অংশৰ গুণৰ ওপৰত আৰু সকল্পক বচনৰ পৰিমাণ বচনৰ পূর্বৱর্তী অংশৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। গুণৰ ফালৰ পৰা সকলাে বিকল্পক বচনেই সদর্থক। পৰিমাণৰ দিশৰ পৰা বিকল্পক বচন সামান্যও হ'ব পাৰে আৰু বিশেষাে হ'ব পাৰে। উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ যদি ইয়াৰ মূল স্বৰূপৰ ওপৰত প্রতিষ্ঠিত হয় তেতিয়া বচনটো অনিবার্য বচন হয়। উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ অভিজ্ঞতাৰ ওপৰত প্রতিষ্ঠিত হলে বচন বর্ণনাত্মক হয়। উদ্দেশ্য আৰু বিধেয় পদৰ মাজৰ সম্বন্ধ যদি কেৱল সম্ভাৱনামূলক হয় তেনেকুৱা বচনক সম্ভাৱ্যমূলক বচন বােলে।

বচনৰ চতুবৰ্গীয় শ্ৰেণী বিভাগঃ গুণ আৰু পৰিমাণৰ সংযুক্ত বা মিশ্ৰনীতি অনুসৰি বচনক চাৰি ভাগত ভগোৱা৩ হয়ঃ

(1) সাৰ্বিক বা সামান্য সগৰ্থক 

(2) সাৰ্বিক বা সামান্য নঞৰ্থক 

(3) বিশেষ সদৰ্থক আৰু 

(4) বিশেষ নঞৰ্থক

    এই চাৰি প্ৰকাৰ বচনক A, E, I আৰু O ৰ জৰিয়তে বুজোৱা হয়।

Type Himanku Bora