যৌগিক বচন

    দুই বা তাতোধিক সৰল বচন সংযোজন কৰি একক ৰূপত যি বচন গঠন কৰা হয়, তাকে যৌগিক বচন বোলে। যেনে- ড° ভবেন্দ্ৰ নাথ শইকীয়া এজন নাট্যকাৰ আৰু ঔপন্যাসিক।

    ওপৰৰ উদাহৰণটোত 'আৰু' সংযোজকৰ দ্বাৰা দুটা সৰল বচন- '(i) ড° ভবেন্দ্ৰ নাথ শইকীয়া হয় এজন নাট্যকাৰ আৰু (ii) ড° ভবেন্দ্ৰ নাথ শইকীয়া হয় এজন ঔপন্যাসিক'ক সংযোগ কৰি এটা বচনৰ ৰূপত প্ৰকাশ কৰা হৈছে। যৌগিক বচনত যিহেতু উপাদানৰূপে এটাতকৈ বেছি সৰল বচন নিহিত হৈ থাকে; গতিকে এনে বচনক আণৱিক বচনো (Molecular Proposition) বোলা হয়। যৌগিক বচন চাৰি প্ৰকাৰৰ-

(a) সংযোজক বচন (Conjunctive Proposi-tion)

(b) নিহিতাৰ্থক বচন (Implicative Proposi-tion)

(c) বিয়োজক বচন (Disjunctive Proposi-tion)

(d) বৈকল্পিক বচন (Alternative Proposi-tion)

(a) সংযোজক বচনঃ যি যৌগিক বচনত দুটা সৰল বচনক 'আৰু', 'কিন্তু' আদি শব্দ দুটাৰ দ্বাৰা সংযোগ কৰি গঠন কৰা হয় তাকে সংযোজক বচন বোলে। যেনে- আকবৰ এজন জ্ঞানী ৰজা আৰু তানসেন এজন সুগায়ক আছিল। 

কবীৰ এজন সমাজ সংস্কাৰক কিন্তু তেওঁ নিৰক্ষৰ আছিল।

(b) নিহিতাৰ্থক বচনঃ যি যৌগিক বচনত দুটা সৰল বচনক 'যদি........তেন্তে' শব্দ দুটাৰ দ্বাৰা সংযোগ কৰি গঠন কৰা হয় তাকে নিহিতাৰ্থক বচন বোলে। যেনে- যদি অসমৰ জনগণ কৰ্মপটু হয় তেন্তে অসমৰ   অন্নতি হ'ব।

এনে বচনক 'যদি'ৰ পিছৰ অংশক পূৰ্বৱৰ্তী আৰু 'তেন্তে'ৰ পিছৰ অংশক পৰৱৰ্তী বা অনুৱৰ্তী বোলা হয়। এই ক্ষেত্ৰত পূৰ্বৱৰ্তী অংশই অনুৱৰ্তী অংশক নিৰ্দেশ কৰে। ইয়াত নিৰ্দেশ কৰা  অংশক সমন্ধক আৰু যিটো অংশক নিৰ্দেশ কৰে সেই অংশক সংশ্লিষ্ট বা নিহত বোলে।

(c) বিয়োজক বচনঃ যি যৌগিক বচনত দুটা সৰল বচনক 'বা', 'অথবা', 'নাইবা' আদি শব্দৰ দ্বাৰা সংযোগ কৰা হয় আৰু অভিব্যাপি অৰ্থত প্ৰকাশ কৰা হয় তাকে বিয়োজক বচন বোলে। যেনে-

    হয় তুমি মাছ খোৱা নাইবা মাংস খোৱা।

    ৰাতুল অহংকাৰী নহয় নাইবা দুষ্টও নহয়।

    এনে বচনত অভিব্যাপ্ৰ অৰ্থ হ'ব- হয়...... নহয়...... আৰু উভয়েই। অৰ্থাৎ যিকোনো এটা একান্তৰ (এটা অংশ) বা উভয় একান্তৰ সত্য বা একেলগে অসত্য হ'ব পাৰে।

(d) বৈকল্পিক বচনঃ যি যৌগিক বচনত দুটা সৰল বচনক 'বা, নাইবা' হয়....... নহয় আদি শব্দৰ দ্বাৰা সংযোগ কৰা হয় আৰু বচনটো ঐকান্তিক অৰ্থত প্ৰকাশ কৰা হয় তাকে বৈকল্পিক বচন বোলে। যেনে-

    হয় শ্বেক্সপিয়েৰ পুৰুষ নহয় মহিলা।

    খেলখনত ভাৰত অথবা অষ্টেলিয়া জিকিব।

    এনে বচনত ঐকান্তিকৰ অৰ্থ হ'ব- হয়......... নহয়......... আৰু কিন্তু উভয়েই নহয়। অৰ্থাৎ যিকোনো এটা অকান্তৰ সত্য হ'ব, উভয়েই নহয়। 

Type Himanku Bora