সাধাৰণ বচন

    শ্ৰেণী সম্পৰ্কীয় বচনেই মুলতঃ সাধাৰণ বচন। ইয়াৰ উপৰিও যি বচনত কোনো বস্তুৰ অস্তিত্ব নাইবা সকলো বস্তু সম্পৰ্কত কোনো গুণ বা ধৰ্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় নাইবা দুটা শ্ৰেণীৰ মাজত সম্বন্ধ স্থাপন কৰা হয় তাকে সাধাৰণ বচন বোলে। যেনে-

(i) গঁড় আছে

(ii) সকলো বস্তু পৰিৱৰ্তনশীল

(iii) সকলো দাৰ্শনিক হয় মানুহ সাধাৰণ বচন তিনি প্ৰকাৰৰ-

(a) অস্তিত্বমূলক সাধাৰণ বচন

(b) এক বিধেয়যুক্ত সাধাৰণ বচন

(c) শ্ৰেণী সম্পৰ্কীয় সাধাৰণ বচন

(a) অস্তিত্বমূলক সাধাৰণ বচনঃ যি সাধাৰম বচনত কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাৰে অস্তিত্বমূলক সাধাৰণ বচন বোলে। যেনে-

    গঁড় আছে।

    কোনো দেৱতা নাই।

    বচনকেইটাৰ অৰ্থ হৈছে যে এই পৃথিৱীত গঁড়ৰ অস্তিত্ব আছে দেৱতাৰ অস্তিত্ব নাই।

(b) এক বিধেয়যুক্ত সাধাৰণ বচনঃ যি সাধাৰণ বচনত এই জগতৰ সকলো বস্তু সম্পৰ্কে কোনো গুণ বা ধৰ্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকে এক বিধেয় যুক্ত সাধাৰণ বচন বোলে। যেনে-

    সকলো বস্তু গতিশীল।

    এনে বচনত উদ্দেশ্য পদৰ স্থানত যিকোনাে বস্তুকে গ্রহণ কৰিব পাৰি, কিন্তু বিধেয় পদ ‘গতিশীল’ সকলােৰে লগত সংযুক্ত হ’ব; কিয়নাে জগতৰ যিকোনাে বস্তুৱেই গতিশীল। গতিকে এটা বিধেয় পদেই যিকোনাে উদ্দেশ্য পদ সামৰিব অর্থাৎ উদ্দেশ্য সলনি হ'লেও বিধেয় এটাই হ’ব। 

(c) শ্রেণী সম্পৰ্কীয় সাধাৰণ বচনঃ শ্রেণী সম্পর্কীয় সাধাৰণ বচনত দুটা শ্ৰেণীৰ বা জাতিৰ মাজত সার্বিক বা আংশিক অন্তর্ভূক্তি অথবা বহিষ্কৰণৰ সম্পর্ক প্রকাশিত হয় তাকে শ্রেণী সম্পর্কীয় সাধাৰণ বচন বােলে।

    এনে বচন চাৰিটা ভাগত ভগাব পাৰি। যেনে-

(a) সকলো দাৰ্শনিক হয় মানুহ।

(b) কোনো মানুহ নহয় দেৱতা।

(c) কিছুমান মানুহ হয় পৰিশ্ৰমী।

(d) কিছুমান ৰাজনীতিবিদ নহয় ধাৰ্মিক। 

    ওপৰৰ উদাহৰণ কেইটাও দুটা শ্ৰেণীৰ মাজত পৰিমাণগত দিশতন অন্তৰ্ভুক্ত বা বহিষ্কৰণ দেখুওৱা হৈছে।

পাঠৰ মূলকথাঃ 

1. আধুনিক তৰ্কবিদসকলে বচনৰ পৰম্পৰাগত শ্ৰেণীবিভাজন গ্ৰহণ কৰা নাই।

2. বচনৰ আধুনিক শ্ৰেণীবিভাজনে বচনত ব্যৱহাৰ হোৱা উপাদানসমূহৰ সাংগঠনিক বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব দিয়ে।

3. বচন মূলতঃ তিনি প্ৰকাৰৰ- সৰল, যৌগিক আৰু সাধাৰণ।

4. কেৱল এটা উক্তি বিশিষ্ট বচনেই হ'ল সৰল বচন। গতিকে সৰল বচনক পাৰমাণৱিক বচন বোলৱা হয়। আনহাতে যৌগিক বচনত এটাতকৈ বেছি সৰল বচন উপাদানৰূপে থাকে আৰু সেয়ে এনে বচনক আণৱিক বচন বোলা হয়। 

5. সৰল আৰু যৌগিক বচনৰ চাৰিটাকৈ প্ৰকাৰ আছে-

সৰলঃ (a) উদ্দেশ্যবিহান

(b) উদ্দেশ্য-বিধেয়-আকাৰ

(c) সমন্ধাত্মক 

(d) শ্ৰেণীসদস্যতামূলক.

যৌগিকঃ (a) সংযোজক 

(b) নিহিতাৰ্থক

(c) বিয়োজক

(d) বৈকল্পিক।

6. সাধাৰণ বচন শ্রেণী সম্পর্কীয় বচন। এনে বচন সৰল নাইবা যৌগিক বচনৰ পৰা সম্পূর্ণ পৃথক। 

(a) ই সৰল বচনৰ পৰা পৃথক, কিয়নাে সৰল বচনৰ (শ্রেণীসদস্যতামূলক বচন) দৰে সাধাৰণ বচনত কেৱল বিধেয় পদটোৱেই এটা শ্রেণী নহয়, উদ্দেশ্য আৰু বিধেয় দুয়ােটা পদেই এটা এটা শ্রেণী বুজায়। 

(b) ই যৌগিক বচনৰ পৰাও পৃথক, কিয়নাে যৌগিক বচনৰ দৰে এনে বচনত সৰল বচন উপাদানৰূপে নাথাকে। 

(c) সাধাৰণ বচনত সৰল বচনৰ দৰে বিধেয়। পদটোৱে উদ্দেশ্য পদটোৰ কেৱল গুণ প্রকাশ (বিধেয়ন) নকৰে। উদ্দেশ্য আৰু বিধেয়ৰ দুটা শ্ৰেণীৰ মাজত সম্পর্কহে প্রকাশ কৰে। (d) সাধাৰণ বচনত দুটা শ্ৰেণীৰ মাজত পৰিমাণগত দিশত অন্তর্ভুক্তি বা বহিষ্কৰণৰ সম্পর্ক প্রকাশ হয়।

Type Himanku Bora